ক'অপাৰেশ্বন মন্ত্ৰালয়

অটোম’বাইল খণ্ডৰ শীৰ্ষ উদ্যোগপতিসকলৰ ক’ভিড-১৯ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা

খণ্ডটোৰ পুনৰুজ্জীৱিতকৰণৰ পদক্ষেপ, জীৱিকা আৰু সম্পদৰ মবিলাইজেছনৰ আলোচনা কৰা হৈছেঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

Posted On: 30 APR 2020 4:32PM by PIB Guwahati

কেন্দ্ৰীয় গধূৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যম বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি ভাৰতীয় অটোম’বাইল খণ্ডৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত উদ্যোগখণ্ডটোত পৰা প্ৰভাৱ আৰু উদ্যোগপতিসকলৰ পৰামৰ্শ আদি বিবেচনা কৰাৰ বাবে বৈঠকত মিলিত হয়৷

এই বৈঠকখন ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত কৰা হয় আৰু খণ্ডটোৰ পুনৰুজ্জীৱিতকৰণ, জীৱিকাসম্পদৰ মবিলাইজেছন সন্দৰ্ভত আলোচনা কৰা হয়৷ এই সন্দৰ্ভত শ্ৰী জাভাড়েকাৰে কয় যে কৰ্মত যোগদান কৰাৰ পূৰ্বে বিভিন্ন কাৰ্যকৰী পৰামৰ্শ যেনে অনলাইন পঞ্জীয়ন, বিক্ৰী কেন্দ্ৰসমূহৰ ছেনিটাইজেছন, দুজন কৰ্মীৰ মাজত শাৰীৰিক ব্যৱধান আদি পদক্ষেপসমূহৰ বিষয়ে বৈঠকত আলোচনা কৰা হৈছে৷ উদ্যোগপতিসকলে উদ্যোগটোৰ মূল্য শৃংখলাৰ পুনৰ মুকলি, ডীলাৰশ্বীপসমূহৰ প্ৰতি সমৰ্থন, নিয়োজন সমৰ্থন, চাহিদা বৃদ্ধিৰ ব্যৱস্থা আদি বিষয়সমূহৰ ওপৰত পৰামৰ্শ প্ৰদান কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপৰোক্ত সকলো সমস্যাসমূহ অন্যান্য মন্ত্ৰালয়ৰ সৈতে চালি-জাৰি চাই সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷

 

 

***

GK/MANN



(Release ID: 1619613) Visitor Counter : 180