বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
স্বদেশী ৰেপিড টেষ্ট আৰু আৰটি-পিচিআৰ চিকিৎসা সঁজুলি উৎপাদনত মে’ ২০২০ৰ ভিতৰত আত্ম-নিৰ্ভৰশীল হ’ব দেশঃ ড০ হৰ্ষ বৰ্ধন
ক’ভিড-১৯ সমস্যা সমাধান দ্ৰুতগতিত বিকাশ সাধন কৰাৰ বাবে বিজ্ঞানীসকলক প্ৰশংসা ড০ হৰ্ষ বৰ্ধনৰ
ভাইৰাছৰ চিকিৎসা কৰিব পৰা অতি কমেও ছয় প্ৰকাৰৰ ভেকচিনৰ কাম চলি আছে আৰু ইয়াৰে চাৰিটাৰ গৱেষণা অন্তিম পৰ্যায়ত আছেঃ হৰ্ষ বৰ্ধন
Posted On:
28 APR 2020 6:36PM by PIB Guwahati
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা পৃথিৱী বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি এক ভিডিঅ’ কনফাৰেন্সিংযোগে জৈৱ প্ৰযুক্তি বিভাগ(ডিবিটি) আৰু ইয়াৰ স্বতন্ত্ৰ সংস্থা বিআইআৰএচি তথা বিআইবিচিঅ’এলৰ দ্বাৰা ক’ভিড সংকটৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ ভেকচিন তথা স্বদেশী ৰেপিড টেষ্ট আৰু আৰটি-পিচিআৰ চিকিৎসা সঁজুলি বিকশিত কৰাৰ বিভিন্ন প্ৰচেষ্টাৰ পৰ্যালোচনা কৰে৷
ডিবিটিৰ সচিব ডা০ ৰেণু স্বৰূপে কয় যে ডিবিটিয়ে ক’ভিড নিৰ্মূলকৰণৰ তাৎক্ষণিক সমাধানৰ লগতে দীৰ্ঘকালীন প্ৰস্তুতিৰ বাবে এক বহুপাক্ষিক অনুসন্ধান কৌশল আৰু কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে৷ এই বহুপাক্ষিক প্ৰচেষ্টাত ক’ভিডৰ বাবে ভাইৰাছ বিৰোধী ভেকচিন বিকশিত কৰাৰ লগতে হোষ্ট আৰু পেথ’জেনৰ ক্ষেত্ৰত স্বদেশী চিকিৎসাৰ জিন’মিক গৱেষণাও অন্তৰ্ভূক্ত কৰা হৈছে৷ জৈৱ প্ৰযুক্তি উদ্যোগ অনুসন্ধান সাহায্য পৰিষদ(বিআইআৰএচি)এ চিকিৎসা, ভেকচিন, ন’বেল থেৰাপেটিকছ তথা ঔষধৰ অন্য ধৰণে ব্যৱহাৰ অথবা বেলেগ ধৰণৰ উপায় গ্ৰহণৰ বাবে এক ক’ভিড গৱেষণা সংঘ গঠন কৰাৰ কথা উল্লেখ কৰে৷
ডিবিটিৰ বৈজ্ঞানিকসলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এণ্টিভাইৰেল ঔষধ বিকশিত কৰা সম্ভাৱনাৰ বিভিন্ন কৌশলৰ সন্দৰ্ভতো অৱগত কৰা হয়৷ তেওঁক এইটো কথাও জনোৱা হয় যে ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা লোকৰ শৰীৰৰ পৰা কিদৰে প্ৰতিৰোধক তত্বক ক’ভিডৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ বাবে আহৰণ কৰিব পাৰে৷ স্বাস্থ্যমন্ত্ৰীক ডিবিটিৰ এআইসমূহৰ দ্বাৰা কেণ্ডিডেট ভেকচিন বিকশিত কৰাৰ অনুসন্ধানৰ সম্পৰ্কেও জনোৱা হয়৷ এই ক্লিনিকেল টেষ্টৰ পূৰ্বে অৱধাৰণা আৰ ইমিউনিচিটী আৰু সুৰক্ষা মুল্যাংকনৰ প্ৰমাণক প্ৰদৰ্শিত কৰাৰ উদ্দেশ্যে পূৰ্বৰ পৰীক্ষণৰ অধ্যয়ন বিভিন্ন পৰ্যায়ত কৰা হৈছে৷ বৰ্তমান ইয়াৰে প্ৰায় ৯টাৰ অধ্যয়ন প্ৰাৰম্ভিক অৱস্থাত আছে৷
আনুবংশিক অনুক্ৰমণৰ বিষয়ে আলোচনা কৰি ড০ হৰ্ষ বৰ্ধনে কয়, “এই আনুবংশিক অনুক্ৰমণৰ প্ৰয়াসে ২৬ বছৰৰ পূৰ্বে পলিঅ’ বিৰোধী অভিযানৰ মনত পেলাই দিয়ে৷ পলিঅ’ অভিযানৰ অন্তিম পৰ্যায়ত দেশত তীব্ৰ পক্ষাঘাটৰ বিষয়বোৰ চিনাক্ত কৰাৰ বাবে সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা হৈছে৷ সেই সময়তো পলিঅ’ ভাইৰাছৰ সংক্ৰমণৰ অৱস্থা জনাৰ বাবে আনুবংশিক অনুক্ৰমণৰ সহায় লোৱা হৈছিল, যাৰ জৰিয়তে পলিঅ’ নিৰ্মুলকৰণত সহায় কৰিছিল৷ ডিবিটিৰ বৈজ্ঞানিকসকলৰ দায়িত্বশীল প্ৰচেষ্টাৰ জৰিয়তে ভাৰত অহা মাহৰ শেষভাগত আৰটি-পিচিএ আৰু এণ্টিবডী পৰীক্ষণ কিটৰ উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হ’ব৷ ইয়াৰ দ্বাৰা পৰৱৰ্তী মাহৰ শেষভাগত প্ৰতিদিনে দৈনিক ১ লাখ লোকৰ পৰীক্ষণৰ লক্ষ্য পূৰ্ণ কৰাটো সম্ভৱ হৈ উঠিব৷” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন ভেকচিন, নতুন ঔষধ আৰু চিকিৎসা সঁজুলি বিকাশ সাধনে বৈজ্ঞানিকসকলৰ নিজৰ প্ৰচেষ্টা তীব্ৰ কৰাৰ বাবে প্ৰেৰিত কৰিছে৷ তেওঁ কয় যে অতি কমেও ছয় প্ৰকাৰৰ ভেকচিনৰ কাম চলি আছে আৰু ইয়াৰে চাৰিটাৰ কাম অন্তিম পৰ্যায়ত আছে৷ ইয়াৰ তাৎক্ষণিক প্ৰয়োগৰ অনুমোদন দিয়াৰ বাবে এক নিয়ামক মঞ্চৰ পৃথকে গঠন কৰা হ’ব৷
ভিডিঅ’ কনফাৰেন্সিঙত ডিবিটিৰ সচিব ড০ ৰেণু স্বৰূপৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, বৈজ্ঞানিক তথা বিআইআৰএচি আৰু বিআইবিচিঅ’এলৰ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে৷
***
KGS/DB
(Release ID: 1619311)