মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

দেশৰ সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন ব্যয় শিতানৰ বাৰ্ষিক পুঁজি ১০.৯৯শতাংশ বৰ্দ্ধনৰে ৮১০০কোটিলৈ বৃদ্ধিৰ ঘোষণা

Posted On: 28 APR 2020 6:22PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংক-য়ে আজি বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় ধোত্ৰেক লগত লৈ দেশৰ সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে এক আলোচনা সভাত মিলিত হয়। নতুন দিল্লীৰ পৰা সংযুক্ত হোৱা সভাখনত দেশৰ ২২খন ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষা সচিবে অংশ গ্ৰহণ কৰে। সভাত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ কেন্দ্ৰীয় সচিব শ্ৰীমতী অনিতা কাৰৱালৰ লগতে মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়া-বৰ্গয়ো ভাগ লয়।

সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ সকলোৰে বাবেই দুৰ্ভাগ্যজনক যদিও সংকটৰ মুহূৰ্তত সকলোৱে ধৈৰ্য আৰু সংযমৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই পৰিস্থিতিক নতুন মোৰ দি ন ন পৰীক্ষা-নিৰীক্ষাৰে ছাত্ৰ সমাজৰ সুৰক্ষা আৰু শিক্ষায়তনিক কল্যাণৰ বাবে অন্য এক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত ব্ৰতী হব লাগিব। তেওঁ সকলোৰে একত্ৰিত প্ৰয়াসৰে কৰোনাই সৃষ্টি কৰা এই সংকট সুকলমে অতিক্ৰম কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে দেশৰ ৩৩কোটি ছাত্ৰ-ছাত্ৰীয়ে যাতে সমস্যাৰ সন্মুখীন হবলগীয়া নহয় আৰু তেওঁলোকে যাতে শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে তাৰ বাবে সংশ্লিষ্ট সকলোৱে যত্পৰোনাস্তি প্ৰয়াস কৰিব লাগিব। এই সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ-গ্ৰহণৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে অন-লাইন শিক্ষাদানত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে দীক্ষা, স্বয়ম, স্বয়মপ্ৰভা, বিদ্যাদান ২.০, ই-পাঠশালা, দূৰদৰ্শনএডুকেশ্যনেল টিভি চেনেল, দিছ টিভি, টাটা স্কাই, জিঅ, এয়াৰটেল ডিটিএইচ আদিয়ে সম্প্ৰচাৰ কৰি থকা পাঠদান কাৰ্যসূচীসমূহৰ কথা উল্লেখ কৰে। ইতিমধ্যে এনচিইআৰটি-য়ে বিকল্প শিক্ষা-পঞ্জী ঘোষণা কৰিছে বুলি উল্লেখ কৰি তেওঁ ৰাজ্য চৰকাৰসমূহে স্থানীয় পৰিস্থিতি সাপেক্ষে এই সূচীৰ সদ্ব্যৱহাৰ কৰিব পাৰিব বুলি মন্তব্য কৰে। আনহাতে, শিক্ষানুষ্ঠানসমূহ খোলাৰ প্ৰসংগত তেওঁ এলানি সুৰক্ষা-বিধি যুগুতোৱাৰ দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে তেওঁ ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন ব্যয় শিতানৰ বাৰ্ষিক পুঁজি ১০.৯৯শতাংশ বৰ্দ্ধনৰে ৮১০০কোটিলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

মন্ত্ৰী শ্ৰী পোখ্ৰিয়ালে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহীসমূহৰ মূল্যায়ণ কৰাৰ লগতে এইক্ষেত্ৰত চিবিএছই-ক সহযোগিতা আগবঢ়াবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলকে আহ্বান জনায়।

******

 

NB /AKJ/AK/KB



(Release ID: 1619301) Visitor Counter : 310