ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আইএএছ বিষয়াসকলক অনলাইনযোগে প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰা লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অব্ এডমিনিষ্ট্ৰেচনক ড০ জিতেন্দ্ৰ সিঙৰ প্ৰশংসা
Posted On:
28 APR 2020 5:14PM by PIB Guwahati
ড’নাৰ মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ভিডিঅ’ কনফাৰেন্সযোগে লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অব্ এডমিনিষ্ট্ৰেচন (এলবিএছএনএএ)ৰ সঞ্চালক আৰু শিক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয়৷ বৈঠকৰ বিষয় আছিল ক’ভিড-১৯ সম্পৰ্কীয় সমস্যা আৰু প্ৰতিষ্ঠানটোৱে ইয়াৰ সৈতে কিদৰে মোকাবিলা কৰিছে৷ বৈঠকত মন্ত্ৰীগৰাকীক কিদৰে পৰ্যায়-১ৰ আইএএছ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণকে ধৰি বিভিন্ন কাৰ্যাৱলীৰ প্ৰত্যাশা অনুসৰি এছঅ’পি প্ৰস্তুত কৰা হৈছে, সেইবিষয়ে অৱগত কৰোৱা হয়৷ পাঠ্যক্ৰমসমূহ অনলাইনৰ জৰিয়তে সম্পন্ন কৰোৱা হৈছে৷ ঠিক সেইদৰে হোষ্টেলসমূহলৈ খাদ্য আৰু আৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ধৰাৰ লগতে প্ৰশিক্ষাৰ্থী বিষয়াসকলে কোঠালিসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিজে সম্পন্ন কৰিছে৷ তেওঁলোকক ক’ভিড-১৯ সম্পৰ্কীয় বিভিন্ন প্ৰণালীৰ জ্ঞান চলচ্চিত্ৰ, অনলাইন আলোচনা, এছাইনমেণ্ট আদিৰ জৰিয়তে প্ৰদান কৰা হৈছে৷
এলবিএছএনএএৰ সঞ্চালকে মন্ত্ৰীগৰাকীক ক’ভিড-১৯ৰ সমস্যা মোকাবিলা কৰাৰ বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে৷ প্ৰতিষ্ঠানখনে প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদানৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ লগতে জ্ঞান প’ৰ্টেল শীৰ্ষক নিজৰ প’ৰ্টেলৰ জৰিয়তে পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিছে৷ এই প’ৰ্টেলত ইণ্টাৰনেট ৰেডিঅ’ৰ সুবিধাও আছে৷
প্ৰশিক্ষাৰ্থী বিষয়াসকলকো বিভিন্ন কাৰ্যসূচীৰ সৈতে জড়িত কৰোৱাবলৈ উৎসাহিত কৰা হৈছে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিটো অংশই সামাজিক ব্যৱহাৰ আৰু স্বাস্থ্যবিধি সন্দৰ্ভত নিজৰ এছঅ’পি প্ৰস্তুত কৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা সকলো প্ৰট’ক’ল প্ৰতিষ্ঠানটোৱে পালন কৰিছে৷
ড০ জিতেন্দ্ৰ সিঙে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে আৰু এই সংকটৰ পৰা মুক্ত হ’বলৈ আন বহুতো প্ৰয়াস তেওঁলোকে কৰিব বুলি আশা প্ৰকাশ কৰে৷
<><><><><>
VG/SNC/MANN
(Release ID: 1619127)
Visitor Counter : 211