ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১০ ৰ দ্বাৰা সৃষ্টি হোৱা বিনিয়োগৰ পৰিৱেশৰ সদ্ব্যৱহাৰৰ পৰামৰ্শ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী সদানন্দ গৌড়াৰ

ভাৰতত কৃষি-ৰাসায়নিক প্ৰকল্পত বিনিয়োগৰ বাবে বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় ৰাষ্ট্ৰদূতলৈ প্ৰস্তাৱ প্ৰেৰণ HIL ৰ

ক’ভিড-১৯ ৰ প্ৰতিকূল পৰিৱেশতো অনবদ্য প্ৰদৰ্শন HIL (ইণ্ডিয়া) লিমিটেডৰ

Posted On: 27 APR 2020 5:52PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বাবে উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেমিকেলছ এণ্ড পেট্ৰ’কেমিকেলছ বিভাগে ইয়াৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ সুচাৰুৰূপে চলি থাকিবলৈ ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। লগতে বিভাগটোৱে ভাৰতৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰিবলৈ সুযোগ বিচাৰি থকা বিশ্বৰ বিভিন্ন স্থানৰ প্ৰতিষ্ঠানসমূহৰ সৈতে যুটীয়াভাৱে কাৰ্যাৰম্ভ কৰি প্ৰদৰ্শন উন্নত কৰিবলৈ এই প্ৰতিষ্ঠানসমূহক পৰামৰ্শ দিছে। কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াৰ নিৰ্দেশনা অনুসৰি বিভাগটোৱে এই পদক্ষেপসমূহ গ্ৰহণ কৰিছে। উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছিল যে ভাৰতীয় কৰ্প’ৰেটসমূহে, বিশেষকৈ এই মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে ক’ভিড-১৯ ৰ প্ৰতিকূলতাক বিদেশৰ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ এক অনবদ্য সুযোগলৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব লাগে।

এই পৰামংৰ্শ অনুসৰি এই বিভাগটোৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান HIL এ ইয়াৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে আৰু ইয়াৰ বাবে চীন, জাপান আৰু দক্ষিণ কোৰিয়াত থকা ৰাষ্ট্ৰদূতসকললৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। সংশ্লিষ্ট দেশসমূহত থকা ইচ্ছুক কৃষি-ৰসায়ন উৎপাদনকাৰীসকলক ভাৰতত এইচআইএলৰ সৈতে ব্যৱসায়িক চুক্তি সাপেক্ষে বিনিয়োগ কৰাৰ বাবে আহ্বান জনোৱাৰ বাবে এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। এই চুক্তিত উৎপাদন অথবা লীজ সাপেক্ষ পৰিকল্পনা অন্তৰ্নিহিত হৈ থাকিব।

শেহতীয়াকৈ ক’ভিড-১৯ ৰ প্ৰতিকূলতা সত্ত্বেও HIL এ অত্যাৱশ্যকীয় ৰাসায়নিক দ্ৰব্য যেনে স্বাস্থ্য খণ্ডত ডিডিটিৰ দৰে সামগ্ৰী আৰু কৃষি খণ্ডত বীজ আৰু কীটনাশক সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ অব্যাহত থকাটো নিশ্চিত কৰিছে।

ক’ভিড-১৯ ৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত HIL ৰ কাৰখানাবোৰো যথেষ্ট প্ৰভাৱিত হৈছে, তৎসত্ত্বেও কোম্পানীটোৱে বিগত ২৪ এপ্ৰিলত শেষ হোৱা সপ্তাহটোত বিক্ৰীৰ ক্ষেত্ৰত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই সময়ছোৱাতে প্ৰতিষ্ঠানটোৱে ৩৭.৯৯ মেট্ৰিকটন কৃষি-ৰাসায়নিক সামগ্ৰী বিক্ৰী কৰাৰ লগতে ৯৭ মেট্ৰিক টন ডিডিটি প্ৰেৰণ কৰিছে। তদুপৰি পেৰুলৈ প্ৰেৰণ কৰিছে ১০ মেট্ৰিক টন মাংকোজেব ৮০%। উল্লেখ্য যে HIL এ এক চুক্তিৰ খচৰাও প্ৰস্তুত কৰিছে, যিখন ল’কাষ্ট কণ্ট্ৰ’ল মেনেজমেণ্টৰ বাবে মেৱাথিঅ’ন টেকনিকেলৰ যোগানৰ বাবে কৃষি মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে।

********

RCJ /RKM/RD



(Release ID: 1618824) Visitor Counter : 101