বিত্ত মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        আইআৰএছ বিষয়াৰ পৰা কোনো প্ৰতিবেদন বিচৰা নাই, তদন্ত আৰম্ভ কৰা হৈছেঃ চিবিডিটি
                    
                    
                        
                    
                
                
                    Posted On:
                26 APR 2020 8:16PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড(চিবিডিটি)-এ আজি কয় যে ক’ভিড-১৯ৰ মোকাবিলা কৰিবলৈ একাংশ আইআৰএছ বিষয়াৰ পৰা পৰামৰ্শ বিচৰা বুলি ছ’চিয়েল মিডিয়াত কিছুমান প্ৰতিবেদন প্ৰকাশ পাই আছে৷ 
এয়া স্পষ্ট কৰা হ’ল যে চিবিডিটিয়ে কেতিয়াও আইআৰএছ এছ’চিয়েচন অথবা এই বিষয়াসকলক এনেধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা নাই৷ চৰকাৰী বিষয়ক লৈ পৰামৰ্শ আগবঢ়োৱা অথবা ব্যক্তিগত মতামত ৰাজহুৱা কৰাৰ পূৰ্বে তেওঁলোকে কোনো অনুমতি বিচৰা নাছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰচলিত আচৰণবিধি ভংগ কৰিছে৷  এই সন্দৰ্ভত প্ৰয়োজনীয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷
এই কথা পুনৰ উল্লেখ কৰা হ’ল যে এইধৰণৰ অসত্য প্ৰতিবেদনে চিবিডিটি/বিত্ত মন্ত্ৰালয়ৰ চৰকাৰী মতামতক প্ৰতিফলিত নকৰে৷ 
****
RM/KMN/MS
                
                
                
                
                
                (Release ID: 1618582)
                Visitor Counter : 257
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Kannada