বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

গৱেষণা তথা বিকাশভিত্তিক প্ৰযুক্তিগত সমাধান আৰু উত্পাদনৰ উপৰি ক’ভিড-১৯ৰ সন্ত্ৰাসৰ পৰা তাত্ক্ষণিক সকাহ পাব পৰাকৈ ‘হেণ্ড-ছেনিটাইজাৰ’, চাবোন আৰু বিজাণুনাশকৰ উত্পাদন-বিতৰণ কৰিছে ‘চিএছআইআৰ’-য়ে

Posted On: 25 APR 2020 4:11PM by PIB Guwahati

ৰোনা ভাইৰাছ বিৰোধী যুঁজখনৰ আৰম্ভণী হৈছে নিয়মীয়াকৈ হাত-ধোৱা প্ৰক্ৰিয়াৰে। এই সময়চোৱাত হস্ত-প্ৰখালন ব্যৱস্থাটোক আটাইকৈ গুৰুত্বপূৰ্ণ আৰু অগ্ৰণী প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে সমগ্ৰ পৃথিৱীয়ে গণ্য কৰিছে। এলকহল ভিত্তিক হেণ্ড ছেনিটাইজাৰে ভাইৰাছৰ প্ৰটিনযুক্ত বহিঃআস্তৰণখন ভেদ কৰি ইয়াক বিচ্ছিন্ন কৰাৰ পৰিণতিত ভাইৰাছটো নিপাত হয়। পিছে, শেহতীয়া পৰিস্থিতিত মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰাৰ মুহূৰ্তত হেণ্ড ছেনিটাইজাৰৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে সামগ্ৰীৰ আকাল হোৱাৰ বিপৰীতে বজাৰত বহু সময়ত ভেজাল সামগ্ৰীৰো পয়োভৰ ঘটা দেখিবলৈ পোৱা গৈছিল।

এনে এক পৰিস্থিতিৰ পূৰ্বানুমান কৰিয়ে চিএছআইআৰ-য়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ আধাৰত নিৰাপদ, অপ-ৰাসায়নিক দ্ৰব্য মুক্ত আৰু এলকহল ভিত্তিক প্ৰভাৱশালী হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰাৰ বাবে ইয়াৰ গৱেষণাগাৰসমূহত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে।

‘চিএছআইআৰ’-য়ে সদায়ে দেশে সন্মুখীন হোৱা জটিল সমস্যাযুক্ত বিষয়সমূহৰ গৱেষণা তথা বিকাশভিত্তিক প্ৰযুক্তিগত সমাধান আগবঢ়োৱাৰ লগতে ইয়াৰ আধাৰত কৰা উত্পাদনৰে সেৱা আগঢ়াই আহিছিল আৰু শেহতীয়া ভাবে ক’ভিড-১৯ৰ ক্ষেত্ৰতো বিভিন্ন গৱেষণাৰে ইয়াৰ ঔষধ আৰু প্ৰতিষেধক বিকশিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈছে যদিও ইয়াৰ সমান্তৰালভাবে ক’ভিড-১৯ৰ সন্ত্ৰাসৰ পৰা তাত্ক্ষণিক সকাহ পাব পৰাকৈ ‘হেণ্ড-ছেনিটাইজাৰ’, চাবোন আৰু বিজাণুনাশক প্ৰস্তুত কৰাৰ বাবেও আমাৰ পৰীক্ষাগাৰসমূহ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’ বুলি অভিমত ব্যক্ত কৰিছে চিএছআইআৰ-ৰ মহা নিৰ্দেশক ড০ শেখৰ চি মান্দেই।

এই পৰ্যন্ত ‘চিএছআইআৰ’-য়ে ইয়াৰ পৰীক্ষাগাৰসমূহত প্ৰায় ৫০,০০০লিটাৰ পৰিমাণৰ ‘হেণ্ড ছেনিটাইজাৰ’ আৰু বিজাণুনাশক উত্পাদন কৰাৰ উপৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ ১,০০,০০০ৰো অধিক লোকৰ মাজত বিতৰণ কৰিছে। প্ৰতিষ্ঠানটোৱে আৰক্ষী বাহিনী, পৌৰ নিকায়, বিদ্যুত যোগান পৰিকাঠামো, চিকিত্সা মহাবিদ্যালয়, হাস্পটাল, পঞ্চায়ত, বেংক আৰু অন্যান্য প্ৰতিষ্ঠান আদিলৈও এনে সামগ্ৰীৰ যোগান ধৰি দেশসেৱাৰ নিৰ্দশন ধৰিছে।

তদুপৰি, হেণ্ড ছেনিটাইজাৰ’ৰ দৰে সামগ্ৰী ব্যাপক পৰিমাণে প্ৰস্তুত কৰিব পৰাকৈ ‘চিএছআইআৰ’-য়ে ইয়াৰ পৰীক্ষাগাৰসমূহৰ নিকটৱৰ্তী অঞ্চলসমূহত থকা বহু সংখ্যক ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’ প্ৰতিষ্ঠানলৈ এই সংক্ৰান্তীয় প্ৰযুক্তি হস্তান্তৰণৰো পদক্ষেপ গ্ৰহণ কৰিছে।

 

****

KGS/(CSIR release)/KB



(Release ID: 1618382) Visitor Counter : 158