কৃষি মন্ত্ৰালয়
‘প্ৰত্যক্ষ বিপণনে’ মণ্ডীসমূহত ভিৰ হ্ৰাস কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত সময়মতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীতো সুবিধা প্ৰদান কৰিছে
प्रविष्टि तिथि:
25 APR 2020 7:57PM by PIB Guwahati
ভাৰত চৰকাৰে কৃষকসকলক প্ৰত্যক্ষ বিপণনৰ জৰিয়তে উপযুক্ত সুবিধা প্ৰদান কৰি উন্নত লাভৰ নিশ্চিতি প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷ ৰাজ্যসমূহকো ‘প্ৰত্যক্ষ বিপণন’ৰ ধাৰণাটোৰ বহুল প্ৰচাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে কৃষক/কৃষক গোট/এফপিঅ’/সমবায়সমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বৃহৎ ক্ৰেতা/বৃহৎ খুচুৰা ব্যৱসায়ী/সংসাধকসকলক বিক্ৰী কৰিব পাৰে৷
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ১৬ এপ্ৰিল ২০২০ তাৰিখে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ প্ৰেৰণ কৰা পত্ৰত প্ৰত্যক্ষ বিপণনৰ গুৰুত্ব সম্পৰ্কে দোহাৰি ষ্টেকহ’ল্ডাৰসকলক এই প্ৰক্ৰিয়া অৱলম্বন কৰিবলৈ উৎসাহিত কৰাৰ বাবে মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনোৱা হয়৷ কৃষকসকলৰ মাজত প্ৰত্যক্ষ বিপণনৰ প্ৰচাৰৰ বাবে বিভাগটোৱে ৰাজ্যসমূহলৈ এই সন্দৰ্ভত পৰামৰ্শৱলীও জাৰি কৰিছে৷ পাইকাৰী বজাৰত ভিৰ হ্ৰাস কৰিবলৈ তথা যোগান শৃংখলৰ উত্তৰণৰ বাবে ৰাষ্ট্ৰীয় কৃষিজাত বজাৰ (ই-নাম)ৰ অধীনত এফপিএ আৰু পণ্যগাৰভিত্তিক ব্যৱসায় শীৰ্ষক দুটা মডিউল অন্তৰ্ভুক্ত কৰা হৈছে৷
*****
APS/PK/MS/BA/MANN
(रिलीज़ आईडी: 1618371)
आगंतुक पटल : 281