অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সংকটকালত বিমান কৰ্মচাৰী আৰু ইয়াৰ অংশীদাৰসকলে কৰা অনবদ্য কামৰ বাবে মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ প্ৰসংশা

ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত লাইফলাইন উড়ান বিমানে ৩,৪৩,৬৩৫ কিলোমিটাৰ আকাশীপথ সামৰি লৈ স্থানান্তৰ কৰিলে ৫৯১ টন কাৰ্গো

Posted On: 24 APR 2020 5:27PM by PIB Guwahati

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰীয়ে জনাইছে যে ক’ভিড -১৯ সংকটৰ সময়ছোৱাত লাইফলাইন উড়ানৰ অধীনত সমগ্ৰ দেশতে নাগৰিকৰ জীৱন ৰক্ষাকাৰী মেডিকেল সামগ্রী আৰু অত্যাৱশ্যকীয় পণ্য সৰবৰাহৰ মাধ্যমেৰে বিমানচালক আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ প্রয়াস প্রশংসনীয়। এক টুইটযোগে মন্ত্রী সিঙে জনাইছে যে, লাইফলাইন উড়ানৰ অধীনত আজি পৰ্যন্ত সৰ্বমুঠ ৩,৪৩,৬৩৫ কিলোমিটাৰ আকাশী পথ অতিক্রম কৰিছে এই বিমানবোৰে। লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমান (আইএএফ) আৰু বেচৰকাৰী পণ্যবাহী ৩৪৭ খন বিমান চলাচল কৰিছে। ইয়াৰ ভিতৰত ২০৬ খন এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰ বিমান আছিল। এইপর্যন্ত এইসমূহ বিমানযোগে ৫৯১.৬৬ টন মাল পৰিবহন কৰা হৈছে।

মন্ত্ৰী সিঙে লগতে কয়, বিস্তাৰাৰ বিমানসমূহে ১৯-২৩ এপ্রিলৰ ভিতৰত ৮,৯৮৯ কিলোমিটাৰ আকাশী পথ অতিক্রম কৰি প্রায় ২০ টন মাল বহন কৰিছে। ইফালে স্পাইছজেটৰ বিমানসমূহে ২২ মার্চৰ পৰা ২৩ এপ্রিল পর্যন্ত ৫২২ টা পণ্যসম্ভাৰ বিমান চালনা কৰি ৭,৯৪৮৪ কিলোমিটাৰ পথ অতিক্রম কৰিছে আৰু ৩৯৯৩ টন মাল বহন কৰিছে। ইয়াৰ উপৰিও  ব্লু ডার্টৰ ১৮৪ খন পণ্যবাহী বিমান চালনা কৰা হৈছে।

আন্তর্জাতিক আকাশী পথত, ২৩ এপ্রিল, ২০২০ তাৰিখে এয়াৰ ইণ্ডিয়াযোগে হংকং আৰু গুৱানঝৌৰ পৰা ৬১ টন মেডিকেল পণ্য সামগ্ৰী আহিছে ভাৰতলৈ। ব্লু ডাৰ্টেও ১৪ এপ্রিলৰ পৰা ২০ এপ্রিলৰ ভিতৰত গুৱানঝৌৰ পৰা প্রায় ৮৬ টন চিকিৎসা সামগ্রী কঢ়িয়াই আনিছে।

****

RJ/NG/RD



(Release ID: 1618364) Visitor Counter : 128