ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্য্যালয়

বিশেষ দ্ৰোণ ব্যৱহাৰ কৰি বাৰাণসীত ক’ভিডৰ বিজাণুনাশকৰণ

प्रविष्टि तिथि: 23 APR 2020 6:41PM by PIB Guwahati

ভাৰতৰ ৰষ্ট্ৰীয় বিনিয়োগ প্ৰচাৰ সংস্থা ইনভেষ্ট ইণ্ডিয়াই ইয়াৰ ব্যৱসায় সুৰক্ষা মঞ্চ আৰু অগ্নি অভিযানৰ সৈতে লগলাগি বাৰাণসীত কভিডৰ বিজাণুনাশকৰণৰ বাবে এক বিশেষ দ্ৰোণৰ আৰ্হি প্ৰস্তুত কৰিছে।

চৰকাৰৰ ভিড-১৯ ৰ বিৰুদ্ধে যুঁজৰ ৰণনীতিৰ সৈতে খাপ খুৱাই স্থানীয় কৰ্তৃপক্ষক অধিক শক্তিশালী কৰি তুলিবলৈ চৰকাৰে প্ৰযুক্তিৰ সহায় লৈছে।

দ্ৰোণে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। বিপদজ্জনক হিচাপে চিহ্নিত নগৰাঞ্চলৰ বিশাল অঞ্চল কিছুমানত শাৰীৰিক দূৰত্ব বজাই ৰাখি সমুখ সমৰত ভাগ লোৱা কৰ্মীসকলক সুৰক্ষিত ৰাখি দ্ৰোণৰ সহায়ত বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে।

চেন্নাইৰ এটা ষ্টাৰ্ট আপ গাৰোডা এৰোস্পেচক কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় প্ৰশাসনৰ সহায়ত বাৰাণসীত দ্ৰোণৰ সহায়ত কভিডৰ বিজাণুনাশক ছটিওৱাৰ বাবে অনুমতি দিয়া হৈছে।

বাৰাণসীত এই কাৰ্য আৰম্ভহে হৈছে, দলটোৱে লাহে লাহে দেশৰ আন আন চহৰতো এই প্ৰক্ৰিয়াৰে বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰিব।

চৰকাৰী কৰ্তৃপক্ষক কভিড-১৯ ৰ বিৰুদ্ধে যুঁজাৰ বাবে অধিক শক্তিশালী কৰি তুলিবলৈ উদ্ভাৱনী প্ৰযুক্তিৰ এনে ব্যৱহাৰ উল্লেখনীয়।

Description: https://static.pib.gov.in/WriteReadData/userfiles/image/image001U7IY.gif

 

 

****

KGS/PRK


(रिलीज़ आईडी: 1618193) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada