স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত অধ্যক্ষতা ড০ হৰ্ষ বৰ্ধনৰ

“আমি আমাৰ শত্ৰুৰ ঠিকনা জানো আৰু উপযুক্ত, শ্ৰেণীবদ্ধ তথা নিৰ্দেশিত প্ৰত্যুত্তৰৰ জৰিয়তে আমি সেইটো নিয়ন্ত্ৰণ কৰাৰ স্থিতিত আছো”

Posted On: 24 APR 2020 7:42PM by PIB Guwahati

মই আপোনালোক সকলোকে আপোনালোকৰ সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ বিৰুোধী আমাৰ যুঁজখনৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো”, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য শিক্ষা মন্ত্ৰীবৰ্গ তথা জ্যেষ্ঠ বিষয়াৰ সৈতে কভিড-১৯ মোকাবিলা কৰাৰ লগতে জনস্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত ভিডিঅকনফাৰেন্সযোগে কৰা পৰ্যালোচনাৰ সময়ত এই দৰে কয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে৷ এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বীনি কুমাৰ চৌবেও উপস্থিত থাকে৷

বৈঠকত মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগনা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, কৰ্ণাটক, কেৰালা, জম্মু আৰু কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা, ওড়িশা, ঝাৰখণ্ড, হিমাচলপ্ৰদেশ, চত্তীশগড়, অসম, চণ্ডীগড়, আন্দামান আৰু নিকোবৰ, মেঘালয়, অৰুণাচলপ্ৰদেশ, মিজোৰাম আৰু উত্তৰাখণ্ডই অংশগ্ৰহণ কৰে৷ 

ড০ হৰ্ষ বৰ্ধনে কয়, “মহামাৰীৰ বিৰুদ্ধে যুঁজ বৰ্তমান চাৰে তিনিমাহ পুৰণি আৰু ৰাজ্যসমূহৰ সহযোগত দেশত ভিড-১৯ৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ উচ্চ পৰ্যায়ৰ নিৰীক্ষণ কৰা হৈছে৷তেওঁ কয় যে দেশত মৃত্যুৰ হাৰ শতাংশ৷ বৰ্তমানলৈকে ২০শতাংশতকৈ অধিক লোক সুস্থ হৈছে৷ চৰকাৰৰ দ্বাৰা কৰা নিৰীক্ষণৰ প্ৰয়াসৰ কথা উল্লেখ কৰি তেওঁ কয়, “আমি আমাৰ শত্ৰুৰ ঠিকনা জানো আৰু উপযুক্ত, শ্ৰেণীবদ্ধ তথা নিৰ্দেশিত প্ৰত্যুত্তৰৰ জৰিয়তে আমি সেইটো নিয়ন্ত্ৰণ কৰাৰ স্থিতিত আছো

তেওঁ কয়, আমি ৰাজ্যসমূহক সহায় কৰা, পৰিস্থিতিৰ পৰ্যালোচনা কৰা আৰু ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিদিনৰ যুঁজত সহায় কৰাৰ বাবে কাৰিকৰী বিষয়াৰ দল প্ৰেৰণ কৰিছো৷এণ্টিবডী পৰীক্ষাৰ সন্দৰ্ভত তেওঁ কয়, বিভিন্ন স্থানত এই পৰীক্ষাৰ ফল বেলেগ বেলেগ আহিছে আৰু সেইবোৰৰ ওপৰত ভৰসা কৰিব নোৱাৰি৷ ইয়াৰ বিপৰীতে বিশ্ব স্বাস্থ্য সংস্থাইও ইয়াৰ শুদ্ধতাৰ ওপৰত কোনো মন্তব্য দিয়া নাই৷ আইচিএমআৰে নিজৰ গৱেষণাগাৰত এই পৰীক্ষা আৰু কিটছৰ দক্ষতাৰ পৰ্যালোচনা কৰি আছে আৰু সেইটোৱে সোনকালেই নতুন পদ প্ৰদৰ্শন কৰিব৷

 

মহামাৰীৰ সময়ত যিকোনো প্ৰকাৰৰ হিংসাৰ পৰা স্বাস্থ্য কৰ্মীসকলক সুৰক্ষা দিয়াৰ বাবে মহামাৰী ৰোগ আইন, ১৮৯৭ৰ সংশোধনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা কাৰ্যকৰী কৰা অধ্যাদেশৰ সন্দৰ্ভত ৰাজ্যসমূহক অৱগত কৰি তেওঁ কয়, স্বাস্থ্যসেৱাৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰা আৰু চিকিসা প্ৰতিষ্ঠানৰ সম্পত্তি হানি কৰাসকলৰ বিৰুদ্ধে কোনো ধৰণৰ সহ্য কৰা নহব৷ সংশোধনত এনে হিংসাত্মক কাৰ্যকলাপক বিচাৰযোগ্য তথা জামিনবিহীন অপৰাধ বুলি গণ্য কৰিছে৷ এনে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাসকলক পাঁচ বছৰ কাৰাবাসৰ লগতে ৫০ হাজাৰৰ পৰা লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে আৰু গুৰুতৰভাৱে আহত লে মাহৰ পৰা বছৰ পৰ্যন্ত কাৰাবাস আৰু ১লাখৰ পৰা ৫লাখ পৰ্যন্ত জৰিমনা বিহিব পাৰে৷তেওঁ লগতে কয় যে ভিড-১৯ বিৰোধী এই যুঁজত অগ্ৰণী স্বাস্থ্য কৰ্মচাৰী, চিকিসক, আশা কৰ্মী, পেৰামেডিকেল ষ্টাফ, নাৰ্ছ আৰু ব্যক্তিগতখণ্ডৰ চিকিসকসকলৰ কোনো যদি মৃত্যু হয়, তেতিয়া লে তেওঁলোকৰ পৰিয়ালক ৫০লাখ টকাৰ বীমা সুবিধা প্ৰদান কৰা ব৷

 

তেওঁ প্ৰতিখন ৰাজ্যৰ ওচৰত মজুত থকা পিপিই, এন-৯৫ মাস্ক, ট্ৰেচিং কিট, ঔষধ আৰু ভেণ্টিলেটৰ্ছৰ প্ৰয়োজনীয়তা আৰু পৰ্যাপ্ততাৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে আৰু ভাৰত চৰকাৰে প্ৰয়োজনীয় সামগ্ৰীৰ কোনো অভাৱ বলৈ নিদিয়ে বুলি আশ্বাস দিয়ে৷ মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে পিপিই আৰু এন-৯৫ মাস্ক আমদানি কৰিবলগীয়া হৈছিল, কিন্ত এতিয়া দেশত প্ৰায় ১০০টা নিৰ্মাণস্থলী স্থাপন কৰা হৈছে৷ ৰাজ্যসমূহৰ প্ৰয়াসৰ প্ৰশংসা কৰি তেওঁ কয় যে ইখন ৰাজ্যই সিখনৰ পৰা কোনো ভাল পদ্ধতি গ্ৰহণ কৰা দেখিলে সেয়া অনুসৰণ কৰিব পাৰে৷

ভিড-১৯ৰ নামত উচৰ্গিত চিকিসালয়ৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰতিখন জিলাত ভিন-১৯ৰ নামত একোখনকৈ চিকিসালয় স্থাপন কৰা আৰু সেইবোৰ জাননী আকাৰে জনোৱাটো দৰকাৰ, যাতে জনসাধাৰণে সেইবোৰ তথ্য লাভ কৰে৷ তেওঁ ভিড-১৯ৰ সমান্তৰালভাৱে গৰ্ভৱতী মহিলা, শ্বাস-প্ৰশ্বাসজনিত আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্তসকলৰ প্ৰতিও সমানে গুৰুত্ব দিবলৈ আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক স্বেচ্ছামুলক ৰক্তদান কাৰ্যসূচী বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ ইফালে, বৰ্তমান ভেক্টৰজনিত ৰোগ যেনে-মেলেৰীয়া, ডেংগু, যক্ষ্মাৰ ক্ষেত্ৰত প্ৰস্তুত হৈ থাকিবলৈ কয়৷ ভিড-১৯ৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময়ত এইবোৰৰ প্ৰতি দৃষ্টি নাথাকিবও পাৰে বুলি সজাগ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ পোষকতা কৰে৷ তেওঁ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামাজিক দুৰত্ব বজাই ৰখা আৰু লকডাউনৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়৷ কোনো ৰা্জ্যই যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা নানে সেই ক্ষেত্ৰতো সকিয়নি দিয়ে৷ তেওঁ উত্তৰপ্ৰদেশে সুকলমে লকডাউন মানি চলা বুলি উদাহৰণ দাঙি ধৰি আন ৰাজ্যসমূহক তেওঁলোকক অনুসৰণ কৰিব লাগে বুলি শলাগ লয়৷ তেওঁ সকলোকে ভিড-১৯ বিৰোধী যুঁজৰ এই উচাহ অব্যাহত ৰাখিবলৈ কয়৷

পৰ্যালোচনা বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সচিব প্ৰীতি ছুদান, আইচিএমআৰৰ ডিএইচআৰ তথা ডিজি, ডা০ বলৰাম ভাৰ্গৱ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু আইচিএমআৰৰ প্ৰতিনিধি উপস্থিত থাকে৷

.

*****

MR/DB



(Release ID: 1618179) Visitor Counter : 151