স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ৰোনা ভাইৰাছৰ দৰে ভয়াবহ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত পর্যাপ্ত শক্তি আৰু সম্পদ অর্জন কৰিছেঃ ড০ হৰ্ষ বৰ্ধন

ক’বিড-১৯ বিৰোধী যুঁজত বিশ্বৰ বাকী দেশৰ তুলনাত ভাৰত উন্নত স্থানত আছে

আমি নিশ্চিতভাৱে এই ভাইৰাছক পৰাজিত কৰিমঃ ড০ হৰ্ষ বৰ্ধন

Posted On: 23 APR 2020 9:10PM by PIB Guwahati

ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান মোকাবিলা কৰাত ভাৰতে সক্রিয় আৰু সুপৰিকল্পিত প্ৰচেষ্টা গ্ৰহণ কৰিছে ক’ভিড-১৯ সংক্ৰমণ মোকাবিলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য দেশসমূহৰ স্বাস্থ্য মন্ত্রীসকলৰ সৈতে অনুষ্ঠিত এক ভাৰ্চুৱেল বৈঠকত অংশ লৈ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াৰ কল্যাণ মন্ত্রী ড০ হর্ষ বর্ধনে এইদৰে কয়৷

সভাৰ আৰম্ভণিতে ড০ হর্ষ বর্ধন কয় যে ক’ভিড-১৯ৰ ক্ষেত্ৰত বর্তমান পৰিস্থিতি সমগ্ৰ বিশ্বতে যথেষ্ট উদ্বেগজনক। এনে পৰিপ্রেক্ষিতত আক্রান্ত আৰু মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলক প্ৰশংসা কৰি ড০ হর্ষ বর্ধনে কয় যে অতি সংকটজনক সময়ত এই বৈঠক অনুষ্ঠিত হৈছে আৰু ক’ভিড-১৯ মহামাৰী চিৰদিনৰ বাবে নিৰ্মূল কৰাৰৰ ক্ষেত্ৰত সকলোৱে একেলগ হৈ কাম কৰা লাগিব৷

ড০ হর্ষ বর্ধনে লগতে কয় যে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে বহু আগৰে পৰাই সক্রিয় প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু অন্যান্য দেশৰ তুলনাত কার্যকৰী পদক্ষেপ হাতত লৈছে৷ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী সংস্থাসমূহৰ সম্ভাব্য আক্রান্ত ব্যক্তি বা ৰোগৰ বাহকৰ সন্ধান কৰি নিৰন্তৰ গতিত কাম কৰি থকা হৈছে৷ ক’ভিড-১৯ পৰিস্থিতিৰ ফলত উদ্ভৱ হোৱা সংকট সম্পর্কত তেওঁ কয় যে দেশত ক’ভিড-১৯ মোকাবিলা কৰাৰ বাবে কেৱল এটা পৰীক্ষাগাৰ আছিল৷ এতিয়া পুনেৰ নেচনেল ইনষ্টিটিউট অফ ভাইৰ’ল’জিৰ লগতে চৰকাৰী লেবৰ সংখ্যা ২৩০টালৈ বৃদ্ধি হৈছে৷ তদুপৰি, বেচৰকাৰী লেবৰ সংখ্যা হৈছে ৭৭টা৷ অতি সোনকালেই এনে ধৰণৰ লেবৰ সংখ্যা ৩০০টালৈ বৃদ্ধি কৰা হ’ব৷ ইফালে, অহা ৩১ মে ভিতৰত নমুনা পৰীক্ষাৰ হাৰ দৈনিক হাজাৰৰ পৰা বৃদ্ধি কৰি লাখ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে৷

ক’ভিড-১৯ৰ চিকিসা প্ৰসংগত মন্ত্ৰী ড০ হর্ষ বর্ধনে কয় যে দেশত পৃথকে ২,০৩৩টা চিকিসা সেৱা ব্যৱস্থা গঢ়ি তোলা হৈছে, য’ত ১.৯০লাখতকৈও অধিক আইছ’লেচন বেড, ২৪ হাজাৰতকৈ অধিক আইচিইউ বেড আৰু ১২ হাজাতৰকৈ অধিক ভেণ্টিলেটৰ আছে। বিগত তিনি মাহত এই বিশাল কর্মযজ্ঞ সম্পূর্ণ হোৱা বুলিও তেওঁ সদৰি কৰে৷

চৰকাৰে ক’ভিড-১৯ সম্পর্কত সজাগ কৰাৰ বাবে আৰোগ্য সেতু নামেৰে এটা ম’বাইল এপ আৰম্ভ কৰিছে, ইতিমধ্যে ৭.২০কোটিতকৈও অধিক লোকে এই এপটো ডাউনলোড কৰিছে৷

ভাষণৰ সামৰণীত ড০ হর্ষ বর্ধনে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দক্ষ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে তেওঁ উপযুক্ত সময়ত বিশেষজ্ঞৰ প্ৰস্তাৱ আৰু পৰামর্শ লৈ সেয়া কার্যকৰী কৰাৰ চেষ্টা কৰিছে৷ ইয়াৰ ফলত ভাৰতে অতি দক্ষতাৰে ক’ভিড-১৯ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে। লকডাউন সফল কৰি তোলাৰ বাবে ড০ হর্ষ বর্ধনে সাধাৰণ জনসাধাৰণৰ সমর্থনৰ প্ৰশংসা কৰে৷

*****

MV/MR/DB



(Release ID: 1618071) Visitor Counter : 160