ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        চৰকাৰে অনুমোদন দিয়া ক্ষেত্ৰসমূহৰ কাম আৰম্ভ কৰাৰ সময়ত সকলো স্বাস্থ্যজনিত সাৱধানতা মানি চলাটো সুনিশ্চিত কৰিবলৈ আহ্বান মন্ত্ৰী গাডকাৰীৰ
                    
                    
                        
                    
                
                
                    Posted On:
                23 APR 2020 7:02PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ‘ক’ভিড-১৯ৰ পাছত ভাৰতত প্ৰত্যাহ্বান আৰু নতুন সূযোগ’ শীৰ্ষক বিষয়ত বৃহস্পতিবাৰে ভাৰতৰ চেম্বাৰ অফ কমাৰ্চৰ প্ৰতিনিধিবৰ্গ, বিভিন্ন উদ্যোগী আৰু মিডিয়াৰ লগতে একাংশ অংশীদাৰৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰে৷ মত বিনিময়ৰ সময়ত প্ৰতিনিধিসকলৰে ক’ভিড-১৯ৰ মাজতে এমএছএমই খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে কেতবোৰ পৰামৰ্শ আৰু সহায়ৰ জৰিয়তে এই খণ্ডটোক উজ্জীৱিত কৰিবলৈ অনুৰোধ জনায়৷
মন্ত্ৰী গাডকাৰীয়ে চৰকাৰে অনুমোদন দিয়া ক্ষেত্ৰসমূহৰ কাম আৰম্ভ কৰাৰ সময়ত সকলো উদ্যোগক ইয়াৰ কৰ্মচাৰীসকলৰ স্বাস্থ্যজনিত সাৱধানতা মানি চলাটো সুনিশ্চিত কৰাৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ তেওঁ কাৰ্যালয় তথা ব্যৱসায়িক কাম-কাজ পুনৰ আৰম্ভ কৰাৰ সময়ত সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে ব্যক্তিগত সুৰক্ষাজনিত সামগ্ৰী ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ উদ্যোগসমূহে শ্ৰমিকসকলৰ বাবে কৰ্মস্থলীতে আশ্ৰয় আৰু খাদ্যৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিৰোধমুলক ব্যৱস্থা আৰু ব্যৱসায়িক কাম-কাজৰ ওপৰত গুৰুত্ব দিবলৈ কয়৷
ঘাইপথ আৰু বন্দৰসমূহৰ কাম-কাজ আৰম্ভ কৰা বুলি সদৰি কৰি তেওঁ ক্ষুদ্ৰ উদ্যোগসমূহৰ পুনুৰুত্থানৰ সময়ত ব্যয় হ্ৰাসেৰে ৰপ্তানি বৃদ্ধি কৰাত মনোনিৱেশ কৰিবলৈ কয়৷ বিদেশী সামগ্ৰী ৰপ্তানিতকৈ ঘৰুৱা সামগ্ৰীৰ উৎপাদন বৃদ্ধি গুৰু্ত্ব দিয়াৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে৷ উদ্যোগসমূহক প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনাই তেওঁ লগতে কয় যে গৱেষণা, অভিনৱ উদ্ভাৱন আৰু গুণাগুনৰ উন্নয়নে ঔদ্যোগিক বিকাশত এক মুখ্য ভূমিকা পালন কৰিব পাৰে৷
মন্ত্ৰীগৰাকীয়ে জাপানে চীনৰ পৰা তেওঁলোকৰ উদ্যোগবোৰ ঘুৰাই অনাৰ লগতে ভাৰতত বিনিয়োগৰ ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰি এই সূযোগ ভাৰতক ল’বলৈ আহ্বান জনায়৷
উদ্যোগখণ্ডৰ প্ৰতিনিধিসকলৰ প্ৰশ্নোত্তৰত তেওঁ কয় যে চৰকাৰে এমএছএমই খণ্ডক সম্ভৱপৰ সকলোপ্ৰকাৰৰ সহায় আগবঢ়াব৷ তেওঁ সকলোকে ক’ভিড-১৯ৰ সংকটৰ পৰা মুক্ত হ’বলৈ একেলগে কাম কৰাৰ আহ্বান জনায়৷
 
*****
RCJ/SKP/IA/DB
                
                
                
                
                
                (Release ID: 1617892)
                Visitor Counter : 286
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam