প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰোনা মহামাৰীয়ে আমাক আত্ম-নিৰ্ভৰশীল হোৱাৰ ডাঙৰ শিক্ষা দিলেঃ প্ৰধানমন্ত্ৰী মোদী

‘দুই গজ দুৰত্ব’ গ্ৰামীণ ভাৰতৰ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ মন্ত্ৰ বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

ই-গ্ৰাম স্বৰাজ এপ আৰু স্বামীত্ব আঁচনিৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 APR 2020 2:57PM by PIB Guwahati

পঞ্চায়তীৰাজ দিৱস উপলক্ষে আজি দেশৰ গাঁও পঞ্চায়তসমূহৰ পঞ্চায়তকৰ্মীসকলৰ সৈতে ভিডিঅকনফাৰেন্সযোগে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে একক -গ্ৰাম স্বৰাজ এপ আৰু স্বামীত্ব আঁচনিৰ শুভাৰম্ভ কৰে৷

-গ্ৰাম স্বৰাজে গাঁও পঞ্চায়তসমূহৰ উন্নয়নমুলক পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰাত সহায় কৰিব৷ এই ৰ্টেলটোৱে নিৰ্দিষ্ট সময়ত কামৰ নিৰীক্ষণ আৰু জবাবদিহিতা সুনিশ্চিত কৰিব৷ গাঁও পঞ্চায়ত পৰ্যায়ত ডিজিটাইজেচনৰ এই এক বৃহ পদক্ষেপ৷

ড্ৰ আৰু অত্যাধুনিক সমীক্ষা পদ্ধতি ব্যৱহাৰ কৰা তথা পাইলট প্ৰজেক্ট হিচাপে ৬টা ভাগত শুভাৰম্ভ কৰা স্বামীত্ব আঁচনিয়ে গ্ৰামাঞ্চলৰ লোকসকলৰ ভূমিৰ মেপ প্ৰস্তুত কৰাত সহায় কৰিছে৷ এই আঁচনিয়ে পৰিকল্পনা, ৰাজহ সংগ্ৰহ আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ সম্পত্তিৰ অধিকাৰৰ সন্দৰ্ভত স্পষ্ট ধাৰণা দিব৷ ইয়াৰ দ্বাৰা গৰাকীক কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ বাবে কৰা আবেদনৰ সময়ত সূযোগ প্ৰদান কৰিব৷ এই আঁচনিয়ে সম্পত্তিক লৈ হোৱা বিবাদ দূৰ কৰাটো অৰিহণা যোগাব৷

পঞ্চায়তকৰ্মীসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোনা মহামাৰীয়ে জনসাধাৰণক কাম কৰাৰ ধৰণ সলনি কৰাৰ লগতে এক ভাল শিক্ষা দিলে৷ তেওঁ কয় যে মহামাৰীয়ে আমাক সদায় আত্ম-নিৰ্ভৰশীল হোৱাৰ কথা শিকালে৷

তেওঁ কয়, মহামাৰীয়ে আমাক এনে এক নতুন প্ৰত্যাহ্বান আৰু সমস্যালৈ ঠেলি দিছে, যিটো আমি কেতিয়াও কল্পনাই কৰা নাছিলো যদিও আমাক এক শক্তিশালী বাৰ্তাৰে ডাঙৰ শিক্ষা দিলে৷ মহামাৰীয়ে আমাক সদায় আত্ম-নিৰ্ভৰশীল হোৱাৰ কথা শিকালে৷ আমাক শিকালে যে আমি কেতিয়াও আনে সমস্যা সমাধান কৰিব বুলি চাই থাকিলে নহব৷

প্ৰতিখন গাঁৱেই নিজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ আত্ম-নিৰ্ভৰশীল লাগিব৷ প্ৰতিখন জিলা, প্ৰতিখন ৰাজ্য আৰু প্ৰতিখন দেশ আত্ম-নিৰ্ভৰশীল লাগিব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে প্ৰতিখন গাঁৱক আত্ম-নিৰ্ভৰশীল আৰু প্ৰতিখন গাঁও পঞ্চায়তক শক্তিশালী কৰাৰ যত্ম কৰি আছে৷ তেওঁ কয়, পূৰ্বৰ কেৱল ১০০খনৰ বিপৰীতে বিগত পাঁচ বছৰত প্ৰায় .২৫ লাখ পঞ্চায়তক ব্ৰডবেণ্ডেৰে সংযোগ কৰা হৈছে৷ একদৰে ৩লাখ সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে৷

তেওঁ কয় যে ভাৰতত মবাইল ফোন নিৰ্মাণ আৰম্ভ কৰাৰ পাছতে পৰা স্মাৰ্টফোনৰ দাম হ্ৰাস পাই আহিছে আৰু প্ৰতিখন গাঁৱতে এই ফোন উপলব্ধ হোৱাৰ ফলত গাঁও পৰ্যায়ত ডিজিটেল আন্তঃগাঁথনি সুদৃঢ় হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় পঞ্চায়তৰ উন্নতিয়েহে দেশ আৰু গণতন্ত্ৰ বিকাশ সাধন কৰিব৷

আজি এই অনুষ্ঠানটো হৈছে প্ৰধানমন্ত্ৰী আৰু গাওঁ পঞ্চায়ত প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰাৰ এক সূযোগ৷

মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গাঁওবাসীকদুই গজ দুৰত্বমন্ত্ৰৰে সামাজিক দুৰত্ব বজাই ৰখাৰ প্ৰচেষ্টাৰ বাবে পঞ্চায়তকৰ্মীসকলক প্ৰশংসা কৰে৷

তেওঁ কয় যে দুই গজ শৰীৰৰ দুৰত্ব শ্লগানে গ্ৰাম্য ভাৰতৰ লোকসকলৰ জ্ঞানকে পৰিস্ফুট কৰিছে৷ তেওঁ এই শ্লগানৰ প্ৰশংসা কৰি কয় যে এইটোৱে জনসাধাৰণক সামাজিক দুৰত্ব বজাই ৰখাৰ প্ৰতি প্ৰেৰণা যোগাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সীমিত সম্পদৰ জৰিয়তে সংকল্প লৈ কভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে নতুন শক্তি আৰু নতুন পথেৰে অগ্ৰসৰ হৈছে৷

তেওঁ কয়, গাঁওসমূহৰ সামূহিক শক্তিয়ে দেশক আগুৱাই যোৱাত সহায় কৰিছে৷

এই প্ৰচেষ্টাৱলীৰ মাজতো আমি গাঁওবাসীক বিপদত পৰিব পৰা কাম কৰিব নালাগিব বুলি গুৰুত্ব আৰোপ কৰি কয় যে আমি যিকোনো দিশত শিথিল কৰা কথাই নাহে৷

প্ৰধানমন্ত্ৰীয়ে পঞ্চায়তকৰ্মীসকলক সম্পূৰ্ণ সুৰক্ষিতভাৱে গাঁওসমূহত স্বচ্ছতা অভিযানৰ দিশত কাম কৰিবলৈ কোৱাৰ লগতে বৃদ্ধ, দিব্যাংগ আৰু অন্যান্য অভাৱগ্ৰস্ত লোকসকলৰ যত্ন লবলৈ কয়৷

তেওঁ পঞ্চায়তকৰ্মীসকলক কভিড-১৯ৰ সন্দৰ্ভত গাঁৱৰ সকলো পৰিয়ালক সম্পূৰ্ণ শুদ্ধ তথ্য দিবলৈ কয়৷

ভাৰতৰ গ্ৰামাঞ্চলৰ সকলোকে আৰোগ্য সেতু এপ ডাউনলোড কৰিবলৈ তথা পঞ্চায়ত প্ৰতিনিধিসকলক এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁৱৰ দুখীয়া লোকসকলৰ উন্নত স্বাস্থ্য সেৱাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ দেশৰ কোটি কোটি দুখীয়া লোকক আয়ুষ্মান ভাৰত যোজনাই ব্যাপক সহায় কৰা বুলিও তেওঁ উল্লেখ কৰে৷

তেওঁ গাঁৱৰ লোকসকলক তেওঁলোকে উপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিবলৈ ই-নাম আৰু জিইএম পৰ্টেলৰ দৰে ডিজিটেল মঞ্চ ব্যৱহাৰ কৰাৰ আহ্বান কয়৷

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰ, কৰ্ণাটক, বিহাৰ, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ আৰু অসমৰ একাংশ পঞ্চায়তকৰ্মীৰ সৈতে মত বিনিময় কৰে৷

তেওঁ মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা গ্ৰাম স্বৰাজৰ ওপৰত আধাৰিত বুলি স্মৰণ কৰে৷ শাস্ত্ৰ বাণী উদ্ধৃতি দি তেওঁ জনসাধাৰণক একতাই সকলো শক্তিৰ উস বুলি সোঁৱৰাই দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে পঞ্চায়তীৰাজ দিৱস উপলক্ষে সকলো পঞ্চায়তকৰ্মীক শুভেচ্ছা দিয়াৰ লগতে তেওঁলোকক সামূহিক প্ৰচেষ্টা, সহমৰ্মিতা আৰু সংকল্পৰে কৰোনাক পৰাজিত কৰিবলৈ আহ্বান জনায়৷

***

VRRK/AK/DB



(Release ID: 1617825) Visitor Counter : 273