পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

তেল বিপণন কোম্পানীৰ বিষয়াসকলক পিএমইউৱাইৰ হিতাধিকাৰীসকল বিনামূলীয়া চিলিণ্ডাৰ দ্ৰুতগতিত যোগান ধৰাৰ আহ্বান শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Posted On: 23 APR 2020 7:29PM by PIB Guwahati

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ যোগান শৃংখলাৰ সকলো অংশীদাৰক কঠোৰ পৰিশ্ৰমেৰে তথা পদ্ধতিগতভাৱে কাম কৰি প্ৰধানমন্ত্ৰী উজ্জ্বালা যোজনাৰ বিনামূলীয়া চিলিণ্ডাৰসমূহ দ্ৰুতগতিত প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অধীনত দেশৰ ৮ কোটিতকৈ অধিক লোকে পৰৱৰ্তী ৩ মাহৰ বাবে ৩টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ পাবলৈ সক্ষম হ’ব৷

তেল বিপণন কোম্পানীসমূহৰ জিলা সমন্বৰক্ষী বিষয়াসকলৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মন্ত্ৰী প্ৰধানে কয় যে ক’ভিড-১৯ আৰু লকডাউনে সৃষ্টি কৰা এই অভূতপূৰ্ব সংকটৰ সময়ত চৰকাৰে দুখীয়া লোকসকলৰ বাবে এক পেকেজ ঘোষণা কৰিছে আৰু ইয়াৰে ভিতৰত বিনামূলীয়া গেছ চিলিণ্ডাৰো অন্যতম৷ তেওঁ লগতে কয় যে এপ্ৰিল মাহৰ প্ৰথম তিনি মাহত ৪০% হিতাধিকাৰীয়ে চিলিণ্ডাৰ লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে জিলা সমন্বৰক্ষী বিষয়াসকলক উন্নত প্ৰচেষ্টা হাতত লোৱাৰ লগতে ঘৰে ঘৰে চিলিণ্ডাৰ যোগান ধৰা আৰু অতিৰিক্ত মাচুল লোৱাৰ বিপৰীতে যাতে কোনো ধৰণৰ আপোচ কৰা নহয়, তাৰ বাবে গুৰুত্ব আৰোপ কৰিবলৈ কয়৷ তেওঁ নিয়মীয়া গ্ৰাহকসকল প্ৰভাৱিত নোহোৱাকৈ পিএমইউৱাইৰ হিতাধিকাৰীসকলক অগ্ৰাধিকাৰ দিবলৈ কয়৷ তদুপৰি, আৰোগ্য সেঁতু এপৰ বিষয়েত সকলো সজাগ কৰি তোলাৰ লগতে লকডাউনৰ ক্ষেত্ৰত গৃহমন্ত্ৰালয়ে দিয়া নিৰ্দেশনা পালন কৰি সকলো সাৱধানতা অৱলম্বন কৰিবলৈ কয়৷

জিলা সমন্বয়ৰক্ষী বিষয়াসকলে গ্ৰাহকসকলক ধন উঠোৱা, চিলিণ্ডাৰ বুকিং কৰা ইত্যাদি ক্ষেত্ৰত বিভিন্ন অভিনৱ পন্থা গ্ৰহণ কৰা বুলি অৱগত কৰে৷ তদুপৰি, বহুতে সমূহীয়াকৈ পিএম কেয়াৰ্ছ পুঁজিলৈ বৰঙণি আগবঢ়োৱা আৰু আৰোগ্য সেতু এপৰ প্ৰচাৰ চলোৱা বুলি সদৰি কৰে৷

মন্ত্ৰী প্ৰধানমন্ত্ৰী প্ৰধানে বিহাৰৰ ছুপলত এগৰাকী গেছ ডেলিভাৰী যুৱক ডকাইতৰ আক্ৰমণত নিহত হোৱাৰ খবৰ পাই দুখ প্ৰকাশ কৰে৷ বৈঠকৰ আৰম্ভণিতে যুৱকজনৰ আত্মাৰ সদ্গতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে সংশ্লিষ্ট বিষয়াসকলক পৰিয়ালটোৰ যত্ন লোৱাৰ লগতে সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে৷

*****

YB



(Release ID: 1617694) Visitor Counter : 197