ৰেল মন্ত্ৰালয়
ৰেলৱে’ মন্ত্ৰালয়ে বিভিন্ন ৰেলৱে’ কিটচেনৰ পৰা ৰাজ্যসমূহলৈ দৈনিক ২.৬লাখ খাদ্য যোগানৰ প্ৰস্তাৱ আগবঢ়াইছে
সঁহাৰিৰ ওপৰত ভিত্তি কৰি যোগানো বৃদ্ধি কৰা হ’ব
মাত্ৰ ১৫টকাৰ নূন্যতম দৰত খাদ্য উপলব্ধ
কোনো বাদ পৰি নাযায়ঃ লকডাউনৰ সময়ছোৱাত সকলোৰে বাবে খাদ্য নিশ্চিত কৰিবলৈ ভাৰতীয় ৰেলৱে’ই সকলো প্ৰচেষ্টা হাতত লৈছে
ভাৰতীয় ৰেলৱে’ই সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকৰ মাজত ইতিমধ্যে বিতৰণ কৰা বিনামূলীয়া গৰম ৰন্ধা খাদ্যতকৈ এয়া অধিক বৃহৎ প্ৰয়াস
प्रविष्टि तिथि:
22 APR 2020 12:57PM by PIB Guwahati
৩মে’, ২০২০লৈ ৰাষ্ট্ৰজোৰা লকডাউন বৃদ্ধি কৰাত সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকক যতন লোৱা আৰু তেওঁলোকৰ মাজত খাদ্য যোগান ধৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ভাৰতীয় ৰেলৱে’ই লকডাউন আৰম্ভ হোৱাৰে পৰা দেশত খাদ্য আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাত মুখ্য ভূমিকা পালন কৰিছে৷ ৰেলৱে’ মন্ত্ৰালয়ে ইয়াৰ বিভিন্ন ৰেলৱে’ কিটচেনৰ পৰা দেশৰ ভিন্ন ৰাজ্যলৈ দৈনিক ২.৬ লাখ খাদ্য যোগান ধৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে৷ জিলা প্ৰশাসনে সংগ্ৰহ কৰিব বিচৰা যিকোনো স্থানতে ৰেলৱে’ মন্ত্ৰালয়ে ৰন্ধা খাদ্য যোগান ধৰিব৷ সমগ্ৰ দেশৰ জিলা কৰ্তৃপক্ষৰ সৈতে এই বিষয়ে যোগাযোগ স্থাপন কৰা হৈছে৷
আৰম্ভণি পৰ্যায়ত চিনাক্ত কৰা স্থানসমূহৰ ৰন্ধনঘৰৰ সক্ষমতাৰ ওপৰত ভিত্তি কৰি দৈনিক ২.৬লাখ খাদ্যৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ প্ৰয়োজন অনুসৰি খাদ্যৰ যোগান বৃদ্ধি কৰা হ’ব৷ এই খাদ্য মাত্ৰ ১৫টকাৰ নূন্যতম দৰত উপলব্ধ হ’ব৷ লেনদেন প্ৰক্ৰিয়া ৰাজ্য চৰকাৰৰদ্বাৰা পৰৱৰ্তী পৰ্যায়ত সম্পন্ন কৰা হ’ব৷
আইআৰচিটিচিয়ে চাহিদা অনুসৰি ৰন্ধা খাদ্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ সন্মত হৈছে৷ ভাৰতীয় ৰেলৱে’ই ইতিমধ্যে দৈনিক প্ৰায় এক লাখ বিনামূলীয়া গৰম ৰন্ধন খাদ্য দুখীয়া লোকৰ মাজত বিতৰণ কৰিছে৷ লকডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত লোকক গৰম ৰন্ধা খাদ্য আগবঢ়াবলৈ ভাৰতীয় ৰেলৱে’ৰ কৰ্মচাৰীয়ে যোৱা ২৮মাৰ্চৰ পৰা অবিৰতভাৱে কাম কৰি আছে৷ ভাৰতীয় ৰেলৱে’ৰদ্বাৰা বিনামূলীয়া ৰন্ধন খাদ্য বিতৰণৰ পৰিমাণে কালি ২মিলিয়নৰ সীমা স্পৰ্শ কৰে৷
*****
SG/MKV/MS
(रिलीज़ आईडी: 1617219)
आगंतुक पटल : 335
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada