স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 22 APR 2020 4:33PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে আজি ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ চিকিৎসক আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বাৰ্তালাপ কৰে৷ চিকিৎসকসকলৰ নিৰাপত্তাৰ দিশটো উনুকিয়াই গৃহ মন্ত্ৰীয়ে কয় যে তেওঁলোকৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে চৰকাৰে কোনোপধ্যেই আপোচ নকৰে৷

শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ মুখ্য সচিবসকলক ক’ভিড-১৯ৰ সেৱাৰ সৈতি জড়িত কৰ্মীসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিছে৷ তাৰোপৰি কেবিনেটে মহামাৰী ৰোগ অধিনিয়ম, ১৮৯৭ৰ অধীনত চিকিৎসকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আজি এক অধ্যাদেশ ঘোষিত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে৷

ৰাজ্যসমূহত দ্ৰুত এণ্টিব’ডী পৰীক্ষণ ব্যৱহাৰৰ বাবে আইচিএমআৰে এক প্ৰট’ক’ল জাৰি কৰিছে৷ আইচিএমআৰৰ মতে এই পৰীক্ষণসমূহে ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে আৰটি-পিচিআৰ পৰীক্ষণক প্ৰতিষ্ঠাপিত নকৰে৷

ভাৰত চৰকাৰে এক টেলিফোনিক সৰ্বেক্ষণ আৰম্ভ কৰিব য’ত এনআইচিৰ ১৯২১ নম্বৰৰ পৰা নাগৰিকসকলক তেওঁলোকৰ ম’বাইল ফোনত যোগাযোগ কৰা হ’ব৷ এয়া এক সাধাৰণ সৰ্বেক্ষণ৷ সকলো নাগৰিককে এই সৰ্বেক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷ লগতে এয়াও কোৱাও হৈছে এই সৰ্বেক্ষণৰ লেখীয়া ভুৱা কলো নাগৰিকসকলে লাভ কৰিব পাৰে৷ তাৰবাবে নাগৰিকসকলক সতৰ্ক হ’বলৈ কোৱা হৈছে৷ এই সৰ্বেক্ষণৰ তথ্য ৰাজ্যিক স্বাস্থ্য বিভাগৰ ৱেবছাইটৰ মূল পৃষ্ঠাত আৰু অন্য বিভাগসমূহৰো ৱেবছাইটৰ মূল পৃষ্ঠাত উপলব্ধ হ’ব৷

এই পৰ্যন্ত ১৯.৩৬% আৰোগ্য হাৰেৰে ৩৮৭০জন লোক আৰোগ্য হৈছে৷ কালিৰে পৰা ১৩৮৩টা নতুন ঘটনাৰ প্ৰতিবেদন দাখিল হৈছে৷ তাৰোপৰি এই পৰ্যন্ত ভাৰতত ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনাৰ সংখ্যা হৈছে ১৯,৯৮৪টা৷ বিগত ২৪ ঘণ্টাত ৫০টা মৃত্যুৰ নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1617148) Visitor Counter : 199