গৃহ মন্ত্ৰালয়
নগৰ অঞ্চলত জ্যেষ্ঠ নাগৰিকসকলক ঘৰতে শুশ্ৰূষা প্ৰদান কৰা লোকসকল, প্ৰিপেইড ম’বাইলৰ ৰিচাৰ্জৰ দৰে সেৱাসমূহ, খাদ্য সংসাধন গোটক ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে
प्रविष्टि तिथि:
21 APR 2020 9:10PM by PIB Guwahati
গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মিলিত সংশোধিত নিৰ্দেশনাৱলীৰ (https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf) অধীনত কিছুমান বিশেষ গতিবিধি লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷
নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া ক্ষেত্ৰসমূহৰ সন্দৰ্ভত কিছুমান প্ৰশ্ন উত্থাপিত হোৱা হেতুকে সেইসমূহৰ স্পষ্টীকৰণ তলত উল্লেখ কৰা হৈছেঃ
- জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ ঘৰত বেড ছাইড এটেণডেণ্ট আৰু শুশ্ৰূষাকাৰী সেৱাক অন্তৰ্ভুক্ত কৰি দফা ৮(১)ৰ অধীনত সামাজিক ক্ষেত্ৰ
- প্ৰিপেইড ম’বাইল সংযোগৰ বাবে ৰিচাৰ্ডৰ সুবিধাক অন্তৰ্ভুক্ত কৰি দফা ১১(৫)ৰ অধীনত ৰাজহুৱা সেৱা
- নগৰ অঞ্চলত অৱস্থিত খাদ্য সংসাধন গোট যেনে পাওৰুটি কাৰখানা, দুগ্ধ সংসাধন, আটাৰ মিল, দাইলৰ মিল ইত্যাদিক অন্তৰ্ভুক্ত কৰি দফা ১৩(১)ৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান
উপৰোক্ত ক্ষেত্ৰসমূহক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিলেও কৰ্মক্ষেত্ৰত সামাজিক দূৰত্বৰ নীতি প্ৰযোজ্য হোৱাটো আৱশ্যক৷
উপৰোক্ত নিৰ্দেশ পালন কৰিবলৈ সকলো ৰাজ্যক জিলা প্ৰাধিকৰণ আৰু ক্ষেত্ৰীয় সংস্থাসমূহক অৱগত কৰিবলৈ জনোৱা হৈছে৷
ৰাজ্যসমূহৰ সৈতে হোৱা চৰকাৰী যোগাযোগ প্ৰত্যক্ষ কৰিবলৈ ইয়াত ক্লিক কৰক
*****
VG/SNC/VM/MANN
(रिलीज़ आईडी: 1616969)
आगंतुक पटल : 323
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada