উপ-ৰাষ্ট্ৰপতি সচিবালয়

পৃথিৱীখনক অধিক সেউজীয়া আৰু পৰিচ্ছন্ন গ্রহ হিচাপে গঢ়ি তুলিবলৈ উপ-ৰাষ্ট্রপতিয়ে জনতাক আহ্বান জনাইছে

৫০সংখ্যক বিশ্ব ধৰিত্ৰী দিৱসত উপ-ৰাষ্ট্রপতিয়ে উন্নয়ন প্রক্রিয়া পুনৰ গঢ় দিয়াৰ লগতে ভোগসর্বস্ব জীৱনশৈলীৰ পৰিৱর্তনৰ আহ্বান জনায়

জলবায়ু অনুকুল নীতি গ্ৰহণেৰে এক বহনযোগ্য পৃথিৱী গঢ় দিয়াৰ দিশত কাম কৰিব লাগিবঃ উপ-ৰাষ্ট্ৰপতি

নবীকৰণযোগ্য শক্তি, সেউজ গৃহৰ ধাৰণা, পৰিষ্কাৰ প্রযুক্তি আৰু বৈদ্যুতিক যানবাহনৰ ব্যৱহাৰৰ দিশ অগ্ৰসৰ হোৱা প্ৰয়োজনঃ উপ-ৰাষ্ট্ৰপতি

প্রাকৃতিক সম্পদ কমকৈ ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ দৰে মন্ত্র সাৰোগত কৰি ইয়াৰ সংৰক্ষণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ লোকসকলৰ প্রতি আহ্বান জনায় উপ-ৰাষ্ট্ৰপতিয়ে

Posted On: 21 APR 2020 6:15PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি, এম এম ভেংকায়া নাইডুয়ে সন্মিলিতভাৱে সকলো নাগৰিকক সেউজ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন গ্রহ গঢ়ি তোলাৰ দিশত কাম কৰাৰ আহ্বান জনাই কয় যে পৰিৱেশ ৰক্ষা কৰা সকলোৰে এক পবিত্র দায়িত্ব।

বিশ্ব ধৰিত্ৰী দিৱসৰ প্রাকমুহুৰ্তত এক বার্তাত তেওঁ কয়ঃ

আমি সকলোৱে প্রকৃতি মাতৃৰ ৰক্ষাৰ বাবে কাম কৰি যাব লাগিব, উন্নয়নৰ আৰ্হিবোৰ পুনৰ গঢ দিব লাগিব আৰু ভোগসর্বস্ব জীৱনশৈলীক পৰিৱর্তন কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হব লাগিব

উপ-ৰাষ্ট্রপতিয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত আমি উন্নয়ন আৰু অর্থনৈতিক কৌশল পুনৰ বিবেচনা কৰিব লাগিব আৰু পুনৰ উদ্ভাৱন কৰিব লাগিব।

ভিড-১৯ৰ মহামাৰীৰ ফলত সৃষ্ট অভূতপূর্ব স্বাস্থ্য সংকটৰ ইংগিত দি তেওঁ কয় যে লকডাউনে বিশ্বক এটা স্থানলৈ লৈ গৈছে, প্ৰদূষণৰ মাত্রা হ্রাস পাইছে আৰু বায়ুৰ গুণগতমানৰ উন্নতি হৈছে, ইয়াৰ পৰা বুজিব পাৰি যে মানুহে কিদৰে পৰিৱেশৰ ভাৰসাম্য ব্যাহত কৰি আহিছে।

বিশ্ব ধৰিত্ৰী দিৱস, ২০২০ৰ মূল ধাৰণাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্রপতিয়ে কয়, আমি অতীতৰ ভুলৰ পৰা শিক্ষা লব লাগিব আৰু মানুহ আৰু প্রকৃতিৰ মাজত সহাৱস্থানৰ গুৰুত্ব উপলব্ধি কৰিব লাগিবআমি এক আন্তঃসংযোগ বিশ্বত বসবাস কৰিছো আৰু প্রতিটো কাম-কাজে পৰিৱেশক প্রভাৱিত কৰিছে, সেয়েহে কেৱল উন্নতি আৰু আধুনিকীকৰণৰ লক্ষ্যৰে ব্যৱসায়িক পদ্ধতি আগুৱাই নিয়াটো অনুচিত। তেওঁ প্রকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত জনগণক সক্রিয় যোদ্ধা হোৱাৰ আহ্বান জনায়।

বিভিন্ন ক্ষেত্রত জলবায়ু অনুকূল নীতি অৱলম্বন কৰি বহনযোগ্য পৃথিৱী গঢ়ি তোলাৰ অগ্রগতিৰ পথটো পর্যবেক্ষণ কৰি উপ-ৰাষ্ট্ৰগৰাকীয়ে ইউএনডিপিৰ পৰিসংখ্যা উল্লেখ কৰি কয় যে গ্রীন হাউছ গেছ নির্গমন এতিয়া ১৯৯০ৰ দশকৰ তুলনাত ৫০% বৃ্দ্ধি হৈছেতেওঁ ইউএনডিপি'ৰ প্ৰতিবেদন উল্লেখ কৰি কয় যে জলবায়ু ৰক্ষাত সঠিক ব্যৱস্থাৰ ফলত ২০৩০ চনৰ মাজত ২৬ মিলিয়ন মার্কিন ডলাৰ অর্থনৈতিক সুবিধা অর্জন কৰিব পৰা যাব আৰু শক্তিৰ সঠিক প্রয়োগৰ ওপৰত মনোনিৱেশ কৰি ২০৩০চনৰ ভিতৰত শক্তি খণ্ডত ১৮ মিলিয়নতকৈও অধিক লোকক কর্মসংস্থাপন গঢ় দিয়াটো সম্ভৱ

বায়ু প্ৰদূষণৰ ফলত প্রতিবছৰে বিশ্বব্যাপী সাত মিলিয়ন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি তেওঁ কয় সময়সাপেক্ষে এতিয়া বীকৰণযোগ্য শক্তি, সেউজ গৃহৰ ধাৰণা, পৰিষ্কাৰ প্রযুক্তি আৰু বৈদ্যুতিক যানবাহনৰ ব্যৱহাৰৰ দিশত গুৰুত্ব দিয়া উচিত।

ব্যাপক হাৰত গছপুলি ৰোপণেৰ দৰে আঁচনি গ্ৰহণ কৰা আৰু প্রাকৃতিক সম্পদ কমকৈ ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ দৰে মন্ত্র সাৰোগত কৰি ইয়াৰ সংৰক্ষণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ লোকসকলৰ প্রতি আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিয়ে তেওঁ কয় যে এক সমাজ হিচাপে আমিমিলমিলেৰে অগ্রসৰ হোৱা দৰকাৰ। উপ-ৰাষ্ট্রপতিয়ে উন্নত ভৱিষ্যতৰ বাবে প্রকৃতি ৰক্ষা আৰু সংস্কৃতি সংৰক্ষণৰ পৰত গুৰুত্ব আৰোপ কৰে

****

VRRK/MS/MSY/RK/DB



(Release ID: 1616957) Visitor Counter : 350