কৃষি মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা ‘লকডাউন’ৰ সময়চোৱাত সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ নিৰবিচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সময়োচিত পদক্ষেপ গ্ৰহণ

‘ই-নাম’-ৰে সংযোজিত হৈছে ১১.৩৭লাখৰো অধিক ট্ৰাক আৰু ২.৩লাখ পৰিবহণকাৰী

Posted On: 21 APR 2020 6:21PM by PIB Guwahati

’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা ‘লকডাউন’ৰ সময়চোৱাত সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ নিৰবিচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিছে। এই সময়চোৱাত দেশৰ পাইকাৰী বজাৰত সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ লগতে যোগান শৃংখল উজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ‘নেশ্যনেল এগ্ৰিকালচাৰেল মাৰ্কেট’-চমুকৈ ‘ই-নাম’ প’ৰ্টেলত দুটা অতিৰিক্ত গোটৰ সংযোজন কৰি ন-কৈ প’ৰ্টেলটো গঢ়ি তোলে। নতুনকৈ সংযোজিত গোট দুটা হ’ল-১)’পণ্যাগাৰ ভিত্তিক বিপণন গোট’ আৰু ২)’কৃষক-উত্পাদক সংস্থা গোট’। পণ্যাগাৰ ভিত্তিক বিপণন গোট-ৰ আধাৰত কৃষকসকলে তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ ‘পণ্যগাৰ বিকাশ আৰু নিয়ামক প্ৰধিকৰণ’(ডব্লিউডিআৰএ)ৰ দ্বাৰা পঞ্জীয়নভুক্ত আৰু ‘ডীম্ড মাৰ্কেট’ বুলি অধিসূচিত পণ্যাগাৰসমূহৰ পৰা পোনপতীয়াকৈ বিক্ৰী কৰিব পাৰিব। আনহাতে ‘কৃষক-উত্পাদক সংস্থা গোট’-ৰ আধাৰত এই সংস্থাবোৰে বজাৰলৈ সোঁ-শৰীৰে নোযোৱাকৈয়ে তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহৰ ফটো/মান সম্পৰ্কীয় সূচকাংকসমূহ সংশ্লিষ্ট সংগ্ৰহকেন্দ্ৰসমূহৰ পৰা অন-লাইনত ‘আপলোড’ কৰি বিপণনৰ বাবে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণৰ ব্যৱস্থা কৰিব পাৰিব। এই পৰ্যন্ত ১২খন ৰাজ্য- পাঞ্জাৱ, ওড়িশা, গুজৰাট, ৰাজস্থান, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, হাৰিয়াণা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ডৰ ‘কৃষক-উত্পাদক সংস্থা’সমূহে এই বিপণনত অংগ্ৰহণ কৰিছে।

ইফালে, কৃষক, ‘কৃষক-উত্পাদক সংস্থা’, সমবায় সমিতিসমূহক প্ৰত্যক্ষ বিপণনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে এলানি বিধি-পৰামৰ্শাৱলী প্ৰেৰণ কৰা হৈছে।

লকডাউন’ৰ এই সময়চোৱাত ‘ই-নাম’ ‘সামাজিক ব্যৱধানবিধি’ পালনৰ বাবে উপযুক্ত ব্যৱস্থা হিচাপে চিহ্নিত হৈছে।

সংকটৰ এই মুহূৰ্তত কৃষকসকলৰ উত্পাদিত সামগ্ৰীসমূহ খেতি-পথাৰৰ পৰা পৰিবহণ কৰাৰ উপৰি এনে সামগ্ৰী বজাৰ আদিলৈ অনা-নিয়া কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃষি মন্ত্ৰালয়ে কিষাণ ৰথ’ শীৰ্ষক এক ‘মোবাইল এপ’-ও মুকলি কৰিছে।

কৃষিজাত সামগ্ৰীৰ পৰিবহণ জৰিয়তে সংকটৰ এই সময়চোৱাত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে ইতিমধ্যে ‘ই-নাম’-ৰে সংযোজিত হৈছে ১১.৩৭লাখৰো অধিক ট্ৰাক আৰু ২.৩লাখ পৰিবহণকাৰী।

ইফালে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ফল-মূল, শাক-পাচলি আদিৰ যোগান আৰু দৰ নিৰীক্ষণ কৰাৰ বাবে এটি পৃথক কোষো স্থাপন কৰিছে কৃষি মন্ত্ৰালয়ে।

*****

APS/PK/MS/BHAVYA/KB



(Release ID: 1616921) Visitor Counter : 269