বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰতীয় অৰ্থনীতিৰ পুনৰুথ্থান নিশ্চিত কৰাৰ বাবে ‘টিআইএফএচি’-য়ে সন্ধান কৰিব সৰ্বোত্তম পন্থা

ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰতীয় অৰ্থনীতিৰ পুনৰুথ্থানৰ কৌশল নিৰ্ণয়ৰ বাবে শ্বেত পত্ৰ যুগুতোৱাৰ প্ৰস্তুতি

Posted On: 21 APR 2020 5:26PM by PIB Guwahati

’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰতীয় অৰ্থনীতিৰ পুনৰুথ্থানৰ কৌশল নিৰ্ণয়ৰ বাবে শ্বেত পত্ৰ যুগুতোৱাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰৰ ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ৰ অধীনস্থ প্ৰযুক্তি-উদ্ভাৱক স্বতন্ত্ৰ সংস্থা ‘টেকনলজী ইনফৰ্মেশ্যন, ফ’ৰকাষ্টিং এণ্ড এছেছমেণ্ট কাউন্সিল’(টিআইএফএচি)য়ে।

এই শ্বেত-পত্ৰত ‘মেক ইন ইণ্ডিয়া’ কাৰ্যক্ৰম শক্তিশালীকৰণ, থলুৱাভাবে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ, এক প্ৰযুক্তি সঞ্চালিত স্বচ্ছ ৰাজহুৱা বিতৰণ ব্যৱস্থা বিকশিত কৰা, কুশল গ্ৰাম্য স্বাস্থ্যসেৱা নিশ্চিত কৰা, আমদানি হ্ৰাস কৰাৰ ব্যৱস্থা কৰা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেশ্বিন লাৰ্ণিং আৰু ডাটা এনালাইটিক্সৰ দৰে নৱতম প্ৰযুক্তিক আদৰণি জনোৱাৰ দৰে প্ৰসংগত বিশেষ গুৰুত্ব প্ৰদান কৰা হব। এই পত্ৰ চৰকাৰৰ অধিকৃত সিদ্ধান্তগ্ৰহণকাৰী কৰ্তৃপক্ষক আচিৰেই প্ৰদান কৰা হ’ব।

আজিৰ পৰিস্থিতিত সমগ্ৰ পৃথিৱীয়েই কেৱল ক’ভিড-১৯ বিৰোধী যুঁজত নিমগ্ন হৈ পৰিছে। মহামাৰীবিধে বিকশিত–বিকাশশীল সকলো দেশৰ সমগ্ৰ মানৱজীৱনকে প্ৰভাৱিত কৰিছে। উত্পাদনৰ পৰা বাণিজ্যলৈ, পৰিবহণৰ পৰা পৰ্যটনলৈ, শিক্ষা, স্বাস্থ্যসেৱাকে ধৰি অৰ্থনীতিৰ সকলো ক্ষেত্ৰকে শোচনীয় ভাবে সংকটাপন্ন কৰিছে। এনে প্ৰেক্ষাপটত যিকোনো এখন দেশৰ অৰ্থনৈতিক সংকটৰ পৰিসৰ সংশ্লিষ্ট দেশখনত মহামাৰীবিধৰ সংক্ৰমণৰ ব্যাপকতা আৰু ইয়াৰ প্ৰতিৰোধ কৌশলৰ সাফল্যৰ ওপৰতে নিৰ্ভৰ কৰিব।

সেয়ে, ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰতীয় অৰ্থনীতিৰ পুনৰুথ্থান নিশ্চিত কৰাৰ বাবে ‘টিআইএফএচি’-ৰ এদল বিজ্ঞানীয়ে সৰ্বোত্তম পন্থাৰ সন্ধান কৰাৰ বাবে ব্ৰতী হৈছে। এইসকল বিজ্ঞানীয়ে ভৱিষ্যতে আহিব পৰা এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ কৌশল ৰচনা কৰাৰো প্ৰয়াস কৰিছে।

 [For more details: Nirmala Kaushik, nirmala.kaushik[at]gmail[dot]com, Mob: 9811457344]

****

KGS/KB



(Release ID: 1616907) Visitor Counter : 141