ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

১ এপ্ৰিলৰ পৰা এই পৰ্যন্ত প’ৰ্টেলত ক’ভিড-১৯ সংক্ৰান্তীয় ২৫০০০ৰৰো অধিক ৰাজহুৱা অভিযোগৰ মীমাংসা

Posted On: 20 APR 2020 8:05PM by PIB Guwahati

যোৱা ১এপ্ৰিলৰ পৰা এই পৰ্যন্ত ২০টা দিনত পৰ্টেলত উথ্থাপন কৰা কভিড-১৯ সংক্ৰান্তীয় ২৫০০০ৰৰো অধিক ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰা হৈছে বুলি তথ্য সদৰী কৰিছে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ দায়িত্বৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী আৰু ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰো ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব বহণ কৰা ড০ জিতেন্দ্ৰ সিঙে।

ৰোনাভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত বলবত্ কৰা লকডাউনৰ সময়চোৱাত কভিড-১৯ সংক্ৰান্তীয় ৰাজহুৱা আপত্তি-অভিযোগ আদিৰ দ্ৰুত সমীক্ষা কৰি এই সমূহৰ নিষ্পত্তি কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে যোৱা ১এপ্ৰিলত মুকলি কৰা নেশ্যনেল মণিটৰিং ডাটাবেছ-ৰ প্ৰতি যোৱা তিনিটা সপ্তাহত দেশৰ ৰাইজে বিপুল সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। এই পৰ্টেলত যোৱা ১ এপ্ৰিলৰ দিনাই কভিড-১৯ সংক্ৰান্তীয় ৩৩২টা ৰাজহুৱা অভিযোগ উথ্থাপিত হোৱাৰ বিপৰীতে পৰৱৰ্তি ১৫দিনত অৰ্থাত য়োৱা ১৬ এপ্ৰিল পৰ্যন্ত এই সংখ্যা ৫,৫৬৬লৈ বৃদ্ধি পাইছিল

Description: https://static.pib.gov.in/WriteReadData/userfiles/image/image001WUOH.jpg

২৪ঘণ্টাই কাম কৰি নেশ্যনেল মণিটৰিং ডাটাবেছ-ৰ তথ্য প্ৰবন্ধনৰ লগতে ৰাজহুৱা অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিকৰণৰ দিহা কৰাত দেখুউৱা বিশেষ তত্পৰতাৰ বাবে মন্ত্ৰী ড০ সিঙে ৰাজহুৱা অভিযোগ বিভাগক অভিনন্দন জ্ঞাপন কৰে। তেওঁ এইখিনি সময়ত গোচৰ মীমাংসাৰ গড় সময় ১.৫৭ দিনলৈ অৱনমিত কৰিব পৰাৰ বাবে বিশেষ সন্তুতি প্ৰকাশ কৰে।

ভিড-১৯ সংক্ৰান্তীয় ৰাজহুৱা অভিযোগ-আপত্তি আদিৰ সমাধান বিচৰাৰ ক্ষেত্ৰত নেশ্যনেল মণিটৰিং ডাটাবেছ(https://darpg.gov.in) -ৰ দিহা  এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

এই সময়চোৱাত ১৪,৯৮২টা কভিড সংক্ৰান্তীয় অভিযোগ মীমাংসাৰ বাবে বিভিন্ন ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকীখিনি অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংশ্লিষ্ট বিভাগসমূহলৈ পঠোৱা হৈছিল।

<><><><><>

VG/SNC/KB



(Release ID: 1616631) Visitor Counter : 223