তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

পিআইবি ফেক্টচেকে আজি টুইট কৰিছে চৰকাৰী তথ্যৰ পাঁচটা দফা

বাষ্টেড: ‘ভোকাতুৰ শিশুৱে ভেকুলী ভক্ষণ কৰিছে জেহানাবাদত’

স্পষ্টীকৰণঃ উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে হোৱাটছএপৰ বাবে নিৰ্ধাৰণ কৰা নাই কোনো নীতি-নিয়ম

Posted On: 20 APR 2020 8:56PM by PIB Guwahati

চিয়েল মিডিয়াত বহুল প্ৰচাৰিত ভ্ৰান্ত খবৰৰ পৰীক্ষণ তথা উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা উদ্বিগ্নতাৰ ভিত্তিত পিআইবিয়ে এই ভ্ৰান্ত খবৰসমূহৰ প্ৰচাৰ ৰোধ কৰিবলৈ এটা গোট গঠন কৰিছে৷ টুইটাৰত পিআইবি ফেক্টচেক শীৰ্ষক এক বৈধ হেণ্ডেল সৃষ্টি কৰা হৈছে যিয়ে নিৰৱচ্ছিন্নভাৱে ছচিয়েল মিডিয়াত প্ৰচাৰিত ভ্ৰান্ত খবৰসমূহ নিৰীক্ষণ কৰি থাকে৷ তাৰোপৰি পিআইবি_ইণ্ডিয়া হেণ্ডেল আৰু বিভিন্ন আঞ্চলিক পিআইবিৰ হেণ্ডেলে টুইটাৰত #পিআইবিফেক্টচেক হেশ্বটেগ ব্যৱহাৰ কৰি যিকোনো তথ্যৰ চৰকাৰী আৰু বৈধ দফা প্ৰকাশ কৰে৷

যিকোনো লোকে পিআইবি ফেক্টচেকত যিকোনো ধৰণৰ ছচিয়েল মিডিয়া বাৰ্তা, অডিঅ’, ভিডিঅআদি প্ৰদান কৰি বাৰ্তাটোৰ বৈধতাকৰণ পৰীক্ষা কৰিব পাৰে৷ বাৰ্তাসমূহৰ সত্যতা পৰীক্ষণৰ বাবে https://factcheck.pib.gov.in অথবা +৯১৮৭৯৯৭১১২৫৯ নম্বৰলৈ হোৱাটছএপ অথবা pibfactcheck[at]gmail[dot]com লৈ ইমেইল কৰিব পাৰে৷ পিআইবিৰ ৱেবছাইটঃ https://pib.gov.in এই আটাইবোৰ তথ্য উপলব্ধ আছে৷

পিআইবি ফেক্টচেকে আজি পাঁচটা তথ্যৰ চৰকাৰী দফা টুইটাৰত প্ৰকাশ কৰিছে৷ ছচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত এক বাৰ্তা যত এইদৰে প্ৰকাশ হৈছে যে বিহাৰৰ জেহানাবাদত ভোকাতুৰ শিশুসকলে ঘৰত একো খাবলৈ নাপাই ভেকুলী ভক্ষণ কৰিছে- এই তথ্য মিথ্যা প্ৰমাণিত হৈছে৷ জেহানাবাদৰ প্ৰশাসনৰ পৰা শিশুসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য মজুত আছে বুলি প্ৰকাশ কৰা হৈছে৷

আনহাতে ছডিয়াম হাইপক্লৰাইড মানুহৰ শৰীৰত ছটিয়াব পাৰি বুলি প্ৰচাৰ হোৱা এটা বাৰ্তাৰ প্ৰত্যুত্তৰত পিআইবি ফেক্টচেকৰ পৰা এই ৰসায়নবিধ মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক বুলি কোৱা হৈছে৷

উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে হোৱাটছএপ গ্ৰুপৰ বাবে নীতি-নিয়ম নিৰ্ধাৰণ বুলি ওলোৱা গুজৱ এটাও পিআইবি লক্ষ্ণৌৱে খণ্ডন কৰিছে৷ তাৰোপৰি আম্বেদকাৰ নগৰৰ ৰিজৱান নামৰ এজন যুৱক আৰক্ষীৰ নিৰ্যাতনৰ দ্বাৰা মৃত্যু মুখত পৰা বাতৰি এটাৰ বিৰুদ্ধে পিআইবি লক্ষ্ণৌৱে সত্যতা প্ৰকাশ কৰি কয় যে সেই যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাত পেৰিকাৰ্ডিয়েল নিঃসৰণ হোৱাটো ধৰা পৰিছে আৰু যুৱকজনৰ মৃত্যুও সেই একেটা কাৰণতে হৈছে৷ 

*****

KSD/SS/PK/MANN



(Release ID: 1616629) Visitor Counter : 183