অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ানৰ কাৰ্গো বিমানে সমগ্ৰ দেশৰ বিভিন্ন অংশত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ যোগান দিয়াৰ বাবে ৩ লাখ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছে

Posted On: 20 APR 2020 3:16PM by PIB Guwahati

অসামৰিক বিমান মন্ত্ৰালয়ৰদ্বাৰা পৰিচালিত লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আই এ এফ আৰু ব্যক্তিগত খণ্ডৰ ৩০১ খন বিমানে সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলসমূহতো অত্যাৱশ্যকীয় চিকিসা সামগ্ৰীৰ যোগান দি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত দেশক সম্পূৰ্ণ সহযোগ কৰিছে আৰু ইতিমধ্যে আকাশী পথেৰে ৩ লাখ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰি ৫০৭.৮৫ টন সামগ্ৰী কঢ়িয়াইছে। ইয়াৰে ১৮৪ খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰদ্বাৰা পৰিচালিত।

জম্মু-কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জসমূহ আৰু উত্তৰ-পূৰ্বাঞ্চলত জটিল চিকিসা সামগ্ৰী আৰু ৰোগী কঢ়িয়াবৰ বাবে পৱন হংসৰ হেলিকাপ্তাৰ সেৱা আগবঢ়োৱা হৈছে। পৱন হংসে ১৯ এপ্ৰিল ২০২০ লৈকে ৬৫৩৭ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১.৯০ টন সামগ্ৰী কঢ়িয়াইছে।    ঘৰুৱা লাইফলাইন উড়ানৰ কাৰ্গো বিমানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অনুৰোধক্ৰমে ক’ভিড-১৯ ৰ লগত সম্পৰ্কিত ৰিজেন্ট, এনজাইম, চিকিসা সঁজুলি, পৰীক্ষণ সঁজুলি, ব্যক্তিগত সুৰক্ষা সাজ, মাস্ক, হাতমোজা, এইচ এল এল আৰু আই চি এম আৰৰ বিভিন্ন সামগ্ৰী আৰু ডাকত পঠিওৱা সামগ্ৰীসমূহ কঢ়িয়াইছে।

উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চলসমূহ আৰু পাহাৰীয়া অঞ্চলসমূহত সামগ্ৰী যোগান দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। কম ওজনৰ কিন্তু অধিক ঠাই লোৱা সামগ্ৰী যেনে মাস্ক, হাতমোজা আদিৰ বাবে যাত্ৰীবাহী বিমানৰ যাত্ৰীৰ আসনত প্ৰয়োজনীয় সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি কঢ়িয়াব পৰাকৈ বিশেষ অনুমতি লোৱা হৈছে।

ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (এন এই চি)ই লাইফলাইন উড়ান বিমান আৰু অসামৰিক বিমান মন্ত্ৰালয়ৰ মাজত সহযোগিতা সুচল কৰি তুলিবলৈ এটা পৰ্টেল তৈয়াৰ কৰিছে। লাইফলাইন উড়ান বিমানৰ বিতং তথ্য https://esahaj.gov.inlifeline_udan/public_info লিংকত প্ৰতিদিনে উপলব্ধ কৰা হৈছে।

ব্লুডাৰ্ট, ইণ্ডিগো, স্পাইচজেট আদি ঘৰুৱা কাৰ্গো অপাৰেটৰে বাণিজ্যিক ভিত্তিত সেৱা আগবঢ়াই আছে। স্পাইচজেটে ২৪ মাৰ্চৰ পৰা ১৯ এপ্ৰিল পৰ্যন্ত ৬,২৯,৩২৫ কিলোমিটাৰ দূৰত্ব সামৰি ৪২৭ খন বিমান চলাচল কৰাইছে আৰু ৩৪১৪ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে, তাৰে ১৩৫ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। ব্লুডাৰ্টে ২৫ মাৰ্চৰ পৰা ১৯ এপ্ৰিল পৰ্যন্ত ১,৩৯,১৭৯ কিলোমিটাৰ দূৰত্ব সামৰি ১৪১ খন ঘৰুৱা বিমান চলাচল কৰাইছে আৰু ২২৪১ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। ইণ্ডিগোই ৩ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিল পৰ্যন্ত ৩৭,১৬০ কিলোমিটাৰ দূৰত্ব সামৰি ৩৩ খন বিমান চলাচল কৰাইছে আৰু ৬৬ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। ইয়াৰ ভিতৰত চৰকাৰৰ বাবে বিনামূলীয়াকৈ কঢ়িওৱা চিকিসা সামগ্ৰীও অন্তৰ্ভুক্ত হৈ আছে।

তাৰিখ অনুযায়ী কাৰ্গো বিমানেৰে তলত দিয়া পৰিমাণৰ চিকিসা সামগ্ৰী কঢ়িওৱা হৈছেঃ

ক্ৰ. নং

তাৰিখ

যাত্ৰাৰম্ভৰ স্থান

পৰিমাণ (টন)

০৪.৪.২০২০

সাংহাই

২১

০৭.৪.২০২০

হংকং

০৯.৪.২০২০

সাংহাই

২২

১০.৪.২০২০

সাংহাই

১৮

১১.৪.২০২০

সাংহাই

১৮

১২.৪.২০২০

সাংহাই

২৪

১৪.৪.২০২০

হংকং

১১

১৪.৪.২০২০

সাংহাই

২২

১৬.৪.২০২০

সাংহাই

২২

১০

১৬.৪.২০২০

হংকং

১৭

১১

১৬.৪.২০২০

চিউল

০৫

১২

১৭.৪.২০২০

সাংহাই

২১

১৩

১৮.৪.২০২০

সাংহাই

১৭

১৪

১৮.৪.২০২০

চিউল

১৪

১৫

১৮.৪.২০২০

জুৱাংঝু

০৪

১৬

১৯.৪.২০২০

সাংহাই

19

 

 

মুঠ

২৬১

প্ৰয়োজন সাপেক্ষে সময়সূচী নিৰ্দিষ্ট কৰা বিমানেৰে এয়াৰ ইণ্ডিয়াই অন্যান্য দেশলৈও জটিল চিকিসা সামগ্ৰীৰ যোগান দিব।

****

RJ/NG/PRK



(Release ID: 1616608) Visitor Counter : 224