পঞ্চায়তীৰাজ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশৰে বিভিন্ন জিলা প্ৰশাসন আৰু গাওঁ পঞ্চায়তসমূহে গ্ৰহণ কৰিছে বিভিন্ন উল্লেখযোগ্য পদক্ষেপ

পৰামৰ্শদাতা কমিটি গঠন, ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দেৱাল লিখন, মাস্ক চিলাই আৰু বিতৰণ, দৰিদ্ৰৰ মাজত ৰন্ধা খাদ্য/খাদ্য সামগ্ৰীৰ বিনামূলীয়া বিতৰণ আৰু ৰাজহুৱা স্থান ছেনিটাইজেশ্যনকে ধৰি গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ

प्रविष्टि तिथि: 20 APR 2020 12:57PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশৰে বিভিন্ন জিলা প্ৰশাসন আৰু গাওঁ পঞ্চায়তসমূহে বিভিন্ন ধৰণৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তলত এনে কিছুমান পদক্ষেপ ৰাজ্য হিচাপে আগবঢ়োৱা হৈছে -

  • মধ্য প্ৰদেশ - ৰাজগড় জিলাৰ আজীৱিকা অভিযান গাওঁ পঞ্চায়ত সমূহৰ মাজত ফে’চমাস্ক চিলাই কৰি বিতৰণ কৰা কামত জড়িত হৈ আছে। ইফালে ভুপাল জিলাৰ হুজুৰ তেহশিলস্থিত আচাৰপুৰা গাওঁ পঞ্চায়তৰ চৰপঞ্চ বা নেতৃত্বই গাওঁবাসীৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিছে। নৰসিংহপুৰ জিলাৰ চিছ’লি খণ্ডৰ খামাড়িয়া পঞ্চায়তত বিভিন্ন দেৱাল লিখনৰ কাম কৰা হৈছে।

 

 

  • তামিলনাডু – পঞ্চায়তৰ বিষয়ববীয়াসকলৰ তদাৰকীত তিৰুপ্পাৰ জিলাৰ তিৰুপ্পাৰ খণ্ডৰ মংগলম পঞ্চায়তত সম্পাদন কৰা হৈছে ছেনিটাইজেশ্যন কাৰ্যসূচী।

 

 

  • নাগালেণ্ডনাগালেণ্ডৰ মুখ্য সচিব আইএএছ বিষয়া শ্ৰী তামজেন টয়ে নাগালেণ্ডৰ ভিতৰত ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু সাজু হৈ থাকিবৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ বিগত ১৭ মাৰ্চ, ২০২০ তাৰিখে ক’ভিড-১৯ বিশেষ এক বিশেষ পৰামৰ্শ গোট বা স্পেচিয়েল এডভাইজ’ৰী গ্ৰুপ গঠন কৰিছে।

গ্ৰামীণ পৰ্যায়ত ডিমাপুৰৰ কুহুব’ট’ খণ্ডৰ ছৌজুখু গাওঁত ছাখে আত্মসহায়ক গোটে গাওঁখনৰ গৃহহীন লোকসকলক খাদ্য প্ৰস্তুত কৰি যোগান ধৰিছে। ইয়াৰ উপৰিও ডিমাপুৰৰে ছুমুকেডিমা খণ্ডৰ ছিগনেল আংগামী গাওঁৰ এক গ্ৰামীণ পৰ্যায়ৰ এক সংগঠনে দৈনিক দিনহাজিৰা কৰা লোকসকলৰ প্ৰতিজনকে ১০ কিলোগ্ৰামকৈ চাউল যোগান ধৰিছে।

 

*****

 

APS/SG/PK/RD


(रिलीज़ आईडी: 1616458) आगंतुक पटल : 421
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada