কৃষি মন্ত্ৰালয়
ক’ৰোনা ভাইৰাছৰ প্ৰকৃত যোদ্ধাসকলে সেৱা আগবঢ়াইছে খেতিপথাৰৰ পৰা
লকডাউনৰ সময়তো ৰবি শস্য চপোৱা আৰু ৰবি শস্য সিচা কাৰ্যত অহা নাই বাধা, অহা নাই মন্থৰতা
সমগ্ৰ দেশতে ৰবি শস্যৰ ভিতৰত ৬৭% গমধানৰ খেতি কৰা হৈছে ৩১০ লাখ হেক্টৰ ভূমিত
১৭ এপ্ৰিলত বিগত বৰ্ষত সিচা ৰবিকালীন শস্যৰ তুলনাত এইবাৰ ১৪% অধিক শস্য সিঁচা হৈছে
সকলো প্ৰতিবন্ধকতা প্ৰতিকূলতাৰ প্ৰত্যাহ্বান নেওঁচি খেতিপথাৰত কপালৰ ঘাঁম পেলোৱা খেতিয়কসকলৰ নীৰৱ প্ৰয়াসত সহায় কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সঠিক সময়ত গ্ৰহণ কৰা পদক্ষেপে
পোষ্ট কৰা হৈছে:
19 APR 2020 3:28PM by PIB Guwahati
সাম্প্ৰতিক অনিশ্চয়তাপূৰ্ণ পৰিস্থিতিৰ মাজতো কিছুমান কাৰ্যাৱলী তথা পদক্ষেপে আমাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে, আৰু সেয়া হৈছে কৃষিখণ্ডৰ সক্ৰিয় কাৰ্যাৱলী, যিয়ে সমগ্ৰ দেশকে খাদ্য সুৰক্ষাৰ দিশটোকো নিশ্চিতি প্ৰদান কৰিব পাৰিছে। এনে এক প্ৰতিকূল পৰিৱেশৰ মাজতো সমগ্ৰ দেশতে বহু কৃষক তথা কৃষি শ্ৰমিকে মূৰৰ ঘাম মাটিত পেলাই প্ৰত্যাহ্বান নেওঁচিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সময়মতে গ্ৰহণ কৰা পদক্ষেপ আৰু এইসকল কৃষকৰ নীৰৱ প্ৰয়াসে দেশত শস্য চপোৱা আৰু শস্যৰ বীজ সিঁচা কাম অব্যাহত ৰখাত সহায় কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সৰ্বাত্মক পৰামৰ্শাৱলী ঘোষণা কৰাৰ যোগেদি দেশত যাতে কৃষি কাৰ্য মসৃণভাৱে চলি থাকে, সেয়া নিশ্চিত কৰিছে। সময়মতে গ্ৰহণ কৰা সিদ্ধান্ত আৰু ৰেহাইয়ে এক অনবদ্য ফলাফল আনি দিবলৈ সক্ষম হ’ল বিশেষকৈ কৃষি ক্ষেত্ৰত। কৃষকসকলৰ সুৰক্ষাৰ বাবে সামাজিক দূৰত্বকে ধৰি অন্যান্য সাৱধানতাসমূহো গ্ৰহণ কৰা হ’ল। আগ্ৰাসী মনোভাৱেৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলতে ৰবি শস্য চপোৱা আৰু খাৰিফ শস্যৰ সিঁচা দুয়োটা কামেই সুন্দৰভাৱে সম্পন্ন কৰিব পৰা গৈছে।
১৭ এপ্ৰিল, ২০২০ তাৰিখে সিঁচা ৰবি শস্যৰ বীজৰ পৰিমাণ বিগত বৰ্ষৰ একেই সময়ৰ তুলনাত ১৪ শতাংশ বেছি হৈছে। এই পৰ্যন্ত ৰবি শস্যৰ এলেকা বিগত বৰ্ষৰ ৩৮.৬৪ লাখ হেক্টৰৰ পৰা বৃদ্ধি হৈ চলিত বৰ্ষত হৈছেগৈ ৫২.৭৮ লাখ হেক্টৰ। ঠিক তেনেদৰে মাহজাতীয় আৰু সৰিয়হৰ খেতিৰ ক্ষেত্ৰতো বিগত বৰ্ষৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে কৃষি এলেকা। বিগত বৰ্ষ এই পৰিমাণ আছিল ১৪.৭৯ লাখ হেক্টৰ ভুমি, এইবছৰ এই পৰিমাণ বৃদ্ধি পাইছে ২০.০৫ লাখ হেক্টৰলৈ।

ৰবি শস্য মগু খেতিৰ বাবে বীজ সাজু কৰি তোলা হৈছে
পশ্চিমবঙ্গ, তেলেংগানা, উৰিষ্যা, অসম, গুজৰাট, কৰ্ণাটক, ছট্টিশগড়, তামিলনাডু, বিহাৰ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কেৰালাত প্ৰায় ৩৩ লাখ হেক্টৰ ভূমিত আৰম্ভ হৈছে গ্ৰীষ্মকালীন ধান খেতি।
তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবঙ্গ, গুজৰাট, ছট্টিশগড়, বিহাৰ, পঞ্জাৱ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু তেলেংগানাত প্ৰায় ৫ লাখ হেক্টৰ ভুমিত কৰা হৈছে মাহজাতীয় শস্যৰ খেতি।

বীজ সিঁচাৰ পিছত লহপহকৈ বাঢ়ি আহিছে মগু খেতি
ইফালে পশ্চিমবঙ্গ, কৰ্ণাটক, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, ছট্টিশগড়, মধ্যপ্ৰদেশ, পঞ্জাৱ আৰু বিহাৰত প্ৰায় ৭.৪ লাখ হেক্টৰ ভুমিত সৰিয়হ খেতি কৰা হৈছে।
উল্লেখ্য যে ৰবি শস্যই কেৱল অতিৰিক্ত উপাৰ্জনেই প্ৰদান নকৰে, বৰঞ্চ ৰবি আৰু খাৰিফৰ মাজত কৃষকসকলৰ বাবে যথেষ্ট পৰিমাণৰ নিয়োগৰ সুবিধাও সৃষ্টি কৰে। ইয়াৰ উপৰিও ৰবি শস্যৰ ফলত ভুমিৰ উৰ্বৰা শক্তিও যথেষ্ট পৰিমাণে বৃদ্ধি হয়।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ নিৰ্দেশাৱলীয়ে সমগ্ৰ দেশতে শস্য চপোৱা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাই নহয়, বৰঞ্চ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰো মূল্য ৰাখিবলৈ সক্ষম হ’ল।
*****
APS/PK/MS/BA/RD
(ৰিলিজ আই ডি : 1616411)
অতিথি কক্ষ : 395
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada