গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত শ্ৰমিকসকলৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ভিতৰতে চলাচল কৰাৰ বাবে এছঅ’পি

বৰ্তমানে আৱদ্ধ হৈ থকা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বাহিৰলৈ যাব নোৱাৰিব এই শ্ৰমিকসকলে

Posted On: 19 APR 2020 3:37PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত উদ্যোগ, কৃষি, নিৰ্মাণ আৰু অন্যান্য ক্ষেত্ৰৰ শ্ৰমিকসকলে নিজৰ স্থানৰ পৰা স্থানান্তৰিত হৈছিল আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে ব্যৱস্থা কৰা সাহায্য শিবিৰত আশ্ৰয় লৈছিল৷ ২০ এপ্ৰিলৰ পৰা নিয়ন্ত্ৰিত স্থানসমূহৰ বাহিৰৰ এলেকাসমূহৰ বাবে অতিৰিক্ত নতুন গতিবিধিৰ অনুমোদন জাৰি হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই শ্ৰমিকসকলে উদ্যোগ, নিৰ্মাণ, কৃষি আৰু এমএনৰেগা আদি কৰ্মৰ সৈতে জড়িত হ’ব পাৰিব৷

২৯ মাৰ্চ, ১৫ এপ্ৰিল আৰু ১৬ এপ্ৰিল ২০২০ তাৰিখে জাৰি কৰা গৃহ মন্ত্ৰালয়ৰ পূৰ্বৰ নিৰ্দেশনা অব্যাহত থকাৰ লগতে আৱদ্ধ শ্ৰমিকসকলক ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ভিতৰতে চলাচল কৰিব দিবলৈ ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসনলৈ আন এক নিৰ্দেশনা জাৰি কৰা হৈছে৷

এইসমূহত অন্তৰ্ভুক্ত থাকিবঃ

  • ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ভিতৰত থকা প্ৰব্ৰজিত কৰ্মীসকলে সংশ্লিষ্ট স্থানীয় প্ৰাধিকৰণৰ সৈতে তেওঁলোকৰ দক্ষতা অনুসাৰে বিভিন্ন কামৰ সন্ধান কৰিবলৈ পঞ্জীকৃত হ’ব লাগিব৷
  • যিসকল প্ৰব্ৰজিত শ্ৰমিকে নিজৰ ৰাজ্যৰ ভিতৰতে পূৰ্বৰ কৰ্মস্থানলৈ উভটিব খোজে তেওঁলোকক পৰীক্ষণ কৰা হ’ব আৰু যিসকলৰ গাত ৰোগৰ কোনো লক্ষণ নাই তেওঁলোকক নিজা কৰ্মস্থলীলৈ স্থানান্তৰিত কৰা হ’ব৷
  • এয়া গুৰুত্বপূৰ্ণ যে প্ৰব্ৰজিত শ্ৰমিকসকলে এতিয়া যি স্থানত আছে তাৰে পৰা বাহিৰৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ যাব নোৱাৰিব৷
  • বাছেৰে ভ্ৰমণ কৰাৰ সময়ত সুৰক্ষিত সামাজিক ব্যৱধান পালন কৰাটো আৱশ্যক হ’ব আৰু পৰিবহণৰ বাবে ব্যৱহৃত বাছসমূহ স্বাস্থ্য প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি ছেনিটাইজ কৰি ল’ব লাগিব৷
  • ১৫ এপ্ৰিল ২০২০ তাৰিখৰ সন্মিলিত সংশোধিত নিৰ্দেশনাৱলীৰ অধীনত ক’ভিড-১৯ৰ ৰাষ্ট্ৰীয় নিৰ্দেশাৱলী কঠোৰভাৱে বলৱৎ হ’ব৷
  • স্থানীয় প্ৰাধিকৰণে শ্ৰমিকসকলৰ ভ্ৰমণৰ সময়ছোৱাত খাদ্য আৰু পানীও যোগান ধৰিব৷

নিৰ্দেশাৱলী চাবলৈ ইয়াত ক্লিক কৰক

 

*****

VG/SNC/VM/MANN



(Release ID: 1616298) Visitor Counter : 168