প্ৰতিৰক্ষা মন্ত্ৰালয়

নাৰেলা কোৱাৰেণ্টাইন চেণ্টাৰলৈ সহায় সেনাৰ

Posted On: 19 APR 2020 7:37PM by PIB Guwahati

ভিড-১৯ৰ সন্দেহজনক লোকৰ বাবে ব্যৱস্থাপনা কৰা দিল্লীস্থিত নাৰেলা কোৱাৰেণ্টাইন কেন্দ্ৰ হৈছে দেশৰ ভিতৰতে সৰ্ববৃহ কেন্দ্ৰ৷ মাৰ্চ মাহৰ মাজভাগত দিল্লী চৰকাৰে এই কেন্দ্ৰটো স্থাপন কৰে৷ আৰম্ভণিতে মিত্ৰ দেশসমূহৰ পৰা অহা ২৫০গৰাকী বিদেশী নাগৰিকক ইয়াত ৰখা হৈছিল, যদিও পৰৱৰ্তী সময়ত নিজামুদ্দিন মাৰ্কাজৰ প্ৰায় ,০০০ জনক ইয়াত ৰখা হয়৷

এপ্ৰিল, ২০২০ৰ পৰা সেনাৰ একাংশ চিকিসক আৰু নাৰ্ছে নাৰেলা কোৱাৰেণ্টাইন চেণ্টাৰত অসামৰিক প্ৰশাসনক সহায় কৰি আহিছে৷ ১৬ এপ্ৰিলৰ পৰা পুৱা বজাৰ পৰা সন্ধিয়া বজালৈকে সেনাই দায়িত্ব পালন কৰি কেৱল নিশাৰ দায়িত্বহে দিল্লী চৰকাৰৰ চিকিসক আৰু নাৰ্ছসকলক প্ৰদান কৰি তেওঁলোকক সকাহ দি আহিছে৷ ছয়গৰাকী চিকিসা বিষয়া আৰু ১৮গৰাকী পেৰামেডিকেল কৰ্মীসহ সেনাৰ মুঠ ৪০গৰাকী কৰ্মচাৰীয়ে চৌহদটোত স্বেচ্ছামুলকভাৱে থাকে৷

সেনাৰ চিকিসা দলৰ সহযোগিতামুলক তথা ইতিবাচক কাম তথা সকলো চিকিসা পদ্ধতি সুকলমে সম্পন্ন কৰাৰ দক্ষতাই বাকী লোকসকলৰ অন্তৰ জয় কৰিছে৷ বৰ্তমান মাৰ্কাজৰ ৯৩২গৰাকীত কেন্দ্ৰটোত ৰখা হৈছে আৰু ইয়াৰে ৩৬৭গৰাকীৰ দেহত ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে৷

ৰোনা মহামাৰীৰ বিৰুদ্ধে দেশজোৰা প্ৰচেষ্টাৱলীৰ প্ৰতি অন্তঃকৰণে সহযোগিতা আগবঢ়াই সেনাই সকলো নাগৰিকৰ নিৰাপত্তাৰ দিশৰ কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷

 

*****

Col Aman Anand,PRO (Army)/DB



(Release ID: 1616278) Visitor Counter : 245