PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 19 APR 2020 6:40PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

দেশত এই পৰ্যন্ত ক’ভিড-১৯ৰ ১৫,৭১২টা নিশ্চিত পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ২২৩১জন ৰোগী অৰ্থাৎ ১৪.১৯% আৰোগ্য হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত ২১৪৪খন উৎসৰ্গিত ক’ভিড-১৯ চিকিৎসালয় চিনাক্ত কৰা হৈছে৷ কালিৰে পৰা নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ অঞ্চলসমূহৰ বাবে নিষেধাজ্ঞা শিথিল কৰা হ’ব যদিও হটস্পটসমূহত কোনো শিথিলতা প্ৰদান কৰা নহ’ব৷ ঔষধ পৰীক্ষণ আৰু ভেকচিনৰ সম্বন্ধীয় কামৰ বাবে উচ্চ পৰ্যায়ৰ টাস্কফ’ৰ্চ গঠন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

অনা-অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণ বন্ধ কৰিছে ই-কমাৰ্চ উদ্যোগসমূহে

লকডাউনৰ সময়ছোৱাত ই-কমাৰ্চ উদ্যোগসমূহৰ দ্বাৰা অনা-অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণ বন্ধ থাকিব বুলি স্পষ্ট কৰি দিছে গৃহ মন্ত্ৰালয়ে৷

অধিক বিৱৰণৰ বাবে

ৰাজ্যৰ ভিতৰতে আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকসকলৰ চলাচলৰ বাবে জাৰি কৰা হৈছে এছঅ’পি

২০ এপ্ৰিলৰ পৰা নিয়ন্ত্ৰণ এলেকাৰ বাহিৰৰ এলেকাসমূহৰ বাবে নতুন সংশোধিত নিৰ্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজ্যৰ ভিতৰতে উদ্যোগ, নিৰ্মাণ, কৃষি আৰু এমএনৰেগাৰ কামত জড়িত হ’ব পাৰিব৷ এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০ এপ্ৰিলৰ পৰা প্ৰয়োজ্য নিষেধাজ্ঞাৰ শিথিলতা সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চৰ্চা কৰি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰ্দেশ দিয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ৰ পৰিস্থিতিৰ খতিয়ান লয়৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০ এপ্ৰিলৰ পৰা প্ৰয়োজ্য নিষেধাজ্ঞাৰ শিথিলতা সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চৰ্চা কৰি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে হটস্প’ট/ক্লাষ্টাৰ/নিয়ন্ত্ৰিত মণ্ডলসমূহৰ ভিতৰত নপৰা এলেকাসমূহত কিছুমান বিশেষ গতিবিধিৰ বাবে অনুমতি দিয়া হ’ব৷

অধিক বিৱৰণৰ বাবে

যাত্ৰীবাহী বিমানৰ সন্দৰ্ভত গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত

যাত্ৰীবাহী বিমানৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে৷

অধিক বিৱৰণৰ বাবে

পেঞ্চন হ্ৰাস কৰাৰ কোনো প্ৰস্তাৱ দিয়া হোৱা নাইঃ চৰকাৰ

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত পেঞ্চনৰ ধন হ্ৰাস কৰা হ’ব বুলি প্ৰচাৰিত হোৱা উৰাবাতৰি সন্দৰ্ভত কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ পৰা এয়া ষ্পষ্ট কৰি দিয়া হয় যে এনে ধৰণৰ কোনো প্ৰস্তাৱনা দাখিল হোৱা নাই৷ বৰঞ্চ চৰকাৰে পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

অধিক বিৱৰণৰ বাবে

শ্ৰী অমিত শ্বাহে পুনৰীক্ষণ কৰিলে ক’ভিড-১৯ৰ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ স্থাপন কৰা গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্য

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ক’ভিড-১৯ৰ বাবে গঠন কৰা গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ কাম-কাজৰ খতিয়ান ল’বলৈ এখন বৈঠকত সভাপতিত্ব কৰে৷ গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষই ২৪ ঘণ্টাই ৰাজ্যসমূহ তথা কেন্দ্ৰ চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ সৈতে সমন্বয় স্থাপন কৰি আছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় নৌসেনাই অব্যাহত ৰাখিছে ‘মিছন ডিপ্লইড আৰু কম্বেট ৰেডী’

ক’ভিড-১৯ৰ পৰীক্ষণৰ ফলাফল ধনাত্মক পোৱাৰ পিছচ যি ২৬ গৰাকী নাবিকক মুম্বাইত কোৱাৰেণ্টাইনত ৰখা হৈছে তেওঁলোক আইএনএছ এংগ্ৰেৰ সৈতে জড়িত৷ এই পৰ্যন্ত ভাৰতীয় নৌসেনাৰ কোনো জাহাজ, ছাবমেৰিন অথবা বায়ু ষ্টেচনত ক’ভিড-১৯ৰ পৰিঘটনা পোহৰলৈ অহা নাই৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ লকডাউনৰ সময়ত ১৬.০১ কোটি হিতাধিকাৰীৰ বেংক একাউণ্টত পিএফএমএছৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ মাধ্যমত ৩৬,৬৫৯ কোটি টকা হস্তান্তৰ কৰা হৈছে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ঘোষণা কৰা ধন ডিবিটি ডিজিটেল লেনদেন ব্যৱস্থাৰ জৰিয়তে হস্তান্তৰ কৰা হৈছে৷বিগত ৩বছৰত পিএফএমএছৰ জৰিয়তে ডিবিটি লেনদেন বৃদ্ধি পাইছে; ডিবিটিৰ জৰিয়তে হস্তান্তৰ কৰা ধনৰ পৰিমাণ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ২২% পৰা ২০১৯-২০২০ত ৪৫%লৈ বৃদ্ধি হৈছে৷ ডিবিটিৰ মাধ্যমত পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ ধন হস্তান্তৰ কৰাৰ ফলত মধ্যভোগীৰ সমস্যা নাইকিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সময়সীমা সম্প্ৰসাৰণ কৰাৰ সুযোগ কৰদাতাসকলে গ্ৰহণ কৰিব পৰাকৈ কৰ আদায়-প্ৰপত্ৰ পুনৰীক্ষণ কৰিছেচিবিডিটি’-য়ে

ভিড-১৯ৰ পৰপ্ৰেক্ষিতত ভাৰত চৰকাৰে সময়সীমা সম্প্ৰসাৰণ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পূৰ্ণ সুযোগ আয় কৰদাতাসকলে গ্ৰহণ কৰিব পৰাকৈ ২০১৯-২০ বিত্তীয় বৰ্ষ(সমীক্ষা-বৰ্ষ ২০২০-২১) কৰ আদায়-প্ৰপত্ৰ পুনৰীক্ষণ কৰিছেচিবিডিটি’-য়ে। এই সংক্ৰান্তীয় অধিসূচনা এই মাহৰ শেহৰফালে জাৰি কৰা ব৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ত ৰবি শস্য চপোৱাৰ ক্ষেত্ৰত প্ৰায় কোনো সমস্যাৰ সৃষ্টি হোৱা নাই

আজিও বিৰাজমান হৈ থকা অনিশ্চয়তাৰ মাজতে কৃষি সম্পৰ্কীয় গতিবিধি চলি থকা ঘটনাই আশাৰ সঞ্চাৰ কৰিছে৷ কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰম অথলে নাযাবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শস্য চপোৱাৰ সময়ত তেওঁলোকে যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে নিশ্চিতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে শক্তিশালী হৈছে সংগ্ৰাম, লাইফলাইন উড়ান বিমানে অতিক্ৰম কৰিছে ২,৮৭,০৬১ কিলোমিটাৰ

লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত বিমানখণ্ডৰ ২৮৮খন বিমানে চলাচল কৰি আছে৷ আজি পৰ্যন্ত ৪৭৯.৫৫ টন সামগ্ৰী পৰিবাহিত কৰা হৈছে৷ লাইফলাইন উড়ানে ২,৮৭,০৬১ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি ৰেলৱেয়ে লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে ১১৫০ টন চিকিৎসা সামগ্ৰী পৰিবাহিত কৰিছে

ভাৰতীয় ৰে’লেৱে লকডাউনৰ সময়ছোৱাত সমগ্ৰ ৰাষ্ট্ৰতে অগ্ৰাধিকাৰভিত্তিত চিকিৎসা সামগ্ৰীসমূহৰ পৰিবহণ অব্যাহত ৰাখিছে৷ ভাৰতীয়ে ৰে’লেৱেয়ে পাৰ্চেল ৰে’লৰ জৰিয়তে এই সেৱা অব্যাহত ৰাখিছে৷ ১৮.০৪.২০২০ তাৰিখ পৰ্যন্ত ভাৰতীয় ৰে’লৱে দেশৰ বিভিন্ন প্ৰান্তলৈ ১১৫০ টন সামগ্ৰী পৰিবাহিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

জোতা উদ্যোগৰ প্ৰতিনিধিসকলক সৰ্বতোপ্ৰকাৰে সাহায্য প্ৰদানৰ আশ্বাস শ্ৰী নীতিন গাডকাৰীৰ

ভিড-১৯ মহামাৰীৰ ফলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জোতা উদ্যোগৰ প্ৰতিনিধিসকলক কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জোতা উদ্যোগৰ সন্মিলনত ভিডিঅ কনফাৰেন্সযোগে প্ৰতিনিধিসকলক এই আশ্বাস প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

২০ এপ্ৰিলৰ পৰা নিয়ন্ত্ৰণ ক্ষেত্ৰৰ বাহিৰৰ স্থানসমূহত লকডাউন শিথিল কৰাৰ বাবে গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে ৰাজ্যিক গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰে

শ্ৰী নৰেন্দ্ৰ সিং টোমৰে পিএমএৱাই (জি), পিএমজিএছৱাই, এনআৰএলএম আৰু এমজিএনৰেগাৰ অধীনত হোৱা কামবোৰত সুৰক্ষাত্মক সকলো বিধি পালনৰ দিশত গুৰুত্ব আৰোপ কৰে৷ এনআৰএলএমৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলে সুৰক্ষাত্মক মাস্ক, ছেনিটাইজাৰ, চাবোন আদি প্ৰস্তুত কৰাৰ লগতে ৰাজহুৱা পাকঘৰ পৰিচালনা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁলোকক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা যোদ্ধাসকলৰ সন্মানাৰ্থে আলোকেৰে সজ্বিত কৰা হৈছে লালকিল্লা, কুটুবমিনাৰ আৰু হুমায়ুনৰ সমাধি

ভাৰতীয় প্ৰত্নতাত্ত্বিক সৰ্বেক্ষণৰ দিল্লী শাখাই বিশ্ব ঐতিহ্য দিৱস উপলক্ষে ক’ৰোনা যোদ্ধাসকলৰ সন্মানাৰ্থে লালকিল্লা, কুটুবমিনাৰ আৰু হুমায়ুনৰ সমাধিৰ দৰে ঐতিহাসিক স্থানসমূহ আলোকেৰে সজ্বিত কৰি তুলিছে৷

অধিক বিৱৰণৰ বাবে

কাৰৱাৰত ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত আগবাঢ়ি আহিছে ভাৰতীয় নৌবাহিনীৰ চিকিৎসালয় জাহাজ পতঞ্জলি

অধিক বিৱৰণৰ বাবে

চিইএনএছে নিৰ্মাণ কৰিছে ট্ৰাইব’ই মাস্ক যিয়ে বৈদ্যুতিক চাৰ্জৰ দ্বাৰা সংক্ৰমণ ৰোধ কৰিব পাৰে, আনহাতে ইয়াত বাহিৰৰ পৰা বিদ্যুৎ শক্তিৰো প্ৰয়োজন নহয়

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ ইটানগৰ প্ৰশাসনে কৈছে যে আৱদ্ধ হৈ থকা শ্ৰমিকসকলক সাহায্য শিবিৰে বিচনা, খাদ্য, চিকিৎসা সামগ্ৰী আদি যোগান ধৰিছে৷
  • অসমঃ অসমত ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰি, মটৰ মেকানিক, কাঠমিস্ত্ৰি, কম্পিউটাৰ/ম’বাইল ফোন ৰিপেয়াৰ মেকানিকে  গ্ৰাহকৰ ঘৰত ২১ এপ্ৰিল ২০২০ৰ পৰা কঠোৰ প্ৰটকল মানি চলি তেওঁলোকৰ সেৱা আগবঢ়াব পাৰিব৷ অসমত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এক জাননী জাৰি কৰি ৰাজহুৱা স্থানসমূহত থু/প্ৰস্বাৱ কৰিলে ১০০০ টকা জৰিমণা ভৰিব লাগিব বুলি প্ৰকাশ কৰিছে৷
  • মণিপুৰঃ মণিপুৰত অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সেৱা শক্তিশালী কৰাৰ বাবে চৰকাৰে ইম্ফলত আজিৰে পৰা হোম ডেলিভাৰী ছাপ্লাইজ মেনেজমেণ্ট কণ্ট্ৰ’ল ৰূম মুকলি কৰিছে৷ দুটা পৰিঘটনা ঋণাত্মক হোৱাৰ পৰিপ্ৰেক্ষিতত ধনাত্মক পৰিঘটনা শূন্য বুলি প্ৰকাশ কৰিছে ৰাজ্যখনে৷
  • মিজোৰামঃ আইজলত উপস্থিত হৈছে আইচিএমআৰ-এনআইএমআৰৰ ৯ বাকচ চিকিৎসা সামগ্ৰী৷
  • নাগালেণ্ডঃ ৰাজ্য চৰকাৰে তেওঁলোকৰ ওচৰত ১৫,৩৪০ পিপিই, ২৩,১১৫টা এন৯৫ মাস্ক, ৪৯ ভেণ্টিলেটৰ আৰু ৪৩২খন বিচনা আছে বুলি জনাইছে৷
  • ত্ৰিপুৰাঃ ৮৬৬৬জন পথৰ ব্যৱসায়ীয়ে ১০০০ টকাকৈ ত্ৰিপুৰা চিএমআৰএফৰ পৰা লাভ কৰিছে বিত্তীয় সাহায্য৷
  • কেৰালাঃ আমেৰিকান ফাৰ্ম স্প্ৰিংকলাৰক তথ্য দিয়াত কোনো বাকী ৰখা নাই তথ্য প্ৰযুক্তি বিভাগে বুলি আইন মন্ত্ৰীৰ ঘোষণা৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে চৰকাৰৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত খ্যাতি নষ্ট কৰিব বিচাৰিছে৷ মুঠ সক্ৰিয় পৰিঘটনা ১৪০, মুকলি কৰা হৈছে ২৫৭জনক; পৰ্যৱেক্ষণত আছে ৬৭১৯০৷
  • তামিলনাডুঃ এই পৰ্যন্ত মুঠ পৰিঘটনা ১৩৭২; মৃত্যু ১৫ আৰু মুকলি কৰি দিয়া হৈছে ৩৬৫ জনক৷
  • কৰ্ণাটকঃ মুঠ নিশ্চিত পৰিঘটনা ৩৮৮; মৃত্যু ১৪; মুকলি কৰি দিয়া হৈছে ১০৪ জনক৷ বিৰোধী দলৰ সৈতে ক’ভিড-১৯ৰ ব্যৱস্থাপনা বাবে বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মাহৰ শেষত আন ১০টা পৰীক্ষণ সুবিধা আৰম্ভ কৰাৰ ঘোষণা৷
  • অন্ধ্ৰ প্ৰদেশঃ  বিগত ২৪ ঘণ্টাত প্ৰতিবেদিত হৈছে নতুনকৈ ৪৪টা পৰিঘটনা, মুঠ ধনাত্মক পৰিঘটনা ৬৪৭৷ মৃত্যু ১৭; মুকলি কৰি দিয়া হৈছে ৬৫জনক৷
  • তেলেংগানাঃ ক’ভিড-১৯ মহামাৰীৰ সময়তে তেলেংগানাক চপোৱা হৈছে বৃহৎ পৰিমাণৰ ধান৷ মুঠ ধনাত্মক পৰিঘটনা ৮০৯, মৃত্যু ১৮৷
  • চণ্ডীগড়ঃ চহৰলৈ সোমোৱা বাহিৰৰ লোকক ১৪ দিনৰ বাবে ঘৰত অথবা চৰকাৰী কেন্দ্ৰত কোৱাৰেণ্টাইনড কৰা হ’ব৷ প্ৰশাসনে নাগৰিকসকলক ৰাজহুৱা স্থানত মাস্ক পিন্ধিবলৈ আহ্বান জনোৱাৰ লগতে স্বাস্থ্যবিধি মানি চলিবলৈও অনুৰোধ জনাইছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে নাগৰিকসকলক ৰাজহুৱা স্থানত মাস্ক পিন্ধিবলৈ কঠোৰ নিৰ্দেশ দিছে৷ উলংঘাকাৰীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা৷ খাদ্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিবলৈ নাগৰিকসকললৈ ৪০খন বিশেষ ৰে’লৰ জৰিয়তে বিতৰণ কৰা হৈছে ১ লাখ মেট্ৰিক টন আটা আৰু চাউল৷ সামাজিক ব্যৱধান নিশ্চিত কৰিবলৈ ৰাজহুৱা স্থানসমূহত ২ মিটাৰৰ ব্যৱধানত বগা/ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে৷ আত্মসহায়ক গোটসমূহক মাস্ক নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক ‘‘ঘৰতে থাকা, ঘৰতে বিদ্যালয়, ঘৰতে অধ্যয়ন’’ শীৰ্ষক মন্ত্ৰফাঁকি প্ৰদান কৰিছে৷ হাৰিয়ানাৰ ৰাষ্ট্ৰীয় উদ্যান শস্য অভিযানৰ অধীনত কাম কৰা বিষয়াসকলক ৰাজ্যিক কৃষি মন্ত্ৰীয়ে ফল-ফুল, শাক-পাচলি, কাঠফুলা, ষ্ট্ৰ’বেৰী আদিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ বিশেষ দায়িত্ব প্ৰদান কৰিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্য চৰকাৰে নাগৰিকসকলক পিএম কেয়াৰ্ছ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাইছে৷ নাগৰিকসকলক আৰোগ্য সেতু এপো ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰে সেউজ আৰু কমলা মণ্ডলৰ উদ্যোগসমূহক উপযুক্ত নিৰ্দেশনা পালন কৰি উৎপাদন আৰম্ভ কৰিবলৈ দিছে৷ মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৩,৬৪৮টা পৰিঘটনা আৰু ২১১টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷
  • গোৱাঃ দেওবাৰ পৰ্যন্ত গোৱাত কোনো ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ ৭ জন লোক আৰোগ্য হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ৩ এপ্ৰিলৰ পৰা কোনো ঘটনা প্ৰতিবেদিত হোৱা নাই গোৱাত৷
  • গুজৰাটঃ ১০৪টা নতুন ঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনা হৈছে ১,৩৭৬টা৷ ইয়াৰে ৯৩জন আৰোগ্য হৈছে আৰু ৫৩জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ ৰাজস্থানত ১২২টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ লগতে মুঠ পৰিঘটনা হৈছে ১,৩৫১টা৷ ইয়াৰে ১৮৩জন আৰোগ্য হৈছে ১১জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ২৬খন জিলাই ক’ভিড-১৯ ধনাত্মক পৰিঘটনা প্ৰতিবেদিত কৰাৰ জৰিয়তে মুঠ পৰিঘটনা হৈছে ১,৪০৭টা৷
  • চট্টিশগড়ঃ ২৮খন জিলাৰ ২৩খন সেউজ মণ্ডলত অন্তৰ্ভুক্ত হৈছে৷ ক’ভিড-১৯ মুক্ত ক্লাষ্টাৰত শীৰ্ষত আছে চট্টিশগড়৷ সোমবাৰৰ পৰা সেউজ মণ্ডলসমূহত নিৰ্বাচিত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ হ’ব৷   

 

#ক’ভিড-১৯ৰ ফেক্ট চেক

 



(Release ID: 1616162) Visitor Counter : 42