প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় নৌসেনাই অব্যাহত ৰাখিব ‘সৈনিক বিন্যাস আৰু যুঁজলৈ সাজু’ অভিযান

Posted On: 18 APR 2020 7:28PM by PIB Guwahati

ক’ভিড-১৯ৰ পৰীক্ষাত সংক্ৰমণ হোৱা বুলি চিনাক্ত কৰা ২৬ গৰাকী নাৱিকক মুম্বাইৰ এক উপকলূৱৰ্তী এলেকাত আইএএনএছ আংগ্ৰেত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে৷ ইয়াৰ পাছত বৰ্তমানলৈকে ভাৰতীয় নৌ সেনাৰ কোনো জাহাজ, ছাবমেৰিন অথবা বিমান বন্দৰত কোনো নতুন সংক্ৰমিত ব্যক্তি চিনাক্ত হোৱা নাই৷ আমাৰ নৌ সেনাৰ সম্পদক তিনিটা দিশত বিভক্ত কৰিসৈনিক বিন্যাস অভিযানঅব্যাহত ৰাখিছে, সকলো নেটৱৰ্ক আৰু মহাকাশ সম্পদে সৰ্বোকৃষ্ট ধৰণে কাম কৰি আছে৷ নৌসেনাই সক্ষমতাৰে মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে আইঅআৰত আমাৰ চুবুৰীয়া বন্ধুসকলক সহায় কৰাৰ বাবে সাজু হৈ আছে৷

 

নৌসেনাই নিয়মীয়া তহলৰ ব্যৱস্থাৰে বিশাল সাগৰত পাশ্চ্যৰ আদেনকে ধৰি পূবে মালাক্কাৰ পৰা পশ্চিমে বব-ই-মান্দেবলৈকে জলদস্যুৰ পৰা সুৰক্ষা প্ৰদানৰ দিশটো সামৰি লৈছে৷ এই ভিড-১৯ৰ চিনাক্তকৰণ কৰাটো পশ্চিম নৌ সেনা কামানৰ দ্বাৰা কৰা সাৱধানতামুলক সম্পৰ্ক ট্টেচিং আৰু সংক্ৰামক পৰীক্ষণৰ ফল, যিটো এপ্ৰিলত এগৰাকী নাৱিকৰ পৰীক্ষা কৰাত তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল৷ বাকী নাৱিকসকলৰ বৰ্তমানলৈকে কোনো সংক্ৰমণৰ লক্ষণ পোহৰলৈ অহা নাই আৰু তেওঁলোকক আইএনএইচএছ অশ্বীনীত আটাইতকৈ ভাল চিকিসকৰ দ্বাৰা তত্ত্বাৱধান লৈ থকা হৈছে৷

 

যেতিয়াৰে পৰা নাৱিকগৰাকীৰ ক’ভিড-১৯ চিনাক্ত কৰা হ’ল, তেতিয়াৰে পৰা সেই ইউনিট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ তদুপৰি, সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰ’ট’কল অনুসৰি সেই এলেকাটো বীজানুমুক্ত কৰাৰ ব্যৱস্থা হাতত লৈ থকা হৈছে৷ নৌসেনা ছাউনীৰ সকলোতে লকডাউন কঠোৰ কৰা হৈছে আৰু জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ঘৰে ঘৰে গৈ স্ক্ৰিনিং কৰি কোনো লোক আক্ৰান্ত হৈছে নেকি পৰীক্ষা কৰা হৈছে৷

 

উপলকূলৱৰ্তী এলেকাৰ সুৰক্ষাৰ বাবে হাতত লোৱা সকলো অভিযান অব্যাহত আছে৷ মুম্বাই, গোৱা, কোচি আৰু বিশাখাপট্টনমৰ নৌ সেনাৰ চৌহদত কোৱাৰেণ্টাইনৰ সুবিধা কৰা হৈছে৷ ইৰাণ ভ্ৰমণ কৰা লাডাখ আৰু জম্ম-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৪গৰাকী তীৰ্থযাত্ৰীয়ে সুকলমে মুম্বাইৰ নৌ সেনাৰ ছাউনীত কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰি তেওঁলোকৰ আতিথ্যত সম্পূৰ্ণ সন্তুষ্টি প্ৰকাশেৰে যোৱা সপ্তাহত ঘৰলৈ উভতে৷ নৌ সেনাৰ একাংশ বিমানে বিভিন্ন ৰাজ্য চৰকাৰক সামগ্ৰী যোগান ধৰাত সহায় কৰিছে৷ এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সম্ভাৱ্য সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰতীয় নৌসেনা৷

******

VM/ MS/DB



(Release ID: 1616055) Visitor Counter : 144