গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে স্থাপন কৰা গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ কাম-কাজ পৰ্যালোচনা অমিত শ্বাহৰ

Posted On: 18 APR 2020 8:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে স্থাপন কৰা গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ কাম-কাজৰ পৰ্যালোচনামুলক বৈঠকত অধ্যক্ষতা কৰে৷

গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্যৰ নিয়ন্ত্ৰণ কক্ষৰ বিষয়াসকলৰ সৈতে ভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে তেওঁলোকৰ মতামত লৈ বিষয়াসকলে কৰা উল্লেখযোগ্য কামৰ প্ৰশংসা কৰে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এই নিয়ন্ত্ৰণ কক্ষসমূহে ৰোনা মহামাৰী বিৰোধী যুঁজত ২৪ ঘণ্টাই কাম কৰে আৰু কক্ষসমূহে কেৱল ৰাজ্যসমূহৰ মাজতে নহয়, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয়ৰ সৈতে যোগসুত্ৰ স্থাপন কৰি আহিছে৷

মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষত অনুষ্ঠিত বৈঠকত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু জি. কিষাণ ৰেড্ডিৰ লগতে একাংশ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে৷ বৈঠকৰ সময়ত সামাজিক দুৰত্ব সম্পূৰ্ণৰূপে বজাই ৰাখে৷

*****

VG/SNC/VM/DB



(Release ID: 1615954) Visitor Counter : 142