বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ক'ভিড-১৯ মহামাৰীৰ সুযোগ লৈ ভাৰতীয় উদ্যোগসমূহৰ অধিগ্ৰহণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে বৰ্তমানৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI) নীতিৰ সংশোধন কৰিছে

Posted On: 18 APR 2020 3:58PM by PIB Guwahati

ভাৰত চৰকাৰে ক’ভিড-১৯ মোগ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় উদ্যোগসমূহৰ অধিগ্ৰহণৰ সুযোগ ৰোধ কৰাৰ বাবে বিদ্যমান বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ নীতি পুনৰীক্ষণ কৰিছে আৰু বিদ্যমান এফডিআই নীতিৰ ৩.১.১ পেৰাগ্ৰাফটো সংশোধন কৰিছে৷ ঔদ্যোগিক প্ৰচাৰ আৰু অন্তঃৱৰ্তী বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এই সন্দৰ্ভত এক প্ৰেছ টোকা নং ৩(২০২০ ছিৰিজ) প্ৰকাশ কৰিছে৷

বৰ্তমানৰ স্থিতি

পেৰাগ্ৰাফ ৩.১.১- এফডিআই নীতি সাপেক্ষে কিছুমান নিষেধাজ্ঞা থকা ক্ষেত্ৰৰ বাহিৰে বিদেশৰ পৰা ভাৰতত বিনিয়োগ কৰিব পাৰে৷ কিন্তু বাংলাদেশৰ নাগৰিক অথবা বাংলাদেশৰ উদ্যোগে কেৱল চৰকাৰী পথেৰে বিনিয়োগ কৰিব পাৰে৷ আনহাতে পাকিস্তানৰ নাগৰিক অথবা পাকিস্তানৰ উদ্যোগে প্ৰতিৰক্ষা, মহাকাশ, আণৱিক শক্তি আদি ক্ষেত্ৰসমূহৰ বাহিৰে অন্য ক্ষেত্ৰত চৰকাৰী পথেৰেহে বিনিয়োগ কৰিব পাৰে৷

সংশোধিত স্থিতি

পেৰাগ্ৰাফ ৩.১.১-

৩.১.১ (ক)এফডিআই নীতি সাপেক্ষে কিছুমান নিষেধাজ্ঞা থকা ক্ষেত্ৰৰ বাহিৰে বিদেশৰ পৰা ভাৰতত বিনিয়োগ কৰিব পাৰে৷ কিন্তু ভাৰতৰ সীমাৰ সৈতে সীমা বিনিময় কৰা কোনো সংস্থা অথবা য’ত ভাৰতত বিনিয়োগৰ লাভ অৰ্জনকাৰী মালিক কোনো এনে দেশত আছে অথবা অন্য দেশৰ নাগৰিক, তেওঁলোকে কেৱল চৰকাৰী পথেৰেহে বিনিয়োগ কৰিব পাৰিব৷ আনহাতে পাকিস্তানৰ নাগৰিক অথবা পাকিস্তানৰ উদ্যোগে প্ৰতিৰক্ষা, মহাকাশ, আণৱিক শক্তি আদি ক্ষেত্ৰসমূহৰ বাহিৰে অন্য ক্ষেত্ৰত চৰকাৰী পথেৰেহে বিনিয়োগ কৰিব পাৰে৷

৩.১.১ (খ) প্ৰত্যক্ষ অথবা পৰোক্ষৰূপত ভাৰতৰ কোনো সংস্থাৰ কোনো বিদ্যমান অথবা ভৱিষ্যতৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ মালিকীস্বত্বৰ হস্তান্তৰণৰ স্থিতিত, যাৰ পৰিণামস্বৰূপে লাভ অৰ্জনকাৰী মালিকীস্বত্ব পেৰাগ্ৰাফ ৩.১.১ (ক)ৰ নিষেধাজ্ঞাৰ অধীনলৈ আহে৷ তেনেক্ষেত্ৰত সেই মালিকীস্বত্বকো চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব৷

উপৰোক্ত সিদ্ধান্তসমূহ এফইএমএ জাননীৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব৷

******

YB/MANN



(Release ID: 1615756) Visitor Counter : 321