প্ৰতিৰক্ষা মন্ত্ৰালয়

ক'ভিড-১৯ বিৰোধী যুঁজৰ বাবে PPE আৰু অন্যান্য সামগ্রী প্ৰস্তুত সন্দৰ্ভত ৱেৱ সন্মিলনৰ আয়োজন

प्रविष्टि तिथि: 17 APR 2020 7:13PM by PIB Guwahati

ভিড-১৯ বিৰোধী যুঁজত প্ৰয়োজনীয় সামগ্রীৰ ক্ৰমৱর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি স্বদেশী উদ্যোগ প্ৰতিষ্ঠানৰ পাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰী আৰু বেচৰকাৰী খণ্ডবোৰ আগবাঢ়ি অহাটো দৰকাৰ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ সহযোগিতাত ভাৰতীয় প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ চাইটি (এছআইডিএম)ৰ পৰিচালনাত প্ৰতিৰক্ষা গৱেষণা বিভাগ(ডিডিআৰ আৰু ডি) সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ ড০ জি. সতীশ ৰেড্ডিয়ে বিভিন্ন পক্ষক লৈ আজি এক ৱেবিনাৰৰ আয়োজন কৰে৷

এই উপলক্ষে আৰম্ভণি বক্তব্যত ড০ ৰেড্ডিয়ে মহামাৰী মোকাবিলাৰ বাবে ভিড-১৯ সম্পর্কীয় চিকিসা সঁজুলি পাদনত উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷ তেওঁ নতুন ধৰণৰ ব্যক্তিগত সুৰক্ষা সঁজুলি (পিপিই) প্ৰস্তুত কৰাৰ বাবে ডিআৰডিঅ নক্সাৰ বিষয়ত বিস্তৃতভাৱে জনায়৷ তেওঁ লগতে কয় যে পিপিই সামগ্রীবোৰৰ উন্নয়নৰ দিশত গৱেষণা কৰা হৈছে৷ ভেণ্টিলেটৰ, অক্সিজেন চিলিণ্ডাৰ, চচমা, পৰীক্ষা সঁজুলি, স্বোৱাব ইণ্ড ভাইৰেল ট্রেন্সপোর্ট মিডিয়াম (ভিটিএম) দৰে উপাদানসমূহ স্বদেশী পদ্ধতিৰে উপাদনৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা হৈছে৷

ডিডি আৰ আৰু ডি সচিবৰগাকীয়ে লগতে কয় যে ডিআৰডিঅ বর্তমান প্রায় ১৫-২০বিধ সামগ্ৰীৰ বিকাশ সাধন কৰিছে। তেওঁ কয় যে ইয়াৰ ভিতৰত ইউভি ছেনিটাইটিজেচন বক্স, হাতেৰে বহনক্ষম ইউভি সঁজুলি, ভিঅছেক (ভিড নমুনা সংগ্ৰহ কিওস্ক), ভিড-১৯ প্ৰতিৰোধৰ বাবে বিমানমুলীয়া চেনিটাইজাৰ ইত্যাদি উল্লেখযোগ্য৷

আলোচনাৰ উদ্যোগ, পাদন সংস্থাসমূহে , পৰীক্ষণ, ছিলেণ্টছ আৰু ডিআৰডিঅ নতুন সামগ্ৰীৰ সম্পর্কে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে৷ এই সঁজুলিৰ সকলো প্ৰযুক্তিগত বিৱৰণ উদ্যোগ সংস্থাৰ সন্মুখত উপস্থাপন কৰা হয়। ডিআৰডিঅৰ পৰা এইবোৰ বিনামূলীয়াকৈ পাদনৰ বাবে পোৱা যায় বুলিও অৱগত কৰে৷

অধ্যক্ষ ৰেড্ডিয়ে ৱেবিনাৰত অংশগ্ৰহণ কৰা সকলোৰে সাফল্যৰ লগতে সংকটৰ সময়ত ডিআৰডিঅ আৰু উদ্যোগ সংস্থাৰসমূহৰ মাজত প্ৰযুক্তিগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হোৱাটো কামনা কৰে৷

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB


(रिलीज़ आईडी: 1615638) आगंतुक पटल : 310
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada