প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 17 APR 2020 8:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত চাইৰিল ৰামাফোছাই আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা ঘুৰুৱা, আঞ্চলিক তথা বিশ্বজোৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত মত বিনিময় কৰে৷ তেওঁলোকে দুয়োখন দেশৰ চৰকাৰে দেশ দুখনৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ সমান্তৰালভাৱে অৰ্থনৈতিক প্ৰভাৱ কম কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানৰ সময়ত ভাৰতে অত্যাৱশ্যকীয় ঔষধৰ যোগন সুনিশ্চিত কৰাকে ধৰি দক্ষিণ আফ্ৰিকাক সম্ভাব্য সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ হিচাপে অঞ্চলটোত মহামাৰী মোকাবিলা কৰাত গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বাবে প্ৰশংসা কৰে৷

ভাৰত আৰু আফ্ৰিকাৰ মাজত শ শ বছৰ পূৰণি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে এই ভাইৰাছ বিৰোধী যুঁজত আফ্ৰিকাৰ প্ৰচেষ্টাৱলীৰ সৈতে ভাৰতে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কয়৷

***

VRRK/AK/DB



(Release ID: 1615598) Visitor Counter : 151