কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰীৰ পৰিবহণ সুবিধা উপলব্ধ কৰিবলৈ কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে ‘কিষাণ ৰথ’ মোবাইল এপ মুকলি কৰে

কিষাণ ৰথ হ’ল কৃষি উৎপাদিত পৰিবহণৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিঃ শ্ৰী টোমাৰ

प्रविष्टि तिथि: 17 APR 2020 3:51PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে আজি কৃষি ভৱনত এনআইচিয়ে প্ৰস্তুত কৰা এক কৃষি অনুকুল মোবাইল এপলিকেচন মুকলি কৰে৷ ইয়াৰ সহায়ত কৃষক আৰু ব্যৱসায়ীয়ে কৃষি আৰু উদ্যান শস্যৰ উৎপাদিত সামগ্ৰীৰ প্ৰাথমিক আৰু লঘু পৰিবহণৰ বাবে বাহনৰ সন্ধান কৰিব পাৰিব৷ প্ৰাথমিক পৰিবহনে ফাৰ্মৰ পৰা হাট-বজাৰ, এফপিঅ’ সংগ্ৰহ কেন্দ্ৰ আৰু ৱেৰহাউচ আদিলৈ অহা-যোৱাক সাঙুৰি লয়৷ একেদৰে, লঘু পৰিবহণে হাট-বজাৰৰ পৰা ৰাজ্যিক আৰু আন্তঃৰাজ্যিক বজাৰ, প্ৰস্তুত কেন্দ্ৰ, ৰেলৱে’ ষ্টেচন, ৱেৰহাউচ আৰু পাইকাৰী বিক্ৰেতা আদিক সাঙুৰি লয়৷

অনুষ্ঠানত কৃষি মন্ত্ৰী শ্ৰী টোমাৰে কয় যে লকডাউনৰ মাজতো কৃষি গতিবিধি চলি থাকিব লাগিব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে কৃষি খণ্ডলৈ ৰেহাই প্ৰদান কৰা হৈছে৷ যিহেতু এতিয়া শস্য চপোৱা আৰু বীজ ৰোপন কাৰ্য চলি আছে, গতিকে কিষাণ ৰথ এপৰ জৰিয়তে পৰিবহণ সহজ হৈ উঠিব৷ ইয়ে কৃষক আৰু ব্যৱসায়ীসকলক সহায় কৰিব৷ এই এপৰ ফলত তেওঁলোকে উৎপাদিত শস্য খেতিপথাৰৰ পৰা বজাৰ আৰু বজাৰৰ পৰা সমগ্ৰ দেশলৈ পৰিবহণ কৰিব পাৰিব৷

অনুষ্ঠানত শ্ৰী টোমাৰে পুনৰ কয় যে কিষাণ পথ মোবাইল এপটোৱে দেশত উৎপাদিত কৃষি আৰু  উদ্যান শস্যৰ আন্তঃবজাৰ আৰু আন্তঃৰাজ্যিক ব্যৱসায়ক উদগণি যোগোৱাত সহায় কৰিব৷৷ ‘কিষাণ কা অপনা বাহন’ টেগলাইনসমৃদ্ধ এই অপক কৃষি উৎপাদিত পৰিবহণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি মন্ত্ৰীগৰাকীয়ে আখ্যা দিয়ে৷

এই মোবাইল এপটো প্ৰাৰম্ভিক অৱস্থাত এণ্ড্ৰইড সংস্কৰণত ৮টা ভাষাত উপলব্ধ হ’ব আৰু সমগ্ৰ ভাৰতত ব্যৱহাৰৰ বাবে ইয়াক সাজু কৰা হৈছে৷

*****

APS/PK/MS/BA/MS


(रिलीज़ आईडी: 1615475) आगंतुक पटल : 316
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam