বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘চিএছআইআৰ’-ৰ আন এটি গৱেষণা-প্ৰতিষ্ঠানেও আৰম্ভ কৰিব ন’ভেল ক’ৰোনাভাইৰাছৰ বংশানুক্ৰমিক অনুসন্ধান

Posted On: 17 APR 2020 4:42PM by PIB Guwahati

চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়লজী(চিচিএমবি) আৰু ইন্সিষ্টিটিউট অব জিনমিক এণ্ড ইণ্টিগ্ৰেটেড বায়লজী(আইজিআইবি)ৰ পিছত কাউন্সিল ফৰ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ(চিএছআইআৰ)ৰ আন এটি পৰীক্ষাগাৰেও নভেল কৰোনাভাইৰাছৰ সামগ্ৰীক বংশানুক্ৰমিক অনুসন্ধান আৰম্ভ কৰিছে। পৰিষদৰ চণ্ডীগড়স্থিত গৱেষণা প্ৰতিষ্ঠান ইন্সিষ্টিটিউট অব মাইক্ৰবিয়েল টেকনলজী(আইএমটেক)য়ে ভাইৰাছবিধৰ বৃহত পৰিসৰৰ বংশানুক্ৰমিক অনুসন্ধানৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে।

অন্য মাইক্ৰবসমূহৰ তুলনাত ভাইৰাছবোৰৰ ৰূপান্তৰ সংঘটনৰ হাৰ অতিকে বেছি আৰু ইহঁতৰ বংশত্বাতিক অনুষংগসমূহে অবিৰত ভাবে দ্ৰুত পৰিৱৰ্তন ঘটাই থকাৰ লগতে দ্ৰুতগতিৰে ইহঁতে অনুৰূপ ভাইৰাছৰ ৰূপ ধাৰণ কৰি থাকে। এইসমূহ বংশানুক্ৰমিক নমুনা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংৰক্ষণাগাৰত জমা দিয়া হ ইণ্ডিয়া ছায়েন্স ওৱায়াৰ-ৰে হোৱা এক কথোপকথনত এই তথ্য সদৰী কৰে আইএমটেক-ৰ সঞ্চালক ড০ সঞ্জীৱ খোচলাই। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে এইধৰণৰ বংশানুক্ৰমিক অনুসন্ধানৰ সম্পূৰ্ণ তথ্যই গৱেষকসকলক ভাইৰাছবিধৰ মূল-উতস সম্পৰ্কে জ্ঞান অৰ্জনৰ সুযোগ প্ৰদান কৰাৰ লগতে ভাৰতত সংক্ৰমিত ভাইৰাছবিধৰ ভিন্ন ৰূপান্তৰণ আৰু ইনো কেনেকৈ দেশৰ ইমূৰ-সিমূৰ সামৰি সংক্ৰমিত হব পাৰিছে তাৰ সবিশেষ তথ্য লাভৰ সুযোগ প্ৰদান কৰিব। এই গৱেষণাৰ পৰা লাভ কৰা বংশানুক্ৰমিক তথ্যই ৰোগ বিশ্লেষণৰ নতুন পদ্ধতি চিনাক্তকৰণ আৰু কভিড-১৯ৰ বাবে উপযোগী ঔষধৰ অনুসন্ধান কৰাৰ বাবে সমল যোগাব বুলিও মন্তব্য কৰে ড০ খোচলাই।

উল্লেখ্য যে, ২০০৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই আৰম্ভ কৰা গ্লোবেল ইনিচিয়েটিভ অন শ্বেয়াৰিং অল ইনফ্লুৱেঞ্জা ডাটা(জিআইএছএআইডি) শীৰ্ষক ৰাজহুৱা প্লেটফৰ্মটোত এই পৰ্যন্ত ৯০০০টা নমুনা আন্তঃৰাষ্ট্ৰীয় ভাবে শৃংখলিত কৰিছে। এনেদৰে শৃংখলিত কৰা বংশানুক্ৰমিক তথ্যয়ো ৰোগ বিশ্লেষণৰ নতুন পদ্ধতি চিনাক্তকৰণ আৰু কভিড-১৯ৰ বাবে উপযোগী ঔষধৰ অনুসন্ধান কৰাত সমল যোগাব।

****

KGS/(DST-(India Science Wire))/KB



(Release ID: 1615459) Visitor Counter : 228