গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাত সমগ্ৰ দেশতে খাদ্য-দ্ৰব্যৰ যোগান গড় হিচাপৰ দুগুণৰো অধিক কৰিলে এফচিআই-য়ে

Posted On: 16 APR 2020 7:23PM by PIB Guwahati

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশ জুৰি বলবত্ কৰা লকডাউনৰ প্ৰত্যাহ্বানপূৰ্ণ সময়চোৱাত খাদ্য সামগ্ৰীৰ ৰাজহুৱা বিতৰণৰ কাৰণে পৃথিৱীৰ সৰ্ববৃহত যোগান-শৃংখলা পৰিচালনা কৰি অভিলেখ ৰচিছে ভাৰতীয় খাদ্য নিগম-(এফচিআই)-য়ে। বিগত ২২টা দিনে এফচিআই–য়ে সমগ্ৰ কৰ্ম-বাহিনী নিয়োজিত কৰি এই কৰ্ম-যজ্ঞৰ সকলো দিশতে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত এফচিআই-য়ে ১৩৩৫খন ৰেলগাড়ীৰ জৰিয়তে খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ ৰাহি হৈ থকা ৰাজ্যসমূহৰ পৰা আন ৰাজ্যলৈ অভিলেখ পৰিমাণৰ ৩.৭৪ নিযুত মেট্ৰিক টন খাদ্য সামগ্ৰী কঢ়িয়াই নিবলৈ সক্ষম হয়। এই পৰিসৰৰ খাদ্য-দ্ৰব্যৰ সঞ্চালন কৰিবলৈ যাওতে নিগমটোৱে প্ৰতিদিনে গড়ে ১.৭লাখ মেট্ৰিক টন পৰিমাণৰ খাদ্য-দ্ৰব্যৰ সঞ্চালন কৰিছিল। এয়া আছিল নিগমৰ নিয়মীয়া গড় সঞ্চালন প্ৰায় ০.৮লাখ মেট্ৰিক টন/প্ৰতিদিনৰ দুগণৰো অধিক। এই একেচোৱা সময়ত লক্ষ্য নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ হিতাধিকাৰীসকলৰ মাজত বিতৰণৰ বাবে প্ৰেৰণ কৰা ৩.৩৪নিযুত মেট্ৰিক টন পৰিমাণৰ খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ উপভোক্তা ৰাজ্যসমূহত মজুত কৰাৰো কাম সম্পন্ন কৰে নিগমটোৱে।

ইফালে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৫কিলোগ্ৰামকৈ ৩মাহৰ বাবে বিনামূলীয়াকৈ পাবলগীয়া আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিতৰণ কৰিবলগীয়া খাদ্য সামগ্ৰীৰ ২.৫৬নিযুত মেট্ৰিক টন পৰিমাণৰ ভাণ্ডাৰো ইতিমধ্যে অনুমোদন জনোৱা হৈছে। লকডাউনৰ সময়চোৱাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া নিয়মীয়া খাদ্য সামগ্ৰীখিনিৰ লগতে অন্যান্য কল্যাণমূলক অঁচনিৰ খাদ্য সামগ্ৰীকো লৈ ৩.৯৮নিযুত মেট্ৰিক টন পৰিমাণৰ খাদ্য-সামগ্ৰীৰ ভাণ্ডাৰ মোকলাই দিয়া হৈছে। এইসকলোখিনি মিলাই লকডাউনৰ যোৱা ২২দিনত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সংশ্লিষ্ট হিতাধিকাৰীসকলৰ মাজত বিতৰণৰ বাবে প্ৰতিদিনে গড়ে ৩.২৭লাখ মেট্ৰিক টনকৈ মুঠ ৬.৫৩নিযুত মেট্ৰিক টন খাদ্য সামগ্ৰী মোকলাই দিয়া হয়। এনেদৰে দেশৰ প্ৰতিখন ৰাজ্যকে পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীৰ ভাণ্ডাৰ যোগান ধৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীকে সামৰিব পৰাকৈ পৰ্যাপ্ত সামগ্ৰী উপলব্ধতা নিশ্চিত কৰা হয়।

****

APS/PK/MS/KB



(Release ID: 1615350) Visitor Counter : 212