শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পেকেজৰ অংশস্বৰূপে ১৫ দিনত ইপিএফঅ’ৱে ৩.৩১লাখ দাবী নিষ্পত্তি কৰে

প্ৰায় ৯৫০কোটি বিতৰণ

Posted On: 16 APR 2020 5:48PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অংশস্বৰূপে ইপিএফ আঁচনিৰ ধন উলিওৱাৰ সুবিধাই দেশৰ শ্ৰমিক শ্ৰেণীক সময়োপযোগী সহাক প্ৰদান কৰিছে৷

এই আঁচনি মুকলি হোৱাৰে পৰা মাত্ৰ ১৫দিনত ইপিএফঅ’ৱে ৩.৩১লাখ দাবী নিষ্পত্তিৰে মুঠ ৯৪৬.৪৯কোটি ধন বিতৰণ কৰিছে৷ ইয়াৰ উপৰি, এই আঁচনিৰ অধীনত ৰাহিপ্ৰাপ্ত পিএফ ন্যাসৰদ্বাৰা অতিৰিক্তভাৱে ২৮৪কোটি টকা বিতৰণ কৰা হৈছে, যাৰ ভিতৰত টিচিএছৰ নাম উল্লেখনীয়৷  

এই সংকটৰ সময়ত ইপিএইঅ’ ইয়াৰ সদস্যসকলক সহায় কৰিবলৈ সংকল্পবদ্ধ আৰু জটিল পৰিস্থিতি স্বত্তেও ইপিএফঅ’ কাৰ্যালয়সমূহ জৰুৰী সেৱাৰ বাবে খোলা ৰখা হৈছে৷ এই সুবিধাসমূহ অনলাইনত উপলব্ধ হোৱাৰ বাবে অভাৱগ্ৰস্তসকলে লকডাউনৰ সময়ছোৱাত অধিক সহাক লাভ কৰিছে৷

*****

RCJ/SKP/IA/MS



(Release ID: 1615149) Visitor Counter : 174