ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

‘ভাৰতৰ ছফ্টৱেৰ টেকনলজী পাৰ্ক’(এছটিপিআই)সমূহৰ পৰা কাম-কাজ পৰিচলনা কৰা তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক ৪ মাহৰ ভাড়া ৰেহাইৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

Posted On: 16 APR 2020 6:20PM by PIB Guwahati

’ভিড-১৯য়ে সৃষ্টি কৰা সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ কৌশল হিচাপে দেশত বলবত্ কৰা ‘লকডাউন’ৰ পৰিপ্ৰেক্ষিতত ‘ভাৰতৰ ছফ্টৱেৰ টেকনলজী পাৰ্ক’(এছটিপিআই)সমূহৰ পৰা কাম-কাজ পৰিচলনা কৰা সৰু পৰিসৰৰ তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক কিছু সকাহ দিয়াৰ বাবে ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ইয়াৰে সৰহ সংখ্যকেই হয় ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’ শ্ৰেণীৰ অথবা ‘ষ্টাৰ্ট-আপ’ প্ৰতিষ্ঠান।

ভাৰত চৰকাৰৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে’ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দেশৰ ‘এছটিপিআই’সমূহত থকা এই তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক ০১-০৩-২০২০ৰ পৰা ৩০-০৬-২০২০পৰ্যন্ত অৰ্থাত ৪ মাহৰ বাবে ভাড়া ৰেহাই দিয়া হ’ব। এনেদৰে ৰেহাই দিয়া ভাড়াৰ মুঠ পৰিমাণ প্ৰায় ৫কোটি টকা হ’ব। এই সিদ্ধান্তই তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক প্ৰত্যক্ষ ভাবে সহায় কৰাৰ উপৰি এইসমূহ প্ৰতিষ্ঠানত কাম কৰি থকা প্ৰায় ৩০০০গৰাকী কৰ্মচাৰীকো উপকৃত কৰিব।

উল্লেখ্য, ‘ছফ্টৱেৰ টেকনলজী পাৰ্ক’ চমুকৈ ‘এছটিপিআই’সমূহ হ’ল ভাৰত চৰকাৰৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়’ৰ অধীনস্থ এলানি স্বতন্ত্ৰ ছ’চাইটী। এই মুহূৰ্তত দেশৰ বিভিন্ন প্ৰান্তত মুঠ ৬০টা ‘এছটিপিআই’ কেন্দ্ৰ আছে।

*****

RJ /KB



(Release ID: 1615124) Visitor Counter : 211