প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ কেণ্ট’নমেণ্ট ব’ৰ্ডৰ প্ৰস্তুতি-পদক্ষেপৰ পৰ্যালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ

प्रविष्टि तिथि: 16 APR 2020 4:55PM by PIB Guwahati

ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশতে থকা ৬২ টা কেণ্টনমেণ্ট ব’ৰ্ডে চলোৱা প্ৰস্তুতি-পদক্ষেপৰ বিতং পৰ্যালোচনা কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ বাবে কেণ্ট’নমেণ্ট ব’ৰ্ডসমূহে ইয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বুলি এই পৰ্যালোচনা বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীক আশ্বাস দিয়ে ডিফেন্স ইষ্টেটৰ সঞ্চালক প্ৰধান শ্ৰীমতী দীপা বাজৱাই।

শ্ৰীমতী বাজৱাই সমগ্ৰ দেশৰে আটাইবোৰ কেণ্ট’নমেণ্টে চলোৱা বিভিন্ন প্ৰয়াসৰ এক সামগ্ৰিক আলোকপাত কৰে আৰু লগতে ছেনিটেশ্যন, চিকিৎসা সেৱা আৰু পানী যোগানৰ দৰে অত্যাৱশ্যকীয় সেৱাবোৰৰ তদাৰকীৰ দিশবোৰো স্পষ্টভাৱে দাঙি ধৰে। ইফালে কোৰেণ্টাইন সুবিধাৰ বাবে বিভিন্ন চিকিৎসালয়, বিদ্যালয়, ৰাজহুৱা ভৱন আদি চিনাক্ত কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয় শ্ৰীমতী বাজৱাই। ইয়াৰ উপৰিও নাগৰিক সমাজৰ মাজত ধাৰাবাহিকভাৱে সজাগতা সৃষ্টি কৰা আৰু সামাজিক ব্যৱধান প্ৰযোজ্য কৰাৰ বাবে চলোৱা প্ৰয়াসৰো শলাগ লয় তেওঁ। শ্ৰী ৰাজনাথ সিঙক লগতে অৱগত কৰোৱা হয় যে কেণ্ট’নমেণ্ট ব’তৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে নিয়মিতভাৱে জিলা প্ৰশাসন আৰু স্থানীয় সেনা প্ৰাধিকৰণসমূহৰ সৈতে সুসমন্বয়েৰে কাম-কাজ চলাই আছে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে এই বৈঠকতে উল্লেখ কৰে যে কেণ্ট’নমেণ্ট ব’ৰ্ডসমূহলৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ ধন মোকলাই দিয়াৰ বাবে ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব ড. অজয় কুমাৰে আলোচনা কৰি আছে। কেণ্ট’নমেণ্ট ব’ৰ্ডসমূহৰ প্ৰয়াসক কৃতজ্ঞতা জনাই শ্ৰী ৰাজনাথ সিঙে কয় যে এই ব’ৰ্ডসমূহে ছেনিটেশ্যন আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰাৰ বাবে অধিক গুৰুত্ব আৰোপ কৰিব লাগে, বিশেষকৈ যথেষ্ট পৰিমাণৰ জনসাধাৰণ থকা এলেকাবোৰত। দিনহাজিৰা কৰা আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে খাদ্য আৰু আশ্ৰয়স্থল যোগাৰ কৰি দিয়াৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা দৰকাৰ বুলিও কয় মন্ত্ৰী সিঙে।

****

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD


(रिलीज़ आईडी: 1615081) आगंतुक पटल : 328
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada