পঞ্চায়তীৰাজ মন্ত্ৰালয়

গ্ৰামাঞ্চলত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশৰ সকলো প্ৰান্তৰ গাওঁ পঞ্চায়তৰ সক্ৰিয় অংশগ্ৰহণ

জিলা আৰু গাওঁ পৰ্যায়ত গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ, ৰাজহুৱা স্থান ছেনিটাইজেশ্যন, প্ৰব্ৰজনকাৰী আৰু গৃহহীন লোকৰ বাবে ৰাজহুৱা আশ্ৰয়স্থল, কোৰেণ্টাইন কেন্দ্ৰ স্থাপন; অভাৱী লোকসকললৈ সুৰক্ষা সামগ্ৰী, আৰ্থিক সাহায্য আৰু খাদ্য আদি প্ৰদান, ৰোগ সন্দৰ্ভত সজাগতা প্ৰচাৰ

Posted On: 16 APR 2020 11:14AM by PIB Guwahati

সমগ্ৰ দেশৰে প্ৰতিখন জিলা প্ৰশাসন আৰু গাওঁ পঞ্চায়তেই দেশত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সক্ৰিয়ভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ভাৰতৰ চৰকাৰৰ কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে লকডাউন উলঙ্ঘন নোহোৱাটো সুনিশ্চিত কৰিবৰ বাবে আৰু সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখিবৰ বাবে দেশৰ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু গাওঁ পঞ্চায়তসমূহৰ সৈতে সুসমন্বয়েৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

পঞ্চায়ত পৰ্যায়ত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সংক্ষেপে তলত উল্লেখ কৰা হৈছে -

উত্তৰ প্ৰদেশ-

  • সিদ্ধাৰ্থনগৰ জিলাত এগৰাকী ডাকোৱালে মাইক্ৰ’ এটিএমেৰে গাওঁ পঞ্চায়তবোৰত গাওঁবাসীক ঘৰতে ধন উলিওৱাৰ সুবিধা প্ৰদান কৰিছে।

 

 

  • মীৰাট সংমণ্ডলত ৬ খন জিলাত প্ৰায় ২০,০০০ প্ৰব্ৰজনকাৰী চিনাক্ত কৰা হৈছে, ইয়াৰ ভিতৰত ৬০০ প্ৰব্ৰজনকাৰীয়েই বিদেশ ভ্ৰমণ কৰি অহাৰ তথ্য পোৱা গৈছে।
  • ৬৬০০ লোকেৰে সম্প্ৰতি ৭০০ কোৰেণ্টাইন কেন্দ্ৰ চলি আছে।
  • গাওঁ প্ৰধান/গাওঁ সচিবৰ দ্বাৰা সঠিক খাদ্য আৰু থকা ঠাইৰ ব্যৱস্থা কৰা দিয়া হৈছে।
  • এই জটিল সময়ত প্ৰতিটো অভাৱগ্ৰস্থ পৰিয়ালকে মাহেকত ১০০০ টকাকৈ প্ৰদান কৰা হৈছে।
  • প্ৰতিদিনেই অভাৱী আৰু প্ৰব্ৰজনকাৰী লোকসকলক ৰন্ধা খাদ্য বা খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে।
  • সৰ্বমুঠ ২৮২০ গৰাকী চাফাই কৰ্মীকে মাস্ক, ছেনিটাইজাৰ/চাবোন, গ্লোভছ আদি প্ৰদান কৰা হৈছে আৰু গাওঁবোৰ প্ৰতিদিনেই ছেনিটাইজ কৰা হৈছে।
  • ৰোগ সংক্ৰমণ হ’ব পৰা এলেকাবোৰত ছ’ডিয়াম হাইপ’ক্ল’ৰাইট আৰু বীচিং পাউডাৰ ব্যৱহাৰ কৰি নিয়মিতভাৱে ছেনিটাইজ কৰা হৈছে।

 

 

কেৰেলা -

পঞ্চায়ত আৰু পৌৰ নিগম-নিকায়বোৰত স্থানীয় স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ সহযোগত ১৩০৪ টা ৰাজহুৱা ৰান্ধনীশাল আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত ১১০০ টা ৰান্ধনীশাল কদম্বশ্ৰী (ৰাজ্যিক মহিলা সবলীকৰণ কাৰ্যসূচী)ৰ সৈতে চলোৱা হৈছে।

  • ইতিমধ্যেই কদম্বশ্ৰীয়ে প্ৰায় ৩০০ টা চিলাই গোটৰ যোগেদি ১৮ লাখ কঁপাহী মাস্ক প্ৰস্তুত কৰি বিতৰণো কৰিছে।
  • ২১ টা ক্ষুদ্ৰ উদ্যোগে ২৭০০ লিটাৰ ছেনিটাইজাৰ প্ৰস্তুত কৰিছে।
  • কদম্বশ্ৰীৰ ৩৬০ গৰাকী ৰাজহুৱা পৰামৰ্শদাঁতাই বিভিন্ন মানসিক সমস্যা লৈ অহা লোকক মানসিক সাহায্য প্ৰদান কৰিছে। ১৫ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ ৪৯,৪৮৮ গৰাকী লোকক এনেদৰে সেৱা আগবঢ়োৱা হৈছে।
  • LSGI এ কদম্বশ্ৰীৰ সহযোগত ২২ লাখ চুবুৰীয়া গোট (এনএইচজি)ৰ জৰিয়তে ১.৯ লাখ হোৱাটছএপ্প গ্ৰুপ গঠন কৰিছে, বিশেষকৈ লকডাউনৰ সময়ছোৱাত চৰকাৰী জাৰি কৰা বিভিন্ন নীতি নিৰ্দেশনা সন্দৰ্ভত লোকৰ মাজত তথ্য প্ৰচাৰ কৰিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে। সম্প্ৰতি এই প্লেটফৰ্মৰ মাধ্যমেৰেই এনএইচজি গোটসমূহলৈ তথ্য প্ৰেৰণ কৰি থকা হৈছে।

 

 

দাদৰা আৰু নগৰ হাফেলী -

  • পঞ্চায়ত এলেকাবোৰত দৈনিক কৰণীয়-অকৰণীয় সম্বন্ধে সজাগতা সৃষ্টি কৰা হৈছে, লগতে ছেনিটাইজেশ্যনো কৰা হৈছে।
  • গ্ৰামাঞ্চলত সম্পূৰ্ণ বিনামূলীয়াকৈ ১.৩২ লাখ হেণ্ড ছেনিটাইজাৰ আৰু ১৭,৪০০ মাস্ক বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে।
  • নিৰ্ধাৰিত সময়ৰ বাবে দোকান-পোহাৰ খোলাৰ ব্যৱস্থা কৰা হৈছে, সামাজিক দূৰত্ব ৰক্ষাৰ বাবে দোকানৰ মঁজিয়াত বৃত্ত চিহ্ন দিয়া হৈছে।
  • অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ যোগেদি দৰিদ্ৰ তথা অভাৱী লোকসকলৰ মাজত ৰন্ধা খাদ্য দৈনিক বিতৰণ কৰা হৈছে, লগতে গৃহহীন পশুধন তথা অন্যান্য জন্তুকো খাদ্য প্ৰদান কৰা হৈছে।
  • সাধাৰণ ৰাইজৰ মাজত ক’ভিড-১৯ সম্বন্ধীয় সজাগতা প্ৰচাৰৰ বাবে তিনিখনকৈ আইইচি বাহনে ২০ খন গাওঁ পঞ্চায়তৰ বিভিন্ন স্থানত ঘূৰিছে।
  • ২০ খন গাওঁ পঞ্চায়ততে ১০০০০ খন প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে।
  • উচ্চ অট্টালিকাবোৰৰ লিফ্টবোৰ ছেনিটাইজ কৰা হৈছে আৰু সেইবোৰ যেন কেৱল বয়োজ্যেষ্ঠ, গৰ্ভৱতী মহিলা আৰু দিব্যাঙ্গ লোকসকলেহে ব্যৱহাৰ কৰে সেয়া নিশ্চিত কৰিবলৈ দিয়া হৈছে।

 

অন্ধ্ৰপ্ৰদেশ:

ঘৰে ঘৰে সমীক্ষা আৰু মাস্ক বিতৰণ – ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যখনৰ নাগৰিকৰ মাজত চৰকাৰে বিতৰণ কৰি৬ ১৬ কোটি মাস্ক, তাৰ লগতে ৰাজ্য চৰকাৰে ঘৰে ঘৰে কৰা সমীক্ষাৰ তৃতীয় ৰাউণ্ডতো উপনীত হৈছে। ইতিমধ্যেই ১.৪৭ কোটি পৰিয়ালৰ ভিতৰত ১.৪৩ কোটি পৰিয়ালত ক’ভিড-১৯ ৰ ঘটনা ধৰা পেলোৱাৰ বাবে পৰীক্ষা সম্পন্ন কৰা হৈছে

  • এই পৰ্যন্ত, ৩২,৩৪৯ জন লোকক চিকিৎসা বিষয়ালৈ প্ৰেৰণ কৰা হৈছে, আৰু ইয়াৰ ভিতৰত ৯,১০৭ গৰাকী লোকক পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।

 

এই সমীক্ষা সম্পন্ন কৰা হৈছএ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ পৰামৰ্শ অনুসৰি।

*****

 

APS/SG/PK/RD



(Release ID: 1614987) Visitor Counter : 210