বিত্ত মন্ত্ৰালয়

দ্বিতীয় জি-২০ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় চেণ্ট্ৰেল বেংক গৱৰ্ণৰছ বৈঠকত অংশ ল’লে শ্ৰীমতী নিৰ্মলা সীতাৰমণে

Posted On: 15 APR 2020 8:37PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰী সংকটৰ মাজতে বিশ্ব আৰ্থিক ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ছৌদি আৰৱৰ ৰাষ্ট্ৰপতি অধ্যক্ষতাত অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত দ্বিতীয় জি-২০ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় চেণ্ট্ৰেল বেংক গৱৰ্ণৰছ (এফএমচিবিজি)বৈঠকত অংশ লয় কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে৷

 

ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ লক্ষ্যৰে জি-২০ কৰ্মসূচী প্ৰস্তুতৰ সন্দৰ্ভত নেতাসকলৰ এই ব্যতিক্ৰমী সন্মিলন আয়োজন কৰাৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণে ছৌদি আৰৱৰ ৰাষ্ট্ৰপতিৰ প্ৰশংসা কৰে৷  সীতাৰমণে ৩১ মাৰ্চত অনুষ্ঠিত প্ৰথম এফএমচিবিজি ব্যতিক্ৰমী অলনাইন বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ বিশ্ব অৰ্থনীতিৰ তাক্ষণিক পুনৰুত্থান আৰু বিত্তীয় ব্যৱস্থা সুনিশ্চিত হোৱাকৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমন্বয়মুলক কাৰ্যসূচী গ্ৰহণ কৰাৰ গুৰুত্ব সম্পৰ্কে কৈছিল৷

 

আজিৰ বাৰ্তালাপত বিত্তমন্ত্ৰীগৰাকীয়ে বহমক্ষম ব্যৱস্থাৰ বাবে সমষ্টিগত অৰ্থনীতিৰ সুস্থিৰতা বজাই ৰখাকৈ জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ দিশত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় চেণ্ট্ৰেল বেংক গৱৰ্ণৰছৰ ভূমিকা সন্দৰ্ভত কয়৷ তেওঁ জি-২০ বিত্তমন্ত্ৰীসকলক ভাৰত চৰকাৰে সুকলমে নিৰ্দিষ্ট সময়ত অনগ্ৰসৰ লোকসকলক প্ৰদান কৰা সহায়ৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে৷ তেওঁ লগতে কয় যে ৰাজহুৱা স্থানত জনসমাগত হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজিটেল প্ৰযুক্তিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰতে দেশত ৩২০ নিযুটতকৈ অধিক লোকক আৰ্থিক সাহায্য প্ৰদান কৰিছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে হাতত লোৱা সংস্কাৰমুলক ব্যৱস্থাৰ অংশ হিচাপে বিত্তীয় অন্তৰ্ভূক্তিৰ দৰে পদক্ষেপৰ সুফল এতিয়া ভাৰতে লাভ কৰিছে৷

 

সীতাৰমণে লগতে কয় যে ভাৰত চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য নিয়ামক সংস্থাসমূহে গ্ৰহণ কৰা মুদ্ৰানীতিয়ে বজাৰ ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে ঋণ প্ৰবাহো বৃদ্ধি কৰিছে৷ এই ক্ষেত্ৰত ৫০বিলিয়ন মাৰ্কিন ডলাৰৰ তাৰল্যতা সহায়ক পুঁজিৰ জৰিয়তে ঋণৰ ক্ষেত্ৰত নিয়ামক আৰু পৰামৰ্শমুলক ব্যৱস্থা, মাদী ঋণৰ কিস্তিৰ ৰেহাইমুলক মটেৰিয়াম ইত্যাদি উল্লেখযোগ্য৷

 

জি-২০সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা প্ৰস্তুত কৰা কৰ্মসুচীত সকলোকে সংশ্লিষ্ট দেশৰ লোকসকলৰ জীৱনৰ সুৰক্ষা, চাকৰি আৰু উপাৰ্জনৰ নিৰাপত্তা, বিশ্বাস অটুট ৰখা, বিত্তীয় সুস্থিৰতা ৰক্ষা কৰা, বিকাশৰ পুনৰুত্থান আৰু সুদৃঢ় কৰা, অভাৱগ্ৰস্ত লোকসকলক সহায় কৰা, জনস্বাস্থ্যৰ সৈতে সমন্বয় সাধন আৰু বিত্তীয় ব্যৱস্থা তথা বিশ্বৰ যোগান শৃংখলাত কম প্ৰভাৱ পৰা ইত্যাদি দিশবোৰ সন্নিৱিষ্ট কৰা হৈছে৷  প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপসমূহ সঠিক হোৱা বুলি কোৱা বুলি অৱগত কৰি বিত্তমন্ত্ৰীয়ে কয় যে এই কৰ্মসুচীয়ে প্ৰতিগৰাকী ব্যক্তি তথা সামূহিকভাৱে ক’ভিড-১৯ৰ মোকাবিলা কৰাত সহায় কৰিব৷ তেওঁ আশা প্ৰকাশ কৰে যে বিশ্ব সমূদায়ে শী্ঘ্ৰে এই সংকট নিৰ্মূল কৰি ইয়াৰ পৰা শিক্ষা লৈ ভৱিষ্যতে আমাক এনে সংকটৰ বিৰুদ্ধে যুঁজাৰ সাৱধানতামুলক নীতি গ্ৰহণত সক্ষম কৰি তুলিব৷

***

RM/KMN/DB



(Release ID: 1614894) Visitor Counter : 216