পৰ্যটন মন্ত্ৰালয়

‘দেখো অপনা দেশ’ৰ কাইলৈ সম্প্ৰচাৰিত হ’ব লগা দ্বিতীয় ‘ৱেবিনাৰ’ত কলকাটাৰ মহান ইতিহাস আৰু সাংস্কৃতিক ৰূপৰেখা সম্পৰ্কে অৱগত হওক

‘লকডাউন’ৰ সময়চোৱাত ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্যসমূহৰ ৰূপৰেখা সম্বলিত ‘ৱেবিনাৰ’ শৃংখলা সম্প্ৰচাৰৰ উদ্যোগ পৰ্যটন মন্ত্ৰালয়ৰ

Posted On: 15 APR 2020 4:58PM by PIB Guwahati

পৰ্যটন মন্ত্ৰলয়ে সম্প্ৰচাৰ কৰা দেখো অপনা দেশ শীৰ্ষক ৱেবিনাৰ শৃংখলাটোৱে লকডাউনৰ সময়চোৱাত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। এই শৃংখলাটোত দেশৰ পৰ্যটন-গুৰুত্ব থকা স্থানসমূহৰ সবিশেষ তথ্যৰ লগতে বহু সময়ত সংশ্লিষ্ট স্থানসমূহৰ ইতিহাস, সাংস্কৃতিক ঐতিহ্যৰ বিশদ বিৱৰণ লাভ কৰিব পৰা যাব। কালিৰে পৰা আৰম্ভ হোৱা ৱেবিনাৰ শৃংখলাৰ প্ৰথমটো খণ্ডত কালি দিল্লীৰ সুদীৰ্ঘ ইতিহাসৰ বিৱৰণ দাঙি ধৰা হয়। কালিৰ খণ্ডৰ শিৰোনাম আছিল-চিটী অব চিটীজ-ডেলহীজ পাৰ্ছনেল ডায়েৰী। এই খণ্ডটোৰ বাবে হোৱা ৫৭০০টা পঞ্জীয়নেই বিশেষ খণ্ডটোৱে যে ৰাইজৰ সমাদৰ লাভ কৰিছে সেই কথাকে প্ৰতীয়মান কৰিছে বুলি কব পাৰি। সম্পূৰ্ণকৈ ৱেবিনাৰখন প্ৰত্যক্ষ কৰাৰ বাবে তলত উল্লেখ কৰা লিংকৰে সংযুক্ত হব পাৰিব :

https://youtu.be/LWlBc8F_Us4

দিল্লীৰ বিশেষ সাফল্যৰ পিছত দেখো অপনা দেশৰ পৰৱৰ্তি ৱেৱিনাৰ কাইলৈ অৰ্থাত ১৬এপ্ৰিলৰ দিনৰ ১১.০০বজাৰ পৰা ১২.০০বজালৈ পৰিৱেশিত হব। এইবেলিৰ খণ্ডত ৰাইজে কলকাটা-এ কনফ্লুৱেন্স অব কালছাৰ-ৰ জৰিয়তে কলকাটাৰ সমৃদ্ধ ইতিহাস আৰু সাংস্কৃতিক বৈভৱৰ তথ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰিব। ৱেবিনাৰখনত মূল বক্তা হিচাপে থাকিব ইফটিকাৰ এহছান, ৰামানুজ ঘোষ, ঋতিক ঘোষ আৰু অনিৰ্বাণ দত্ত। এই সংখ্যাৰ ৱেবিনাৰৰ বাবে পঞ্জীয়ণ কৰিবলৈ তলৰ লিংকক্লিক কৰিব পাৰে :

https://bit.ly/WebinarCalcutta

ভিড-১৯য়ে সমগ্ৰ পৃথিৱীতে সন্ত্ৰাসৰ ৰাজত্ব চলোৱাৰ মুহূৰ্তত দেখো অপনা দেশ-ৰ দৰে ৱেবিনাৰ শৃংখলাই ৰাইজৰ মনত ভাল দিন উভতি অহাৰ প্ৰত্যয় দান কৰাৰ লগতে ভ্ৰমণ বিলাসী ৰাইজক বিশেষ অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিয়েই পৰ্যটন মন্ত্ৰালয়ে এই শৃংখলা আৰম্ভ কৰিছে।

*******

NB/AKJ/OA/KB



(Release ID: 1614777) Visitor Counter : 139