ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত ৩মে’ পৰ্যন্ত সকলো যাত্ৰীবাহী ৰেলসেৱা বাতিল

ইউটিএছ আৰু পিআৰএছকে ধৰি বুকিঙৰ বাবে সকলো টিকট কাউণ্টাৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত স্থগিত

ই-টিকটকে ধৰি ৰেল টিকটৰ সকলো আগতীয়া ৰিজাৰ্ভেচন বাতিল, অৱশ্যে অনলাইন কেনচেলেচনৰ সুবিধা উপলব্ধ হৈ থাকিব

বাতিল হোৱা ৰেলগাড়ীৰ বাবে ৰিজাৰ্ভেচন কৰাসকলে সম্পূৰ্ণ ধন উভতাই পাব

সম্পূৰ্ণ ধন সেইসকলেও লাভ কৰিব, যিয়ে এইপৰ্যন্ত বাতিল নোহোৱা ৰেলগাড়ীৰ টিকটৰ আগতীয়া বুকিং কেনচেল কৰিছে

Posted On: 14 APR 2020 1:58PM by PIB Guwahati

ক’ভিড-১৯ লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰেলৱে’ই প্ৰিমিয়াম ট্ৰেইন, মেইল/এক্সপ্ৰেছ ট্ৰেইন, পেছেঞ্জাৰ ট্ৰেইন, সুবৰবন ট্ৰেইন, কলকাতা মেট্ৰ’ ৰেল, ক’নকান ৰেলৱে’ আদিকে ধৰি সকলো যাত্ৰীবাহী ৰেলসেৱা অহা  ৩মে’,২০২০লৈ বাতিল কৰিছে৷

দেশৰ ভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ সামগ্ৰী আৰু পাৰ্চেল ৰেলগাড়ীসমূহৰ চলাচল অব্যাহত থাকিব৷

পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত ই টিকটকে ধৰি কোনো ধৰণৰ টিকট বুকিং উপলব্ধ নহ’ব৷ অৱশ্যে, যাত্ৰীয়ে টিকট বুকিঙৰ অনলাইন কেনচেলেচনৰ সুবিধা লাভ কৰিব৷

ইউটিএছ আৰু পিআৰএছকে ধৰি বুকিঙৰ বাবে সকলো টিকট কাউণ্টাৰ পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত বন্ধ থাকিব৷

বাতিল হোৱা ৰেলগাড়ীৰ টিকটৰ বাবে ৰিজাৰ্ভেচন কৰা যাত্ৰীসকলে সম্পূৰ্ণ ধন উভতাই পাব৷ সেইসকল যাত্ৰীয়েও সম্পূৰ্ণ ধন উভতাই পাব, যিয়ে এইপৰ্যন্ত বাতিল নোহোৱা ৰেলগাড়ীৰ টিকটৰ আগতীয়া বুকিং কেনচেল কৰিছে৷  

৩মে,২০২০লৈ ৰেলসেৱা বাতিল হোৱাত ভাৰতীয় ৰেলৱেৰদ্বাৰা যাত্ৰীয়ে স্বয়ংক্ৰিয়ভাৱে টিকটৰ ধন উভতাই পাব৷ একেদৰে, যিসকল যাত্ৰীয়ে কাউণ্টাৰত টিকট বুক কৰিছিল, তেওঁলোকে ৩১ জুলাই,২০২০লৈ উভতাই পাবলগীয়া ধন গ্ৰহণ কৰিব পাৰিব৷

***

SG/MKV/MS


(Release ID: 1614584) Visitor Counter : 190