পঞ্চায়তীৰাজ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ কম কৰিবলৈ গাঁও পঞ্চায়তসমূহৰদ্বাৰা বিভিন্ন পদক্ষেপ

ৱেবছাইট, সামাজিক মাধ্যম, পোষ্টাৰ, বেৰ-লিখন আদিৰ জৰিয়তে সজাগতা সৃষ্টি, বিজাণুনাশক ছটিওৱা, স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰক্ষা সঁজুলি বিতৰণ, আৰ্তজনৰ বাবে বিনামূলীয়া খাদ্যসামগ্ৰী আৰু আৰ্থিক সাহাৰ্যৰ যোগান, অত্যাৱশ্যকীয় সামগ্ৰী ঘৰতে যোগান দিয়া আদি উল্লেখনীয় পদক্ষেপ হাতত লৈছে

Posted On: 14 APR 2020 5:42PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণে বিস্তৃতি লাভ কৰাৰ লগে লগে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ লগলাগি বিভিন্ন পদক্ষেপ হাতত লৈছে। লকডাউন যাতে ভঙ্গ নহয় আৰু সামাজিক দূৰত্ব যাতে বৰ্তি থাকে তাৰবাবে সঠিক পদক্ষেপ লোৱাৰ বিষয়ে ৰাজ্য আৰু জিলা প্ৰশাসনৰ লগত অহৰহ যোগাযোগ কৰি থকা হৈছে। 

পঞ্চায়ত পৰ্যায়ত তলত দিয়াধৰণৰ কিছুমান পদক্ষেপ হাতত লোৱা হৈছে যিবোৰ আনেও অনুকৰণ কৰা বাঞ্চনীয়।

ৰাজস্থানঃ ৰাজ্যৰ সকলোবোৰ পঞ্চায়তে ৱাটছআপ গ্ৰুপৰ জৰিয়তে গাওঁবাসীৰ মাজত সজাগতা সৃষ্টি কৰিছে। তৃণমূল পৰ্যায়ত সকলো ঠাইতে তথ্যসমৃদ্ধ পোষ্টাৰ লগোৱা হৈছে। নিয়মীয়া চাফাই কাৰ্যৰ উপৰিও সামাজিক সংস্থা আৰু গাঁও পঞ্চায়তৰ সদস্যৰদ্বাৰা ছ’ডিয়াম হাইপ’ক্লৰাইট ছটিওৱা হৈছে। মানুহক ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰয়োজনীয় খাদ্য আৰু পোহনীয়া জন্তুৰ বাবে খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণত যোগান দিয়া হৈছে।

বিহাৰঃ ভাৰত-নেপাল সীমান্তৰপৰা মাত্ৰ ১৪ কিলোমিটাৰ দূৰত অৱস্থিত সিংহবাহিনী গাঁৱৰ চৰপঞ্চে লেখত ল’বলগীয়া কাম কৰিছে। বেৰ-লিখনৰদ্বাৰা সজাগতা অনাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

ছত্তীশগড়ঃ কংকেৰ জিলাৰ গাঁওসমূহত বাহিৰৰ পৰা অহা লোকসকলক আৱশ্যকীয় সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সজাগ কৰাৰ লগতে সমগ্ৰ এম জি এনৰেগাৰ শ্ৰমিকসকলৰ মাজত সামাজিক ব্যৱধান মানি চলা আৰু চাবোনেৰে হাত ধোৱা আদিৰ বাবেও সজাগ কৰা হৈছে।

তামিলনাডুঃ কন্ননপুৰ গাওঁ পঞ্চায়ত চেনিটাইজ কৰা হৈছে। মেট্টুপট্টি গাওঁ পঞ্চায়তত গাওঁবাসীয়ে খাদ্যবস্তু আদি লোৱাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলিছে। কইম্বটোৰ জিলাৰ ৱাৰিক্কিপালায়ম গাঁৱত বিজাণুনাশক ছটিওৱা হৈছে। তিৰুৱল্লাৰ জিলাত পাচলি বিতৰণ কৰা হৈছে। লগতে সমূহীয়া চাফাই কাৰ্যসূচীও হাতত লোৱা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001SQ76.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image002DGDB.jpg

উৰিষ্যাঃ কটক, ভুৱনেশ্বৰ আৰু ভদ্ৰকত লকডাউনৰ সময়ত বিভিন্ন গাওঁ পঞ্চায়তত খাদ্য বিতৰণ কৰা হৈছে। বন্দাৰীপোখাৰী গাওঁ পঞ্চায়তৰ হিতাধিকাৰীসকলক ১০০০ টকাকৈ দিয়া হৈছে। উৰিষ্যা অগ্নি নিৰ্বাপক সেৱাৰদ্বাৰা সদৰ গ্ৰাম পঞ্চায়ত চেনিটাইজ কৰা হৈছে।

তেলেঙ্গানাঃ ৰাজ্যৰ প্ৰতিখন জিলাতে সজাগতা সভা পতা হৈছে। ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পালন কৰিবলগীয়া নিয়ম-নীতিৰ বিষয়ে চৰপঞ্চ, কাউন্সিলাৰ, জিলা পৰিষদৰ সদস্য, পৌৰসভাৰ অধ্যক্ষ, তহচিলদাৰ আদিক নিৰ্দেশনা দিয়া হৈছে। এচবি পল্লী গাওঁ পঞ্চায়তত ৰাজহুৱা সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱীসকলক চেনিটাইজ কৰাৰ পিছতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। শকৰাপল্লী মণ্ডলৰ অধ্যক্ষাই নিজে মাস্ক তৈয়াৰ কৰি কোটাপাল্লি গাওঁ পঞ্চায়তত বিতৰণ কৰিছে। 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত কাম কৰি থকা শ্ৰমিকসকলে নিজৰ গাঁৱলৈ বুলি খোজেৰেই যাবলৈ ওলাইছিল। তেওঁলোকক দোৰ্ণাকলত আশ্ৰয় আৰু খাদ্য যোগান দিয়া হৈছে।

কৰ্ণাটকঃ জালি টাউন পঞ্চায়তে আদৰণীয় পদক্ষেপ হাতত লৈছে। দেশত লকডাউন ঘোষণা কৰাৰ আগৰেপৰাই ইয়াত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অতি-সক্ৰিয়ভাৱে পদক্ষেপ হাতত লোৱা হৈছিল। বেছি ভীৰ হোৱা ঠাইসমূহ আগতীয়াকৈ ছীল কৰি দি সমগ্ৰ ঠাই চেনিটাইজ কৰা হৈছিল।

লাডাখঃ চৌকিয়াল গাওঁ পঞ্চায়ত আৰু ডিস্কেট নুব্ৰা গাওঁ পঞ্চায়তত খাদ্য যোগান দিয়া হৈছে। স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেন্টাইনৰ সুবিধাও কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003PWPN.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image004E4UC.jpg

ঝাৰখণ্ডঃ কোডেৰ্মা জিলাৰ দুৰ্গম অঞ্চলত বনকৰ্মীৰদ্বাৰা বিনামূলীয়া খাদ্য সামগ্ৰী যোগান দিয়া হৈছে।

কেৰেলাঃ আৰ্নাকুলাম জিলাৰ ৱেডাক্কেক্কাৰা গাওঁ পঞ্চায়তত জৰুৰীকালীন সঁহাৰি দিব পৰাকৈ এটা ৱেবছাইট আৰম্ভ হৈছে।

আন্দামান আৰু নিকোবৰঃ চৰকাৰে প্ৰকৃতাৰ্থত সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক বিচাৰি উলিয়াইছে। পাচলি, গেলামাল, মূৰ্গীৰ মাংস, বেকাৰী সামগ্ৰী আৰু খোৱাপানী যোগান দিয়া হৈছ। স্বেচ্ছাসেৱীসকলে দুৱাৰে দুৱাৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান দি আছে।

গোৱাঃ সোণাল গাঁৱৰ গাওঁবাসীয়ে এখন কাঠৰ জপনা লগাই দিছে যিখন তাৰ যুৱকসকলে অনবৰতে তদাৰক কৰি থাকে। গাওঁ পঞ্চায়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সুনিশ্চিত কৰিছে যাতে গাওঁবাসীয়ে বাহিৰলৈ এখোজো দিবলগা নহয়।

*****

APS/SG/PK/PRK



(Release ID: 1614581) Visitor Counter : 141