গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘লক ডাউন’ৰ সময়চোৱাত খাদ্য-সামগ্ৰীৰ বিতৰণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ পৰা খটিয়ান ল’লে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানে

দুৰ্যোগৰ এই সময়ত ক’লা-বজাৰ ৰোধ কৰাৰ লগতে খাদ্য সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক নিৰ্দেশ

১৫এপ্ৰিল, ২০২০ৰ পৰা ‘আৰএমএছ ২০২০-২১’ৰ বাবে ঘেহু সংগ্ৰহ কাৰ্য-ক্ৰমৰ শুভাৰম্ভ

प्रविष्टि तिथि: 13 APR 2020 8:22PM by PIB Guwahati

লক ডাউনৰ সময়চোৱাত যাতে কোনো পৰিস্থিতিতে কলা-বজাৰত খাদ্য-সামগ্ৰীৰ বিক্ৰীৰ দৰে ঘটনা সংঘটিত হব নোৱাৰে, সেই কথা নিশ্চিত কৰিবলৈ দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এক আলোচনা সভাত এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছৱানে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ লক ডাউনৰ সময়চোৱাত খাদ্য-সামগ্ৰীৰ বিতৰণ সম্পৰ্কীয় পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিছিল। প্ৰসংগক্ৰমে তেওঁ কোনো পৰিস্থিতিতে যাতে খাদ্য দ্ৰব্যৰ কলা ব্যৱসায় সংঘটিত হব নোৱাৰে সেই কথা নিশ্চিত কৰিবলৈ উপস্থিত মন্ত্ৰীমণ্ডলীক আহ্বান জনোৱাৰ লগতে এনে দুষ্কাৰ্যৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ৰাজ্যসমূহক ক্ষমতা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0016KEZ.jpg

ইফালে, মন্ত্ৰী পাছৱানে আগন্তুক ‘ৰবিশস্যৰ বিপণন ঋতু(আৰএমএছ) ২০২০-২১’ৰ বাবে অহা ১৫এপ্ৰিল, ২০২০ৰ পৰা ঘেহু সংগ্ৰহ কাৰ্য-ক্ৰমৰ শুভাৰম্ভ কৰিব পৰাকৈ যাৱতীয় সকলো আযোজন সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীসকলক আহ্বান জনায়। অৱশ্যে এই কাৰ্যক্ৰমৰ সকলো পৰ্যায়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বান সাৰোগত কৰি ‘সামাজিক ব্যৱধানবিধি’ৰ লগতে অন্যান্য সকলো স্বাস্থ্যবিধি মানি চলাতো বাধ্যতামূলক কৰাৰ বাবে সতৰ্ক হবলৈও তেওঁ সংশ্লিষ্টসকলোকে আহ্বান জনায়।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0022MWJ.jpg

*****

APS/PK/MS/BH/KB


(रिलीज़ आईडी: 1614259) आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Telugu , Kannada