দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে ক’ভিড-১৯ৰ পৰা ৰাষ্ট্ৰক সহায় কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ

এমএছডিই দক্ষতা পৰিবেশতন্ত্ৰৰ অধীনত ৰাজ্যসমূহৰ বাবে প্ৰশিক্ষিত কৰা হৈছে ১,৭৫,০০০ স্বাস্থ্যকৰ্মী

কোৱাৰেণ্টাইন কেন্দ্ৰ/আইচ’লেচন ৱাৰ্ডসমূহৰ বাবে ৩৩টা ক্ষেত্ৰীয় প্ৰতিষ্ঠানক সুবিধা প্ৰদান কৰিছে ৰাজ্যই

জন শিক্ষা সংস্থাসমূহে প্ৰস্তুত কৰিছে প্ৰায় ৫ লাখ মাস্ক

লডডাউনৰ সময়ছোৱাত শিক্ষানবিচসকলক সম্পূৰ্ণ ভাট্টা দিবলৈ প্ৰতিষ্ঠানসমূহক নিৰ্দেশ


লডডাউনৰ সময়ছোৱাত শিক্ষানবিচসকলক সম্পূৰ্ণ ভাট্টা দিবলৈ প্ৰতিষ্ঠানসমূহক নিৰ্দেশ

Posted On: 14 APR 2020 11:33AM by PIB Guwahati

ক’ভিড-১৯য়ে সৃষ্টি কৰা জটিলতাসমূহ হ্ৰাস কৰিবলৈ তথা বিভিন্ন ষ্টেকহ’ল্ডাৰসমূহত সকাহ প্ৰদান কৰিবলৈ দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

ক) এমএছডিইয়ে ১,৭৫,০০০ স্বাস্থ্যকৰ্মীৰ যোগাযোগ বিৱৰণ বিভিন্ন ৰাজ্যৰ মুখ্য সচিবসমূহলৈ প্ৰেৰণ কৰিছে৷ এই কৰ্মীসকল এমএছডিই দক্ষতা পৰিবেশতন্ত্ৰৰ অধীনত প্ৰশিক্ষিত হৈছে৷ এওঁলোকৰ সেৱাসমূহ ৰাজ্যসমূহে আইচ’লেচন আৰু কোৱাৰেণ্টাইনৰ কামত ব্যৱহাৰ কৰিব পাৰিব৷

খ) এমএছডিইৰ অধীনত সঞ্চালক প্ৰধানে (প্ৰশিক্ষণ) ৩১ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশিত এক জাননী অনুসৰি সকলো মুখ্য সচিবক ৩৩টা ক্ষেত্ৰীয় প্ৰতিষ্ঠান যেনে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান আদিক কোৱাৰেণ্টাইন কেন্দ্ৰ/আইচ’লেচন ৱাৰ্ড আৰু অস্থায়ী চিকিৎসা শিবিৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে৷

গ) ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ এমএছডিইয়ে জন শিক্ষণ সংস্থা (জেএছএছ)ক জিলা উপায়ুক্ত আৰু জিলা স্বাস্থ্য প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি মাস্ক প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে৷

ঘ) এনএছটিআইৰ উদ্যোগত অন্যান্য সমৰ্থনমূলক সেৱাসমূহ হ’লঃ

১) লুধিয়ানাৰ এনএছটিআইয়ে এৰ’ ব্লাষ্টাৰ মেচিন প্ৰস্তুত কৰি ইয়াক চহৰসমূহৰ ছেনিটাইজেছনৰ বাবে জিলা প্ৰাধিকৰণক প্ৰদান কৰিছে৷

২) ডআম্বেদকাৰ মেম’ৰিয়েল আইটিআইয়ে ৬টা ‘ক’ৰোনা ডিছইনফেকচন চেম্বাৰ’ প্ৰস্তুত কৰিছে৷

৩) জেহানাবাদ, বিহাৰৰ অৰুণ প্ৰতিমা পাঠক মেম’ৰিয়েল প্ৰাইভেট আইটিআইয়ে ‘পাব্লিক টানেল ছেনিটাইজাৰ মেচিন’ প্ৰস্তুত কৰিছে আৰু ইয়াত বিহাৰৰ জেহানাবাদৰ জিলা চৰকাৰী চিকিৎসালয়ত স্থাপন কৰা হৈছে৷

৪) মাস্ক, ছেনিটাইজাৰ বিতৰণ, স্থানীয় গাঁওসমূহৰ ছেনিটাইজিং, সজাগতা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷

৫) কেৰালাৰ আইটিআই কান্নুৰে জিলা প্ৰাধিকৰণক প্ৰতিষ্ঠানৰ বাহন যোগান ধৰিছে৷

ঙ) এমএছডিইয়ে সকলো বিষয়া/কৰ্মচাৰীৰ এদিনৰ দৰমহা পিএম কেয়াৰ্ছ পুঁজিলৈ বিতৰণ কৰিছে৷

চ) এমএছডিইয়ে প্ৰতিষ্ঠানসমূহক লকডাউনৰ সময়ছোৱাত শিক্ষানবিচসকলক সম্পূৰ্ণ ভাট্টা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷

ছ) মন্ত্ৰালয়ে ৮খন ৰাজ্যৰ পিএমকেভিৱাই ২০১৬-২০ আঁচনিৰ প্ৰশিক্ষণ প্ৰদানকাৰীৰ বাবে পঞ্জীয়ন তাৰিখ ৩১ মে’ ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰিছে৷

জ) আইটিআইসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতস্কিল প’ৰ্টেল, কুৱেষ্ট এপ, নিমি ভাৰ্চুৱেল শ্ৰেণীকোঠা আদি এপৰ জৰিয়তে অনলাইন পাঠ্যক্ৰম প্ৰদান, প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন এছাইনমেণ্ট প্ৰদান, হোৱাটএছএপ গ্ৰুপৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে ধাৰাবাহিক যোগাযোগ স্থাপন আদি কাৰ্যসূচীসমূহ নিৰন্তৰে অব্যাহত ৰখা হৈছে৷

*************

YB/SK/MANN



(Release ID: 1614257) Visitor Counter : 163