ৰেল মন্ত্ৰালয়

ঘৰৰ ৰান্ধনীশাল চলি থাকিবলৈ, খেতিয়কক সহযোগিতা আগবঢ়াবলৈ ৰে’ল বিভাগৰ গুৰুত্বপূৰ্ণ প্ৰয়াস

১এপ্ৰিলৰ পৰা ১২এপ্ৰিল, ২০২০লৈ ৰে’লে কঢ়িয়ালে ৩৬৭২৪টা ডবাত খাদ্য সামগ্ৰী, ৮৬১ডবাত চেনী, ১৭৫৩টা ডবাত নিমখ, ৬০৬তেল পৰিবাহী ডবাত খোৱাতেল, ১৪৩১৭টা ডবাত সাৰ


ফল, শাক-পাচলি, গাখীৰ-দুগ্ধজাত সামগ্ৰী আৰু খেতিৰ বাবে কঠীয়াৰ দৰে সহজে নষ্ট হ’ব পৰা দ্ৰব্য কঢ়িয়াবলৈ ৬৩টা অধিসূচিত পথেৰে সময় নিৰ্দ্ধাৰিত ১৭১খন ৰে’লৰ চলাচল


খাদ্য-সামগ্ৰী, চেনী, নিমখ আৰু খোৱাতেল আদিৰ দৰে সামগ্ৰী সময় মতে সংগ্ৰহ আৰু সময় মতে খেতিয়কলৈ সাৰৰ যোগান নিশ্চিত কৰাৰ বাবে ৰে’ল বিভাগৰ সৰ্বাত্মক প্ৰয়াস

পোষ্ট কৰা হৈছে: 13 APR 2020 6:50PM by PIB Guwahati

’ভিড-১৯য়ে সৃষ্টি কৰা দুৰ্যোগৰ এই মুহূৰ্তত সকলো ভাৰতীয়ৰ ঘৰৰ ৰান্ধনীশাল নিয়মীয়াকৈ চলি থাকিবলৈ আৰু খেতিয়ক ৰাইজৰ পথাৰৰ কাম-কাজ অব্যাহত ৰখাৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়াবলৈ ভাৰতীয় ৰে’লে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই অনুসৰি, যোৱা ১এপ্ৰিলৰ পৰা ১২এপ্ৰিল, ২০২০ পৰ্যন্ত ৰে’ল বিভাগে ৩৬৭২৪টা ডবাত খাদ্য সামগ্ৰী, ৮৬১টা ডবাত চেনী, ১৭৫৩টা ডবাত নিমখ, ৬০৬টা তেল পৰিবাহী ডবাত খোৱাতেল, ১৪৩১৭টা ডবা(একোটা ডবাত ৫৮ৰ পৰা ৬০টন পৰ্যন্ত সামগ্ৰী কঢ়িয়াব পাৰে)সাৰ কঢ়িয়াইছে।

আনহাতে, খাদ্য সামগ্ৰী, চেনী, নিমখ আৰু খোৱাতেল আদিৰ দৰে সামগ্ৰী সময় মতে সংগ্ৰহ কৰাৰ লগতে সময় মতে খেতিয়কলৈ সাৰৰ যোগান নিশ্চিত কৰাৰ বাবেও ৰে’ল বিভাগে সৰ্বাত্মক প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ বাবে বিভাগটোৱে ‘ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়’ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখি সমাগত খাৰিফ শস্যৰ বতৰত যাতে দেশৰ খেতিয়ক ৰাইজৰ বাবে পৰ্যাপ্ত পৰিমাণে সাৰ উপলব্ধ কৰাব পাৰি সেই কথা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে।

সবিশেষ তথ্য তালিকা দাঙি ধৰা হ’ল:

ক্ৰমিক

নং

তাৰিখ

খাদ্য

সামগ্ৰী

কঢ়িওৱা

ডবাৰ

সংখ্যা

চেনী

কঢ়িওৱা

ডবাৰ

সংখ্যা

নিমখ

কঢ়িওৱা

ডবাৰ

সংখ্যা

খোৱা

তেল

কঢ়িওৱা

ডবাৰ

সংখ্যা

সাৰ

কঢ়িওৱা

ডবাৰ

সংখ্যা

1.

01.04.2020

2343

210

-

-

761

2.

02.04.2020

2582

-

133

64

1047

3.

03.04.2020

3285

41

103

122

1123

4.

04.04.2020

3151

42

84

50

996

5.

05.04.2020

2810

42

165

42

996

6.

06.04.2020

2730

42

170

14

960

7.

07.04.2020

3211

105

168

-

1504

8.

08.04.2020

3478

84

236

50

1225

9.

09.04.2020

4061

64

41

50

1434

10.

10.04.2020

3192

63

275

69

1518

11.

11.04.2020

2973

42

168

70

1324

12.

12.04.2020

2908

126

210

75

1429

 

মুঠ

36724

861

1753

606

14317

সেইদৰে, ফল-মূল, শাক-পাচলি, গাখীৰ-দুগ্ধজাত সামগ্ৰী আৰু খেতিৰ বাবে কঠীয়াৰ দৰে সহজে নষ্ট হ’ব পৰা দ্ৰব্য-সামগ্ৰী কঢ়িয়াবলৈ ৬৩টা অধিসূচিত পথেৰে সময় নিৰ্দ্ধাৰিত ভাবে ১৭১খন ৰে’লৰ চলাচল অব্যাহত ৰাখিছে বিভাগটোৱে।

ইফালে, পাৰ্চেল বিশেষ ৰেলগাড়ীৰে দেশৰ সকলো গুৰুত্বপূৰ্ণ মহানগৰীক সামৰি সেৱা আগবঢ়োৱাৰ বাবেও বিভাগটোৱে ব্যপক ব্যৱস্থা কৰিছে। সেই অনুসৰি দিল্লী, মুম্বাই, কলকাটা, চেন্নাই, হায়দৰাবাদ আৰু বাংগালুৰুৰ মাজত ৰে’ল চলোৱাৰ প্ৰস্তুতি সমপূৰ্ণ কৰা হৈছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ বাবে গুৱাহাটীলৈ ৰে’ল চলোৱাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে। সেইদৰে ভোপাল, এলাহাবাদ, ডেৰাডুন, বাৰাণসী, আহমেদাবাদ, বডোডৰা, ৰাঁছী, গোৰক্ষপুৰ, তিৰুৱনন্তপুৰম, ছালেম, ৱাৰেংগল, বিজয়াড়া, বিশাখাপট্টনম, ৰুৰকেল্লা, বিলাসপুৰ, ভুছাৱাল, টাটানগৰ, জয়পুৰ, ঝান্সী, আগ্ৰা, নাছিক, নাগপুৰ, আকোলা, জলগাঁও, চুৰাট, পুনে, ৰাইপুৰ, পাটনা, আছানচোল, কানপুৰ, জয়পুৰ, বিকানেৰ, আজমেৰ, গোৱালিয়ৰ, মথুৰা, নেল্লোৰ, জব্বলপুৰ আদি মহানগৰীৰ মাজত এই ৰে’লসেৱা অব্যাহত আছে।

 

পাৰ্চেল বিশেষ ৰে’লগাড়ীৰ সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে:

 

indianrailways.gov.in

https://enquiry.indianrail.gov.in/mntes/q?opt=TrainRunning&subOpt=splTrnDtl

****

SG/MKV/KB


(ৰিলিজ আই ডি : 1614249) অতিথি কক্ষ : 171