গ্ৰামোন্নয়ণ মন্ত্ৰালয়

লক ডাউন’ৰ সময়চোৱাত আত্ম সহায়ক গোটসমূহৰ মহিলাসকলে পৰিচালনা কৰা সমূহীয়া ৰান্ধনীশালাসমূহৰ পৰা সমাজৰ অতি দৰিদ্ৰ আৰু সংকটজৰ্জৰসকলক খাদ্য যোগান

অত্যাৱশ্যৱকীয় সেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত দেশৰ সমগ্ৰ অঞ্চলৰ আত্ম সহায়ক গোটসমূহৰ অভিনৱ উদ্যোগ; স্বাস্থ্য-কৰ্মী, শিশু, চেমনীয়া তথা মানসিক স্বাস্থ্য আৰু পুষ্টি সংক্ৰান্তীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত আগশাৰীত থাকি সহযোগিতা মহিলা গোটৰ

Posted On: 13 APR 2020 1:11PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ দেশ জুৰি বলবত্ কৰা লকডাউনৰ ফলত বহু লোকে খাদ্য সংকটত ভুগিবলগীয়া হৈছে। মহামাৰীয়ে সৃ্ষ্টি কৰা অভুতপূৰ্ব পৰিৱেশটোত আটাইতকৈ শোচনীয় হৈছে দিন হাজিৰা কৰা শ্ৰমিক, ভ্ৰাম্যমান শ্ৰমিক, গৃহহীন লোকসকল, দৰিদ্ৰ তথা প্ৰবাসত বসবাস কৰা একাংশ লোকৰ অৱস্থা। এইসকল লোকৰ বাবে সহায়ৰ হাত আগবঢ়াই আগবাঢ়ি আহিছে আত্ম সহায়ক গোটসমূহ। একাংশ আত্ম সহায়ক গোটে আৰম্ভ কৰা সমূহীয়া ৰান্ধনীশালাসমূহৰ পৰা এইসকল লোকৰ বাবে খাদ্যৰ যোগান ধৰিছে। এই খাদ্যৰ বিনিময়ত কোনোবাই সামান্য মাননী আদায় কৰিছে যদিও বহু সময়ত এনে খাদ্য বিনামূলীয়াকৈয়ে বিতৰণৰ ব্যৱস্থা কৰা হৈছে।

প্ৰতিটো গাওঁ পঞ্চায়ততে থকা আত্ম সহায়ক গোটসমূহে স্থানীয় প্ৰশাসনৰ সহযোগত এইসমূহ সমূহীয়া ৰান্ধনীশালা অথবা দিদিৰ কেফে পৰিচালনা কৰি আহিছে। আজিৰ তাৰিখত বিহাৰ, ঝাৰখণ্ড, কেৰালা, মধ্য প্ৰদেশ আৰু ওড়িশা- এই পাঁচখন ৰাজ্যত ১০,০০০টা সমূহীয়া ৰান্ধনীশালাই সেৱা আগবঢ়াই থকাৰ কথা প্ৰসংগতে উল্লেখ কৰিব পাৰি। ৰাজ্যকেইখনৰ ৭৫খন জিলাত সিঁচৰতি হৈ থকা এইসমূহ ৰান্ধনীশালাৰ পৰা দৈনিক দুবাৰকৈ প্ৰায় ৭০,০০০ দৰিদ্ৰ আৰু দুৰ্যোগপীড়িত ব্যক্তিক খাদ্যৰ যোগান ধৰি থকা হৈছে। এনে পদক্ষেপ গ্ৰহণ কৰা অন্যান্য ৰাজ্যসমূহ হল—

কেৰালা, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ওড়িশা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ আদি। কেৰালাৰ দৰে অন্যতম সৰ্বাধিক কৰোনা-আক্ৰন্ত ৰাজ্যৰ কুডুম্বশ্ৰী নামৰ আত্ম সহায়ক গোটটোৱে স্থানীয় প্ৰশাসনৰ সহযোগত পৰিচলনা কৰা সমূহীয়া ৰান্ধনীশালা পৰা ভ্ৰাম্যমান শ্ৰমিক আৰু দাৰিদ্ৰপীড়িত পৰিয়ালৰ লোকসকলক খাদ্যৰ যোগান ধৰিছে। ইফালে ত্ৰিপুৰা চৰকাৰে দুৰ্যোগপীড়িত ৰাইজৰ সেৱাৰ বাবে চলাব খোজা সমূহীয়া ৰান্ধনীশালাসমূহ পৰিচলনাৰ দায়িত্ব অৰ্পণ কৰিছে মহিলা আত্ম সহায়ক গোটসমূহৰ ওপৰত।

অৰুণাচলৰ মহিলা আত্ম সহায়ক গোটসমূহে প্ৰশাসনলৈ অৰ্থ সাহায্য আগবঢ়োৱাৰ উপৰি কভিড-১৯ৰ সংক্ৰমণ তথা ইয়াৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লক ডাউনৰ সময়চোৱাত নিয়োজিত আৰক্ষীসকলক পুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ আৰু চাহ আদিৰেও আপ্যায়ণ কৰিছে। তেওঁলোকে আনকি বিনামূলীয়াকৈ মাস্ক চিলাই দিয়াৰ লগতে চাউল আৰু শাক-পাচলিও যোগান ধৰিছে।

সেইদৰে ওড়িশাৰ মিছন শক্তি আত্ম সহায়ক গোটৰ ৬লাখটা সদস্যগোটৰ প্ৰায় ৭০লাখ মহিলাই সংকটপীড়িতলৈ ভোজনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী, গেলামাল আদিৰ যোগানৰো ব্যৱস্থা কৰি আহিছে।

ঝাৰখণ্ডে মুকলি কৰা  মুখ্যমন্ত্ৰী দিদি কিশ্বেন(এমএমডিকে)ৰ ৪১৮৫টা গোটে দুৰ্যোগপীড়িতলৈ বিনামূলীয়া ভোজন সেৱা আগবঢ়াই আছে।

জম্মু আৰু কাশ্মীৰৰ আত্ম সহায়ক গোট শৃংখলটোৱেও বাটে-পথে আবদ্ধ হৈ পৰা ভ্ৰাম্যমান শ্ৰমিকসকলৰ সেৱাত দিনে-নিশাই ব্ৰতী হৈ আহিছে।

ইফালে, অত্যাৱশ্যৱকীয় সেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত দেশৰ সমগ্ৰ অঞ্চলৰ আত্ম সহায়ক গোটসমূহে অভিনৱ পদ্ধতিৰে স্বাস্থ্য-কৰ্মী, শিশু, চেমনীয়া তথা মানসিক স্বাস্থ্য আৰু পুষ্টি সংক্ৰান্তীয় প্ৰসংগসমূহৰ ক্ষেত্ৰতো আগশাৰীত থাকি সহযোগিতা আগবঢ়াই আহিছে।

 

 

APS/SG/PK/KB



(Release ID: 1614020) Visitor Counter : 258