বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে আই ইউ এছ এছ টিএ ফৰ দ্বাৰা ভাৰত-আমেৰিকাৰ ভাৰ্ছুৱেল নেটৱৰ্কৰ শক্তিশালীকৰণ
Posted On:
13 APR 2020 11:21AM by PIB Guwahati
ভাৰত আমেৰিকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ফ’ৰাম চমুকৈ IUSSTF এ ক’ভিড-১৯ ৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এন এক ভাৰ্ছুৱেল নেটৱৰ্ক নিৰ্মাণৰ প্ৰস্তাৱ আহ্বান কৰিছে, যাৰ মাধ্যমেৰে দুয়োখন দেশৰে বৈজ্ঞানিক আৰু অভিযন্তাসকলে নিজ দেশতে উপলব্ধ প্ৰাথমিক আন্তঃগাঁথনি আৰু বিত্তায়নৰ সুবিধাৰ সহায়ত ক’ভিড-১৯ সংক্ৰান্তীয় অনুসন্ধানৰ বাবে একত্ৰিত হৈ কাম কৰিবলৈ সক্ষম হ’ব। এই প্ৰস্তাৱ এনে হ’ব লাগিব, যিয়ে ক’ভিড-১৯ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰিবৰ বাবে উপস্থাপন কৰা অনুসন্ধান কাৰ্যত ভাৰত-আমেৰিকাৰ মাজৰ বুজাবুজিৰ লাভ আৰু ইয়াৰ মূল্য স্পষ্টৰূপত প্ৰদৰ্শন কৰিব পাৰে।
ক’ভিড-১৯ ৰ দৰে এক বৈশ্বিক প্ৰত্যাহ্বানক এনেদৰে এক বৈশ্বিক সহযোগ আৰু বুজাবুজিৰ মাজেৰেহে মোকাবিলা কৰিব পাৰি, য’ত আটাইতকৈ কুশল, প্ৰতিভাসম্পন্ন বৈজ্ঞানিক, অভিযন্তা আৰু উদ্যোগীসকলক একত্ৰিত কৰিব পৰাৰ ব্যৱস্থা থাকে, যাতে সংশ্লিষ্ট মহামাৰীৰ সংকটৰ সমাধান বিচাৰি উলিয়াব পৰা যায়, আৰু ভৱিষ্যতে আহিব পৰা প্ৰত্যাহ্বান ওফৰাবলৈ বিভিন্ন উপায়ৰ সন্ধান কৰিব পৰা যায়। IUSSTF এ নিজৰ মুখ্য উদ্দেশ্য অনুসৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ এই পদক্ষেপক উদগনি যোগাইছে।
মাৰ্চ 2000 ত ভাৰত আৰু আমেৰিকাৰ মাজত সম্পাদিত এক চুক্তি অনুসৰি স্থাপিত IUSSTF হৈছে দুয়োখন দেশৰ চৰকাৰৰ দ্বাৰা যুটীয়া পৃষ্ঠপোষকতাৰে চলা এক স্বতন্ত্ৰ দ্বিপাক্ষিক সংস্থা, যিয়ে চৰকাৰ, শিক্ষাবিদ আৰু উদ্যোগসমূহৰ মাজত থকা সম্পৰ্কৰ মাধ্যমেৰে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকতা আৰু উদ্ভাৱনীয়তাক উদগনি যোগায়। ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ কখা আমেৰিকাৰ বৈদেশিক বিভাগ হৈছে ইয়াৰ ন’জেল এজেন্সি।
ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে ক’ভিড-১৯ ৰ প্ৰকোপৰ সময়ত বিজ্ঞান, বৈশ্বিক স্তৰত প্ৰভাৱী বিস্তাৰ, যাৱতীয় অনুমোদন,সহযোগ, গতি পৰিৱৰ্তন আৰু কাৰ্যকৰী দিশ, পাৰদৰ্শিতা, দায়বদ্ধতা, সামাজিক লাভ তথা সমস্যাবোৰৰ সমাধান উলিয়াবলৈ এনে এক পদক্ষেপ হাতত লোৱা হৈছে। ইয়াৰ যোগেদি যিবোৰ প্ৰভাৱী সমাধান ওলাব, সেয়া সমগ্ৰ বিশ্বৰ বাবেই লাভজনক বিবেচিত হ’ব পাৰে।
সমগ্ৰ বিশ্বই ক’ভিড-১৯ ৰ দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত বিজ্ৎান আৰু প্ৰযুক্তিবিদ্যা সমুদায়টোৱে একত্ৰিত হৈ কাম কৰাটো খুবেই আৱশ্যকীয়। বিজ্ঞান, অভিযান্ত্ৰিকতা আৰু প্ৰযুক্তিবিদ্যাই ইয়াৰ ন ন দিশ, ন ন উপকৰণ আৰু বিভিন্ন প্ৰণালীৰ বিকাশৰ মাধ্যমেৰে সমাধান উলিওৱাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে। দেশ আৰু সংগঠনবোৰৰ পাৰস্পৰিক সহযোগিতাৰে বিজ্ঞান-প্ৰযুক্তি সমুদায়টোৱে ইটোৱে সিটোৰ বিশেষত্বৰ লাভ আহৰণ কৰিবও পাৰে, যিয়ে ক’ভিড-১৯ ৰ দৰে মহামাৰীৰ প্ৰত্যাহ্বান ওফৰাবৰ বাবে অনবদ্য কাম কৰিব পাৰে।

[সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি ভিজিট কৰক https://www.iusstf.org/
যোগাযোগৰ সবিশেষ – ডাঃ নন্দিনী কান্নান, ইডি,IUSSTF
ইমেইল: nandini.kannan@indousstf.org
মোবাইল: +91-9717957003]
****
KGS/(DST)/RD
(Release ID: 1614010)
Read this release in:
Punjabi
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam